নামায নামায ইছলাম ধৰ্মৰ দিত্বীয় গুৰত্ব পূৰ্ণ ভেটী যিটো দিন ৰাতি পাচঁ বাৰ পাচঁ ওৱাক্ত ফৰজ । নামায আল্লাহু তালাহ আৰু বান্ধাৰ মাজত এটা দোৱাৰ জৰিয়া, ইছলাম ধৰ্মত নামায বহুত দৰকাৰী বেটী । এই আমল সমূহ সকলো ইবাদতৰ একমাত্ৰ উ কৃষ্ট ইবাদত। যিটো আৰবী ভাষাত আদায় হয়। নামাজৰ লিখিত অৰ্থ নামাযটো হল ফৰজ উপাসনা, যিটো এজন মুছলমান ব্যক্তি দিন ৰাতি পাচঁ বাৰ এক সঠিক পদ্ধতিৰে আদায় কৰে। আৰু এইটো আৰবী ভাষাৰ শব্দ, যাৰ অৰ্থ হল দোৱা। নামাযৰ স্বাৰী-ঈ অৰ্থ নামাযটো হল ফৰজ উপাসনা, যিটো জানি বুজি কথা আৰু কামৰ দ্ধাৰা আদায় হয়। যাৰ আৰাম্বনি তকবিৰে আৰু শেষ তাছলিমেৰে হয়। কোৰআন কোৰআন মাজীদত প্ৰায় সাত শত কৈ অধিক নামাযৰ উল্লেখ হৈছে।যেনে আল্লাহু তালাহ কয় “যে (হে মুহাম্মাদ ছাঃ)তুমি পাঠ কৰা ধৰ্মগ্ৰন্থৰ পৰা যি তোমাৰ ওচৰত প্ৰত্যাদিষ্ট হৈছে আৰু নামায কায়েম কৰা। বাস্তনতে নামাযে অশালীনতা অৰু অন্যায় আচৰণৰ পৰা বিৰত ৰাখে। আৰু আল্লাহৰ স্মৰণেই তো সৰ্বেত্তম। আৰু আল্লাহে জানে তোমালোকে যি কৰা”। আৰু কৈছে যে “সেই কাৰণে ((হে মুহাম্মাদ ছাঃ)অধ্যৱসায় অৱলম্বন কৰা সিহঁতে যি কয় তাত আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ দ্বাৰা মহিমা কীৰ্তন কৰা সূৰ্য উঠাৰ আগতে আৰু তাৰ অস্ত যোৱাৰ আদতে, আৰু ৰাতিৰ এভাগতো তেন্তে জপ-তপ কৰা আৰু দিনৰ এপ্ৰান্ততো, যেন তুমি সন্ত্তষ্টি লাভ কৰিব পৰা”। হাদীছ নবী কৰিম (ছাল্লাল্লাহু আলাইহি ৱাছল্লাম)কৈছে যে, “পাচঁ ওৱাক্ত ফৰজ নামায, দুই জুমাৰ মাজত সৰু পাপ সমূহ মুক্তৰ জৰিয়া কিন্তু ডাঙৰ পাপ যদি নে হয়”। আৰু নবী কৰিম (ছাঃ) কৈছে যে, “মুছলমান আৰু অমুছলমানৰ মাজত এটাই পাৰ্থক্য, সেইটো হল নামায। আৰু যিয়ে নামায এৰি দিয়ে সি কাফিৰৰ অন্তৰ্ভূক্ত হয়”। নামাযৰ গুৰত্ব নামায ইছলাম ধৰ্মৰ এটা আচল ভেটী যি আমলৰ মাজত একমাত্ৰ উতকৃষ্ট, এইটো মমিন সকলৰ অন্তৰত শান্তি দিয়ে । আৰু মুছলমানক আল্লাহৰ প্ৰিয় বনাই । যি মুছলমান নামায আদায় নকৰে তেওঁ প্ৰকৃত মুছলমান হব নোৱাৰে। কাৰণ মুছলমান আৰু অমুছলমানৰ মাজত খালী নমাযৰ পাৰ্থক্য,অথচ বিচাৰৰ দিনত সৰ্ব প্ৰথম নামাযৰ বিষয় প্ৰশ্ন সুদিব। নামাযৰ স্বৰ্ত ১) ইছলাম ২) জ্ঞান ৩) প্ৰাৰ্থক্য কৰাৰ বয়স ৪) নিৰ্দ্বাৰিত নামাযৰ সময় হোৱা ৫) ছতৰ ডাকা ৬) পেচাব পায়খানাৰ পৰা পবিত্ৰতা হোৱা ৭) বায়ু আৰু হাদাছে আকবৰৰ পৰা পবিত্ৰতা হোৱা ৮) কেব্লা মূখি হোৱা ৯) নিয়ত কৰা । নামাযৰ ভেটীসমূহ নমায জনা অজনা কেতিয়াবা মাফ নহয় অথচ নামায আদায় কৰিবই লাগিব। নামাযৰ বেটীবোৰ চৈধ্যটা (১) ফৰজ নামাযত থিয় হোৱাৰ সমৰ্থ থাকিলে থিয় হৈ নামায পঢ়িব লাগিব (২) তকবিৰে তাহৰিমা অৰ্থাত আল্লাহু আকবৰ কোৱা (৩) ছুৰা ফাতেহা পাঠ কৰা (৪) ৰুকু কৰা (৫) ৰুকুৰ পৰা উটা (৬) ৰুকুৰ পৰা উঠি পোন হৈ থিয় হোৱা (৭) ছিজদা কৰা (৮) ছিজদাৰ পৰা উটা (৯) দুই ছিজদাৰ মাজত বহা (১০) সম্পূৰ্ন নামায সুস্থিৰ হিচাপে অৰ্থাত শান্তি বাবে আদায় কৰা (১১) শেষ বৈঠকত তাস্বাহুদ পঢ়া (১২) শেষ বৈঠকত ছালামৰ সৈতে নামায শেষ কৰা (১৩) দুয়ো ফালে ছালাম ফিৰুৱা (১৪) ওপৰৰ ভেটীবোৰ তৰতীব(serial) অনুযায়ী নামায আদায় কৰা নামাযত কৰিবলগিয়া কাম সমূহ নামাযত আঠটা কৰিবলগিয়া কাম আছে (১) “তকবীৰে তাহৰিমা” সৈতে বেলেগ তকবীৰ কৰা (২) ইমাম আৰু কোনোবাই যদি অকলে নামায আদায় কৰে সেই সময়ত “ছামিয়াল্লাহু লিমান হামিদা” কোৱা (৩) “ৰাব্বানা লাকাল হাম্দ” কোৱা (৪) ৰুকুত “ছুবহানা ৰাব্বিয়াল আজীম” কোৱা (৫) ছিজদাত “ছুবহানা ৰাব্বিয়াল আলা” কোৱা (৬) দুই ছিজদাৰ মাজত “ৰাব্বিগফিৰলী” কোৱা (৭) প্ৰথম তাস্বাহুদ পঢ়া (৮) দ্বিতিয় তাস্বাহুদ পঢ়া। আৰু দেখক আৰু দেখক ইছলামৰ ভেটী ,আকীদাহ(অন্তৰত বিশ্বাস কৰিবলগিয়া কথা),তওহীদ, নামাযত দিয়ান, উপসানা ইত্যাদি । হাৱালা সমূহ হাৱালাজাত (কিতাব শ্বুৰুতুচ্ছালাহ ৱা আৰকানিহা ৱা ৱাজিবাতিহা) লেখক শ্বেইখুল ইছলাম মোহাম্মদ বিন আব্দুল ৱাহাব । |