যাকাত


যাকাত ইছলাম ধৰ্মৰ তৃতীয় ভেটী ।

যাকাত আল্লাহুৰ আৰু বান্ধাৰ হক্বৰ মাজেদি আছে ।

যাকাত উপাহনা আৰু ধনৰ হক্ব ।

যাকাত ইছলামী অৰ্থনৈতীকৰ এটী অংশ ।

 

সূচীপত্ৰ

 

যাকাতৰ লিখিত অৰ্থ

যাকাতৰ লিখিত অৰ্থ হল বেছি, লালন পালন, পাক হোৱা (আলকামুছুল মুহীত্ব)

 

যাকাতৰ শ্বৰিয়াতী অৰ্থ

নিৰিক ধনৰ পৰা এক নিদ্ৰিষ্ট ধনৰ অংশ আল্লাহৰ ৰাস্তাত দান দিয়া তাক যাকাত বুলি কোৱা হয়।

 

যাকাত এনেকোৱা এটা বস্তু যিটো ধনৰ ওপৰত ৱাজিব হয় আৰু দুখিয়া দুখিয়া লোকসকলক দিয়া হয় (আলফিকহুল ইছলামী ৱা আদিল্লাতুহু)

 

কোৰান

কোৰান মজীদত ৮২ বাৰ নামাযৰ বিষয়ৰ লগত  যাকাতৰ কথা গুৰত্ব হিচাপে  উল্ল্যখ হৈছে। যেনেঃ- “নামায কায়েম ৰাখা আৰু যাকাত আদায় কৰা”।(মুঝঝাম্মিল-২০)

 

“সিহঁতৰ ধন-সমপত্তিৰ পৰা দান গ্ৰহণ কৰা, ইয়াৰ দ্ধাৰা তুমি সিহতক পৱিত্ৰ কৰিবা আৰু সিহঁতক পৰিশোধিত কৰিব পাৰিবা, অৰু সিহঁতক আশীৰ্বাদ কৰিবা । নিসন্দেহে তোমাৰ অশীৰ্বাদ সিহঁতৰ কাৰণে প্ৰশান্তিকৰ। আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞাতা”।(আত তাওবাহ-১০৩)

 

হাদীছ

নবী কৰিম ছাঃ কৈছে যে ইছলাম ধৰ্মৰ বুনিয়াদ পাচঁ টা বস্তুত আছে.

১। সাক্ষী দিয়া যে, আল্লাহৰ বাহিৰে কোনো উপাস্য নাই আৰু মহাম্মদ ছাঃ আল্লাহৰ বান্ধা ও ৰছুল ২। নামায আদায় কৰা ৩। যাকাত আদায় দিয়া ৪।হজ কৰা ৫। ৰমজান মাহৰ ৰোজা ৰখা ।

 

নবী কৰিম ছঃ মাজ বিন জাবাল ৰাঃ ক যেতিয়া ইয়ামান চহৰত পঠিয়ালে তেতিয়া কৈছিল তুমি তেওঁলোকক সৰ্বপ্ৰথম কলিমা শ্বাহাদতৰ আদেশ দিবা, যে আল্লাহৰ বাহিৰে কোনো উপাস্য নাই আৰু মহাম্মদ ছাঃ আল্লাহৰ বান্ধা ও ৰছুল, যদি তেওঁলোকে এই কথাটো মানি লয় তেন্তে তাৰ পিছত সিহতক কবা যে, দিন ৰাতি পাচঁ ৱাক্ত নামায আৰু বছৰত এবাৰ ৰমজান মাহৰ ৰোজা ৰখা ফৰজ ।যদি এইটোও মানি লয় শেষত কবা যে তোমালোকৰ ধনী মানুহৰ ওপৰত যাকাত ফৰজ কৰিছে যিটো দুখিয়া মানুহক দিব লাগে। (বুখাৰী)

 

যাকাত ফৰজ হোৱাৰ শ্বৰ্ত

নিৰিখ ধনত শ্বৰীয়তৰ হুকুম সংযুক্ত হব লাগিব।

                  নিৰিখ ধনত এ বছৰ হব লাগিব।

 

যাকাত উদ্দেশ্যঃ- যাকাতে ধনটোক এজন মানুহৰ ওচৰত জমা ৰখা নেচায় ।

          যাকাতখিনি দুখিয়া মানুহক আদায় দিব লাগে ।

          যাকাতে মানুহৰ দুখ দৰদ দূৰ কৰে

          যাকাতে মানুহৰ অন্তৰ পবিত্ৰ ৰাখে।

 

যাকাতৰ হক্বদাৰ

“যাকাতৰ দানতো কেৱল অক্ষমবিলাকৰ কাৰণে, আৰু নিঃকিনবিলাকৰ, আৰু ইয়াৰ নিমিত্তে নিযুক্ত কৰ্মচাৰীবিলাকৰ, আৰু যিবিলাকৰ হৃদয় আকৃষ্ট কৰা হয় তেওঁলোকৰ বাবে, আৰু দাস মক্তিৰ বাবত, আৰু ঋনগ্ৰস্তবিলাকৰ, আৰু আল্লাহৰ পথতে যাৱতীয় ভালকামত, আৰু পথযাত্ৰী বিলাকৰ কাৰণে,--আল্লাহৰ তৰফৰ পৰা এই বিধান । আৰু আল্লাহ সৰ্বজ্ঞাতা, পৰমজ্ঞানী”।(আত তওবাহঃ-৬০)

 

যাকাত নিদিয়া মানুহৰ শাস্তি

“হে ঈমানদাৰ বেক্তি সকল !নিসন্দেহে (ইহুদী)পণ্ডিতসকলৰ আৰু (খ্ৰীষটান) সন্ন্যাসীসকলৰ মাজৰ অনেকেই লোকৰ ধন-সমপত্তি অন্যায়ভাৱে গ্ৰাস কৰে, আৰু আল্লাহৰ পথৰ পৰা ফিৰাই ৰাখে। বস্তুতঃ যিবিলাকে সোণ আৰু ৰূপ সাঁচি থয় অথচ সেইটো আল্লাহৰ পথত খৰচ নকৰে, সিহঁতক তেনেহলে সংবাদ দিয়ৈ মৰ্মন্তুদ শাস্তিৰ”-­­(আত তওবাহঃ-৩৪)

 

“যিদিনা এইবোৰ উত্তপ্ত কৰা হব জাহান্নামি জুইত, তাৰ পাচত সেইবিলাকেৰে দাগ দিয়া হব সিহঁতৰ কপালত আৰু সিহঁতৰ পাৰ্শ্বদেশত আৰু সিহঁতৰ পিঠিত।এইটোৱেই তাকে যি তোমালোকে গোটাই থৈছিলা, এতেকে সোৱাদ লোৱা যি তোমালোকে গোটাই থৈছিলা”।(আত তওবাহঃ-৩৫)

 

নবী কৰিম ছাঃ কৈছে যে, “আল্লাহু তালাহ যাক ধন সমপত্তি দিছে তেওঁ যদি দান নকৰে তেনেহলে পৰকালত তাৰ ধন সমপত্তি বিষক্ত সাপ হৈ তাক তোৰ ধন বুলি মাতি আগাত কৰিব”।

 

যাকাতৰ উপকাৰ

১. ফকিৰ ও দুখিয়া মানুহৰ কষ্ট দূৰ হয়।

২. সমাজত ধনী আৰু দুখিয়া মানুহৰ লগত আন্তৰিক সৃষ্টি হয়।

৩. মানুহৰ ধন আৰু অন্তৰ পাক হয়।

৪. মানুহৰ অন্তৰত ভাল চৰিত্ৰ সৃষ্টি হয়।

৫. আল্লাহৰ ওচৰ চাপি আনে আৰু ঈমান বেছি কৰি দিয়ে।

৬. যাকাত আদায় দিয়াৰ কাৰণে মানুহৰ পাপ মুক্ত হয়।

৭. যাকাতৰ কাৰণে সমাজত বেয়া কাম দূৰ হয়।

৮. যাকাতৰ দ্ধাৰা আল্লাহৰ শুকৰীয়া আদায় হয়।

 

আৰু চোৱা

আৰকানে ইছলাম, আৰকানে ঈমান, ইবাদত, ছদকাহ, নিচাবে যাকাত ইত্যাদি।

 

হাৱালা সমূহ

ফুচোলুল ফিচ ছিয়াম ৱাত তাৰাৱিহ ৱায যাকাতঃ-মোহাম্মদ বিন ওচাইমিন

1415 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Arif Hussain There are lots of spelling mistakes in assamese article...what's the procedure to correct them?

4/30/15 3:24 PM

Top of page