গাহৰি ইছলাম ধৰ্মত কিয় হাৰাম?


মুছলমান সকলৰ বাবে আল্লাহৰ আহকাম মানি লোৱা কৰ্ত্তব্য আৰু যিবোৰ বস্তুৰ পৰা দূৰত থাকিবলৈ কয় সেইবিলাকৰ পৰা আতঁৰত থকা, যিহেতো আল্লাহৰ হুকোমত উদ্দেশ্য (হিকমত) বুজি পাওঁ বা নাপাওঁ, আৰু মুছলমানৰ কাৰণে আল্লাহৰ হুকোম অমান্য কৰা জায়েজ নহয়, যেতিয়া কোৰআন ও হাদীছত প্ৰকাশ হয় হাৰাম কিম্বা হালাল বুলি, তেতিয়া তাৰ তাৰতম্য বুজি পাওঁ বা নাপাওঁ মানি লব লাগিব।

 

যেনে আল্লাহ তালাই কয় যে-

 

(وَمَا كَانَ لِمُؤْمِنٍ وَلَا مُؤْمِنَةٍ إِذَا قَضَى اللَّهُ وَرَسُولُهُ أَمْرًا أَنْ يَكُونَ لَهُمُ الْخِيَرَةُ مِنْ أَمْرِهِمْ وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ فَقَدْ ضَلَّ ضَلَالًا مُبِينًا) (36)

“আৰু এজন মুমিনৰ পক্ষে উচিত নহয় নাইবা এজন মুমিন নাৰীৰো নহয় যে যেতিয়া আল্লাহ আৰু তেওঁৰ ৰাছূলে কোনো বিষয়ত সিদ্ধান্ত লৈছে তেতিয়া তেওঁলোকৰ সেই বিষয়ত তেওঁলোকৰ মতামত থাকে আৰু যিয়ে আল্লাহক আৰু তেওঁৰ ৰাছূলক অমান্য কৰে সি তেন্তে নিশ্চয় বিপথে গৈছে সূস্পষ্ট বিপথ গমনেৰে”(আহজাবঃ-৩৬)।

 

আৰু এক জাগাত আছে যে-

إِلَّا الَّذِينَ تَابُوا مِنْ بَعْدِ ذَلِكَ وَأَصْلَحُوا فَإِنَّ اللَّهَ غَفُورٌ رَحِيمٌ (5)

“সিহঁত ব্যতীত যিবোৰে ইয়াৰ পাচত তৌবা কৰে আৰু শুধৰাই লয়, কিয়নো আল্লাহ নিশ্চয় পৰিত্ৰাণকাৰী, অফুৰন্ত ফলদাতা”(আন নূৰঃ-৫)

 

সূচীপত্ৰ

 

কোৰআন

আল্লাহ তালাই কয় যে-

إِنَّمَا حَرَّمَ عَلَيْكُمُ الْمَيْتَةَ وَالدَّمَ وَلَحْمَ الْخِنْزِيرِ وَمَا أُهِلَّ بِهِ لِغَيْرِ اللَّهِ فَمَنِ اضْطُرَّ غَيْرَ بَاغٍ وَلَا عَادٍ فَلَا إِثْمَ عَلَيْهِ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ (173)

 “তেওঁ তোমালোকৰ নিমিত্তে নিষেধ কৰিছে কেৱল মৰাশ, আৰু তেজ, আৰু গাহৰিৰ মাংস, আৰু যাৰ ওপৰত আল্লাহক এৰি অন্য নাম লোৱা হৈছে কিন্তু যিয়ে হেঁচাত পৰিছে অবাধ্য হোৱা নাই বা মাত্ৰা পাৰ হোৱা নাই তেন্তে তাৰ ওপৰত কোনো পাপ নহ’ব নিশ্চয় আল্লাহ ত্ৰানকৰ্তা, অফুৰন্ত ফলদাতা”(আল-বাকাৰাহঃ-১৭৩)

 

حُرِّمَتْ عَلَيْكُمُ الْمَيْتَةُ وَالدَّمُ وَلَحْمُ الْخِنْزِيرِ وَمَا أُهِلَّ لِغَيْرِ اللَّهِ بِهِ وَالْمُنْخَنِقَةُ وَالْمَوْقُوذَةُ وَالْمُتَرَدِّيَةُ وَالنَّطِيحَةُ وَمَا أَكَلَ السَّبُعُ إِلَّا مَا ذَكَّيْتُمْ وَمَا ذُبِحَ عَلَى النُّصُبِ وَأَنْ تَسْتَقْسِمُوا بِالْأَزْلَامِ ذَلِكُمْ فِسْقٌ الْيَوْمَ يَئِسَ الَّذِينَ كَفَرُوا مِنْ دِينِكُمْ فَلَا تَخْشَوْهُمْ وَاخْشَوْنِ الْيَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الْإِسْلَامَ دِينًا فَمَنِ اضْطُرَّ فِي مَخْمَصَةٍ غَيْرَ مُتَجَانِفٍ لِإِثْمٍ فَإِنَّ اللَّهَ غَفُورٌ رَحِيمٌ (3)

আৰু কৈছে যে-“তোমালোকৰ নিমিত্তে অবৈধ (খাদ্য) হৈছে মৃত-জন্তু, আৰু ৰক্ত, আৰু গাহৰিৰ মাংস আৰু যিটো যবেহ কৰা হৈছে আল্লাহৰ বাহিৰে অন্য নাম লৈ, আৰু গল(ডিঙি) মুচৰি মৰা জন্তু , আৰু যাক কোবাই মৰা হয়, আৰু যাক আছাৰ মাৰি মৰা হয়, আৰু যিটোক খুঁচি মৰা হৈছে, আৰু যিটোক বনৰীয়া জন্তৱে খাইছে---তোমালোকে যিটোক বৈধ কৰিছা সেইটো ব্যতীত, আৰু যিটোক বেদীত বলি দিয়া হৈছে, আৰু যিটো তোমালোকে ভাগাভাগি কৰিছা কাঁড় খেলি, এই সকলোবোৰ পাপাচাৰ । যিবিলাকে অবিশ্বাস পোষণ কৰে সিহঁতে আজি তোমালোকৰ ধৰ্মসম্বদ্ধে নিৰাশ হৈছে গতিকে সিহঁতক ভয় নকৰিবা, বৰঞ্চ ভয় কৰিবা মোকেই । আজিৰ দিনা মই তোমালোকৰ নিমিত্তে তোমালোকৰ ধৰ্মব্যৱস্থা পূৰ্ণাঙ্গ কৰিলো, আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো, আৰু তোমালোকৰ কাৰণে ইছলামকেই ধৰ্মৰূপে মনোনীত কৰিলো। এতেকে যি কোনোবাই ক্ষুধাৰ তাড়নাত বাধ্য হয় পাপৰ ফালে আকৃষ্ট নহৈ—তেন্তে প্ৰকৃততে আল্লাহ হৈছে পৰিত্ৰাণকাৰী, অফুৰন্ত ফলদাতা”(আল-মাঈদাহঃ-৩)।আৰু কৈছে যে-

 

إِنَّمَا حَرَّمَ عَلَيْكُمُ الْمَيْتَةَ وَالدَّمَ وَلَحْمَ الْخِنْزِيرِ وَمَا أُهِلَّ لِغَيْرِ اللَّهِ بِهِ فَمَنِ اضْطُرَّ غَيْرَ بَاغٍ وَلَا عَادٍ فَإِنَّ اللَّهَ غَفُورٌ رَحِيمٌ (115)

“নিশ্চয় তেওঁ তোমালোকৰ কাৰণে অবৈধ কৰিছে যি মৰি গৈছে, আৰু তেজ, আৰু গাহৰিৰ মাংস আৰু যি যবেহ কৰা হৈছে তাৰ ওপৰত আল্লাহৰ বাহিৰে অইনৰ নামত, কিন্তু যি কোনোবা হেঁচাত পৰিছে অবাধ্য নহৈ বা মাত্ৰা নেৰি, তেন্তে আল্লাহ অৱশ্যে পৰিত্ৰাকাৰী, অফুৰন্ত ফলদাতা”(আন-নাহালঃ-১১৫)।

 

الحديث:عَنْ جَابِرِ بْنِ عَبْدِ اللهِ ، رَضِيَ اللَّهُ عَنْهُمَا أَنَّهُ سَمِعَ رَسُولَ اللهِ صلى الله عليه وسلم يَقُولُ : عَامَ الْفَتْحِ وَهُوَ بِمَكَّةَ إِنَّ اللَّهَ وَرَسُولَهُ حَرَّمَ بَيْعَ الْخَمْرِ وَالْمَيْتَةِ وَالْخِنْزِيرِ وَالأَصْنَامِ فَقِيلَ يَا رَسُولَ اللهِ أَرَأَيْتَ شُحُومَ الْمَيْتَةِ فَإِنَّهَا يُطْلَى بِهَا السُّفُنُ وَيُدْهَنُ بِهَا الْجُلُودُ وَيَسْتَصْبِحُ بِهَا النَّاسُ فَقَالَ : لاََ هُوَ حَرَامٌ ثُمَّ قَالَ رَسُولُ اللهِ صلى الله عليه وسلم : عِنْدَ ذَلِكَ قَاتَلَ اللَّهُ الْيَهُودَ إِنَّ اللَّهَ لَمَّا حَرَّمَ شُحُومَهَا جَمَلُوهُ ثُمَّ بَاعُوهُ فَأَكَلُوا ثَمَنَه.

 

হাদীছ

জাবিৰ বিন আব্দুল্লাহ (ৰাঃ)-ৰ পৰা বৰ্ণিত যে ৰাছুলুল্লাহ (ছাঃ) ফাতাহ মক্কাৰ দিন কৈছিল- মদ, মৰা, গাহৰি আৰু মূৰ্তি বিক্ৰি কৰা হাৰাম। তেতিয়া মানুহে ৰাছুলুল্লাহ (ছাঃ)-ক সুধিছিল মৰা বস্তুৰ পৰা তেলৰ বিষয়ে কি কয়, যিটো আমি নাও আৰু ছালত বৱ্যহাৰ কৰো। আৰু চাকিত বৱ্যহাৰ কৰো। সেই সময়ত ৰাছুলুল্লাহ কৈছিল। ইহুদী ধংস হওক কাৰণ তেওঁলোকে হাৰাম কৰা তেলক গলাই নিজৰ কামত ব্যৱহাৰ কৰিছে।(বুখাৰী, মুছলিম)

 

গাহৰিৰ মাংস হাৰাম

ইছলাম ধৰ্মত গাহৰিৰ মাংস হাৰাম কৰিছে-

যেনে আল্লাহ তালাই কয় যে-“তেওঁ তোমালোকৰ নিমিত্তে নিষেধ কৰিছে কেৱল মৰাশ আৰু তেজ, আৰু গাহৰিৰ মাংস, আৰু যাৰ ওপৰত (যবেহ কৰোঁতে ) আল্লাহক এৰি অন্য নাম লোৱা হৈছে”।(আল-বাকাৰাহঃ-১৭৩) আৰু এক বেলেগ জাগাত আছে যে-“তোমালোকৰ নিমিত্তে অবৈধ (খাদ্য) হৈছে মৃত-জন্তু, আৰু ৰক্ত, আৰু গাহৰিৰ মাংস আৰু যিটো যবেহ কৰা হৈছে আল্লাহৰ বাহিৰে অন্য নাম লৈ, আৰু গল (ডিঙি) মুচৰি মৰা জন্তু , আৰু যাক কোবাই মৰা হয়, আৰু যাক আছাৰ মাৰি মৰা হয়, আৰু যিটোক খুঁচি মৰা হৈছে, আৰু যিটোক বনৰীয়া জন্তৱে খাইছে---তোমালোকে যিটোক বৈধ কৰিছা সেইটো ব্যতীত, আৰু যিটোক বেদীত বলি দিয়া হৈছে, আৰু যিটো তোমালোকে ভাগাভাগি কৰিছা কাঁড় খেলি, এই সকলোবোৰ পাপাচাৰ”।(আল-মাঈদাহঃ-৩) মুছলমান সকলৰ বাবে কোনো পদ্ধেই গাহৰি খোৱা হালাল নহয়। কিন্তু মানুহে যদি জীয়াই থাকিবলৈ কোনো বস্তু নাই গাহৰিৰ বাহিৰে আৰু নিজৰ আত্মা ৰক্ষা কৰিবলৈ কোনো সময়ত ইছলামী নীতি হিচাপে (দৰকাৰত হাৰাম বস্তু হালাল হয়) খাব পাৰিব।

 

ঈমাম নৱৱী ৰাহিমাহুল্লাহ আৰু ঈমাম ইবনে ৰুশ্বদ কয় যে-‘সকলো মুলমান গাহৰি হাৰামত এক মত তাৰ মাংস, তেল, ৰক্ত আৰু গোটেইখিনি বস্তু হাৰাম’(শ্বৰহু চহীহ মুছলিম)

 

গাহৰিৰ মাংস হাৰাম হোৱাৰ কাৰণ

لَحْمَ خِنْزِيرٍ فَإِنَّهُ رِجْسٌ أَوْ فِسْقًا

সেইটো নিসন্দেহে অশুচি”(আন-আনামঃ-১৪৬) আৰু এক জাগাত আছে যে-

وَيُحَرِّمُ عَلَيْهِمُ الْخَبَائِثَ وَيَضَعُ عَنْهُمْ إِصْرَهُمْ وَالْأَغْلَالَ الَّتِي كَانَتْ عَلَيْهِم

আৰু সিহঁতৰ নিমিত্তে বৈধ কৰে ভাল বিষয়বস্তু আৰু সিহঁতৰ কাৰণে নিষেধ কৰে (আৰাফঃ-১৫৭)

 

এই আয়াতত খাৱাইচ আৰু বেয়া বস্তুৰ বিষয়ে কোৱা হৈছে যে যিকোনো বেয়া বস্তু মানুহৰ স্বাস্থ্যৰ বাবে বা তাৰ ধন আৰু চৰিত্ৰৰ বাবে লোকচান হয় অথচ যিকোনো ক্ষেত্ৰত মানুহৰ বাবে অসুবিধা হয় তেন্তে সেইটো খাবাইচ হব (হাৰাম হব)।

 

গাহৰি মাংসৰ লোকচান

বিজ্ঞান সকলে প্ৰকাশিত কৰিছে যে গোটেই জন্তুৰ মাজত গাহৰি টো মানুহৰ কাৰণে লোকচান আৰু জাৰাচিমৰ বান্ডাৰ ।কিছু লোকচান আৰু বেমাৰৰ সূচী তলত দিয়া আছে.

তোফালি, বেক্টৰীয়া, ৱাইৰচি, জাৰছুমি ইত্যাদি

1710 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page