সাক্ষী দিয়াৰ কথা


শ্বাহাদত আৰবী শব্দ, যাৰ অৰ্থ হল সাক্ষী দিয়া । অৰ্থা  সাক্ষী দিয়া হয় যে আল্লাহ এক আৰু মুহাম্মদ (ছাঃ)তাৰ ৰাছুল,

কলিমা ইছলাম ধৰ্মৰ বুনিয়াদ, যাৰ ওপৰ ইছলাম ধৰ্মৰ আকায়দ আৰু আমল প্ৰতিষ্টিত।

এই কলিমায়ে শ্বাহাদত দুটা ভাগত ভাগ কৰা হয় ।

১. আল্লাহক এক জনা (কলিমায়ে তওহীদ)।

২. মুহাম্মদ (ছাঃ)ক আল্লাহৰ ৰাছুল জনা (কলিমায়ে ৰিছালত)।

 

সূচীপত্ৰ

 

শ্বাহাদতৰ শব্দ সমূহ

কলিমায়ে শ্বাহাদত (সাক্ষী দিয়া)ইছলাম ধৰ্মৰ প্ৰথম ভেটী, (বুখাৰীঃ৮) কলিমায়ে শ্বাহাদত দুটা ভাগত ভাগ কৰা হয়, যাক শ্বাহাদাতাইন বুলি কোৱা হয়, আচলতে দুটা সাক্ষী দিয়া ।

 

প্ৰথম সাক্ষী

اشهد أن لاإله إلااللهমই সাক্ষী দিও যে উপাহনা কৰাৰ হক্ব, একমাত্ৰ আল্লাহৰ বাহিৰে কোনো একো উপাস্য নাই ।

 

দ্বিতীয় সাক্ষীঃ- واشهد أن محمدا عبده ورسولهআৰু মই সাক্ষী দিও যে মুহাম্মদ ছাঃ আল্লাহৰ বান্ধা ও ৰাছুল ।

 

সাক্ষীৰ প্ৰথম অংশঃ- لاإله إلاالله(লা-ইলাহা ইল্লাল্লাহু)ৰ ভেটীসমূহ, আল্লাহক এক বুলি অন্তৰৰে বিশ্বাস কৰা ।

 

লা ইলাহা ইল্লাল্লাহু (لاإله إلاالله )মানি লব লগিয়া ৮ টা স্বৰ্ত

যিটো প্ৰত্যেক মুছলমানৰ জনা উচিত ।

     ১. ইলম(জ্ঞান)ৰ দ্ধাৰা বিশ্বাস কৰি লোৱা ।

     ২. ইয়াকীনঃ-(অন্তৰৰ বিশ্বাস) এনেকোৱা বিশ্বাস যিটো অন্তৰৰে কৰা হয় ।

     ৩. ইখলাচঃ- অন্তৰৰ বিশ্বাসত ইখলাচ হব লাগিব ।

     ৪. সত্যতাঃ- এই কলিমা কোঁৱাত সত্যাবাদী হব লাগিব ।

     ৫. মোহাব্বতঃ- এই কলিমা আৰু কলিমাক অনুহৰণ কৰা ব্যক্তি সকলক ভাল পোৱা, আৰু কলিমা অমান্য কৰা লোকসকলক ঘৃণা কৰা ।

     ৬. ইনকীয়াদঃ- কলিমা আৰু তাৰ অনুসৰন মানি লোৱা ।

     ৭. গ্ৰহণ কৰাঃ- এই কলিমা যি আদেশ দিয়ে সেইটো অন্তৰে গ্ৰহণ আৰু মূখেৰে প্ৰকাশ কৰি লোৱা।

     ৮. তাগুত (ডাঙৰ পাপ)ৰ পৰা দূৰত থকাঃ- আল্লাহৰ বাহিৰে সকোলোবোৰ উপাস্যক বাতিল আৰু অবিশ্বাস কৰা আৰু দূৰত আতৰইৰখা ।

 

সাক্ষীৰ দ্বিতীয় অংশ

محمد رسول الله এই কথাত বিশ্বাস কৰা যে মুহাম্মদ ছাঃ আল্লাহৰ প্ৰেৰণ কৰা শেষ ৰাছুল, আৰু যিটো মুহাম্মদ ছাঃ নীতি নিয়মৰ আদেশ দিছে সেইটো উপাহনাৰ একমাত্ৰ যোগ্যতা ।

 

এই সাক্ষীৰ অৰ্থ

 ১. যিটো মুহাম্মদ ছাঃ আদেশ দিছে সেইটো মানি লোৱা।

২. যিটো মুহাম্মদ ছাঃ আদেশ দিয়া নাই সেইটোৰ পৰা দূৰত থকা।

৩. মুহাম্মদ (ছাঃ)ৰ নীতি নিয়ম অনুযায়ী, আল্লাহু তালাৰ উপাহনা কৰা ।

৪. মুহাম্মদ(ছাঃ)ৰ কথাবোৰ বিশ্বাস আৰু ইমান অনা ।

 

আৰু চোৱা

আল্লাহ, মুহাম্মদ ৰাছুলুল্লাহ ছাঃ, আৰকানে ইছলাম, শ্বুৰোতে লা-ইলাহা ইল্লাল্লাহু, ইবাদত ইত্যাদি।

 

হাৱালা সমূহ

শ্বৰাহ ওচুলুল ইমান, শ্বেয়ক মুহাম্মদ বিন ছলেহ আল ওছাইমীন ।

1119 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page