ঈছা বিন মাৰয়ম (عليه السلام)আল্লাহ তালাই নিজৰ কুদৰতৰ দ্বাৰা ঈছা বিন মাৰয়ম (عليه السلام)ক পিতা অবিহনে সৃষ্টি কৰিছে। যেনে আদম আৰু হাৱা (عليه السلام)ক মা-দেউতা অবিহনে সৃষ্টি কৰিছে। আৰু ঈছা (عليه السلام) আল্লাহৰ বান্দা আৰু ৰাছূল । কিন্তু তেওঁ আল্লাহৰ পুত্ৰ নহয়, বৰঞ্চ তেওঁ বেলেগ আম্বীয়াৰ দৰে ইনছান আৰু নবী।
ঈছা(عليه السلام)ৰমাতৃঈমৰানৰ জীয়েক মাৰয়ম এজনী নেক পৰহেজগাৰ মহিলা আছিল। ঈবাদতত বহুত ভাল আছিল যাৰ কোনো উদাহৰণ নাছিল।ফাৰিস্তা সকলে তাক এই প্ৰফুলিত খবৰ দিলে যে আল্লাহ তালাই তাক বাচি লৈছে যেনে আল্লাহ তালাই কৈছে “আৰু স্মৰণ কৰা ফাৰিশ্বতাসকলে ক’লে হে মাৰয়ম নিশ্চয় আল্লাহে তোমাক নিৰ্বাচন কৰিছে, আৰু তোমাক পৱিত্ৰ কৰিছে, আৰু বিশ্বজগতৰ নাৰীসকলৰ ওপৰত তোমাকে নিৰ্বাচন কৰিছে। হে মাৰয়ম তোমাৰ প্ৰতিপালকৰ অনুগত হৈ থাকা, আৰু ছিজদা কৰা আৰু ৰুকু কৰা ৰুকুকাৰীসকলৰ সৈতে”।(আল-ঈমৰানঃ-৪২-৪৩) وَإِذْ قَالَتِ الْمَلَائِكَةُ يَا مَرْيَمُ إِنَّ اللَّهَ اصْطَفَاكِ وَطَهَّرَكِ وَاصْطَفَاكِ عَلَى نِسَاءِ الْعَالَمِينَ (42) يَا مَرْيَمُ اقْنُتِي لِرَبِّكِ وَاسْجُدِي وَارْكَعِي مَعَ الرَّاكِعِينَ (43)
মাৰয়ম (عليه السلام)ক প্ৰফুল্লিত খবৰআকৌ ফাৰিস্তা সকলে মাৰয়ম (عليه السلام)ক এই প্ৰফুল্লিত খবৰ দিলে যে আল্লাহ তালাই তাক পুত্ৰ দিব। যাক আল্লাহ তালাই কালিমা কুন(كن)দি সৃষ্টি কৰিব আৰু তাৰ নাম হ’ব আল-মাচিহ ঈছা বিন মাৰয়ম আৰু তেওঁ দুনীয়া ও সিপুৰীত সন্মান জাহতৰ মালিক হ’ব আৰু বনো ইছৰাইলৰ ৰাছূল হ’ব আৰু তাক তৌৰাত আৰু ইঞ্জীলৰ জ্ঞান দিব। আৰু তাক কিছুমান এনেকোৱা গুণ দিব আৰু আশ্বৰ্য্যজনক বস্তু হ’ব যিটো বেলেগ কোনোৱাৰ লগত নহ’ব যেনে আল্লাহ তালাই কৈছে-“স্মৰণ কৰা। ফাৰিস্তাসকলে ক’লে---হে মাৰয়ম, নিশ্চয় আল্লাহে তোমাক সুসংবাদ দিছে তেওঁৰ নাম হৈছে মছীহ মাৰয়মৰ-পত্ৰ ঈছা, ইহকাল আৰু পৰকালত মন্মানৰ যোগ্য, আৰু তেওঁ হৈছে নৈকট্যত অনাসকলৰ অন্তৰ্গত।আৰু তেওঁ লোকসকলৰ সৈতে কথা ক’ব দোলনাত, আৰু বুঢ়াকালত আৰু তেওঁ হ’ব সতকৰ্মীসকলৰ অন্যতম।তেওঁ কলে—মোৰ প্ৰভু কৰ পৰা মোৰ সন্তান হ’ব যেতিয়া পুৰুষ মানুহে মোক স্পৰ্শ কৰা নাই তেওঁ ক’লে—এইভাৱেই আল্লাহে সৃষ্টি কৰে,যিয়ে তেওঁ বিচাৰে । তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত কৰে, তেওঁ তেতিয়া সেইসম্বন্ধে কেৱল কয়—হোৱা আৰু সেইটো হৈ যায়”।(আল-ঈমৰানঃ-৪৫-৪৭) إِذْ قَالَتِ الْمَلَائِكَةُ يَا مَرْيَمُ إِنَّ اللَّهَ يُبَشِّرُكِ بِكَلِمَةٍ مِنْهُ اسْمُهُ الْمَسِيحُ عِيسَى ابْنُ مَرْيَمَ وَجِيهًا فِي الدُّنْيَا وَالْآخِرَةِ وَمِنَ الْمُقَرَّبِينَ (45) وَيُكَلِّمُ النَّاسَ فِي الْمَهْدِ وَكَهْلًا وَمِنَ الصَّالِحِينَ (46) قَالَتْ رَبِّ أَنَّى يَكُونُ لِي وَلَدٌ وَلَمْ يَمْسَسْنِي بَشَرٌ قَالَ كَذَلِكِ اللَّهُ يَخْلُقُ مَا يَشَاءُ إِذَا قَضَى أَمْرًا فَإِنَّمَا يَقُولُ لَهُ كُنْ فَيَكُونُ (47)
প্ৰফুল্লিত-খবৰ সম্পূৰ্ণ হোৱাআকৌ আল্লাহ তালাই ফাৰিস্তাৰে দি মাৰয়ম (عليه السلام)ক পুত্ৰৰ প্ৰফুল্লিত খবৰ সম্পূৰ্ণ কৰি ঈছা (عليه السلام)ক সন্মান আৰু তাক আশ্বৰ্য্যজনক বস্তু দি বলবান কৰিলে। যেনে আল্লাহ তালাই কৈছে-“আৰু তেওঁ তেখেতক শিকাব গ্ৰন্থ আৰু জ্ঞানবিজ্ঞান, আৰু তৌৰাত আৰু ইঞ্জীল।আৰু ইছৰাইল বংশীয়সকলৰ প্ৰতি ৰাছূল নিসন্দেহে মই তোমালোকৰ ওচৰলৈ আহিছো তোমালোকৰ নিমিত্তে মাটিৰ পৰা তৈয়াৰী কৰিছো চৰাইৰ নিচিনা মূৰ্তি, তাৰ পাচত তাতে মই ফুঁই মাৰো, তেতিয়া সেইটো পখী হৈ যায় আল্লাহৰ ইচ্ছাত, আৰু এই আৰোগ্য কৰো অন্ধক, আৰু কুষ্ঠ ৰোগীক, আৰু মই জীৱন দিওঁ মৃতকক আল্লাহৰ ইচ্ছাত। আৰু মই তোমালোকক খবৰ দিওঁ যিবিলাক তোমালোকে খাবা আৰু যি তোমালোকে নিজৰ ঘৰত মজুত কৰি ৰাখিবা। নিশ্চিয় ইয়াত বিশেষ নিৰ্দশন আছে তোমালোকৰ কাৰণে যদি তোমালোক বিশ্বাসী হোৱা।আৰু তৌৰাতৰ পৰা যিখনি মোৰ ওচৰত আছে তাৰ সত্য সমৰ্থন কৰীৰূপে, আৰু মই যাতে তোমালোকৰ নমিত্তে বৈধ কৰিব পাৰো তাৰে কিছুমান যি তোমালোকৰ বাবে হৈছিল নিষিদ্ধ আৰু মই তোমালোকৰ ওচৰলৈ আহিছো তোমালোকৰ প্ৰতিপালকৰ পৰা এটি বাণী লৈ, এতেকে আল্লাহক ভয়-শ্ৰদ্ধা কৰা আৰু মোক অনুসৰণ কৰা। নিসন্দেহে আ্ল্লাহ মোৰ প্ৰতিপলক আৰু তোমালোকৰ প্ৰতিপালক, এতেকে তেওঁৰেই উপাসনা কৰা, এয়ে হৈছে সৰল-সঠিক পথ।“(আল-ঈমৰান-৪৮-৫১) وَيُعَلِّمُهُ الْكِتَابَ وَالْحِكْمَةَ وَالتَّوْرَاةَ وَالْإِنْجِيلَ (48) وَرَسُولًا إِلَى بَنِي إِسْرَائِيلَ أَنِّي قَدْ جِئْتُكُمْ بِآيَةٍ مِنْ رَبِّكُمْ أَنِّي أَخْلُقُ لَكُمْ مِنَ الطِّينِ كَهَيْئَةِ الطَّيْرِ فَأَنْفُخُ فِيهِ فَيَكُونُ طَيْرًا بِإِذْنِ اللَّهِ وَأُبْرِئُ الْأَكْمَهَ وَالْأَبْرَصَ وَأُحْيِي الْمَوْتَى بِإِذْنِ اللَّهِ وَأُنَبِّئُكُمْ بِمَا تَأْكُلُونَ وَمَا تَدَّخِرُونَ فِي بُيُوتِكُمْ إِنَّ فِي ذَلِكَ لَآيَةً لَكُمْ إِنْ كُنْتُمْ مُؤْمِنِينَ (49) وَمُصَدِّقًا لِمَا بَيْنَ يَدَيَّ مِنَ التَّوْرَاةِ وَلِأُحِلَّ لَكُمْ بَعْضَ الَّذِي حُرِّمَ عَلَيْكُمْ وَجِئْتُكُمْ بِآيَةٍ مِنْ رَبِّكُمْ فَاتَّقُوا اللَّهَ وَأَطِيعُونِ (50) إِنَّ اللَّهَ رَبِّي وَرَبُّكُمْ فَاعْبُدُوهُ هَذَا صِرَاطٌ مُسْتَقِيمٌ (51)
আৰু আল্লাহেই সৃষ্টি কৰাৰ মালিক তেওঁ যেনেকোৱা বিচাৰে আৰু যিটো খুজে সৃষ্টি কৰে।আল্লাহ তালাই আদম (عليه السلام)ক মাটী দি মা-দেউতাৰ বাহিৰে সৃষ্টি কৰিছে আৰু হাৱা (عليه السلام)ক পছলি (হাঁড়) দি মাতৃৰ বাহিৰে সৃষ্টি কৰিছে আৰু বানী আদমৰ নছল মা-বাপৰ দ্বাৰা সৃষ্টি কৰিছে আৰু ঈছা (عليه السلام)ক পিতৃ অবিহনে মাতৃৰ দ্বাৰা সৃষ্টি কৰিছে।আল্লাহ তালাই খাল্লাক্ব ও আলীম।
ঈছা(عليه السلام) ৰআশ্বৰ্য্যজনক সৃষ্টিআৰু আল্লাহ তালাই ঈছা (عليه السلام)ৰ সৃষ্টি কোৰআনত ধুনীয়াকৈ বয়ান কৰিছে যেনে আল্লাহ তালাই কৈছে-“আৰু গ্ৰন্থখনত মাৰয়মৰ কথা স্মৰণ কৰা যেতিয়া তেওঁ তেওঁৰ পৰিয়ালবৰ্গৰ পৰা আঁতৰি গৈছিল পূবফালৰ ঠাইত। তাৰ পাচত তেওঁ তেওঁলোকৰ পৰা পৰ্দা অৱলম্বন কৰিছিলে, তেতিয়া আমি তেওঁৰ ওচৰলৈ পঠিয়ালো আমাৰ দূতক, এতেকে তেওঁৰ আগত তেওঁ এজন সম্পূৰ্ণ মানুহৰূপে দেখা দিলে।তেওঁ কলে—দৰাচলতে মই তোমাৰ পৰা আশ্ৰয় খুঁজিছো পৰম কৰুণাময়ৰ ওচৰত, যদি তুমি ধৰ্মভীৰু হোৱা। তেওঁ ক’লে—মইতো তোমাৰ প্ৰতিপালকৰ এজন বাণীবাহক মাথোন,--যে মই তোমাক এজন নিখুঁত ল’ৰা দিম। তেওঁ ক’লে কেনেকুৱানো মোৰ ল’ৰা হ’ব, যিহেতু পুৰুষ মানুহে মোক স্পৰ্শ কৰা নাই আৰু মই অসতীও নহওঁ,। তেওঁ কলে এনেকুৱাই হ’ব। তোমাৰ প্ৰতিপালকে কৈছে—এয়া মোৰ বাবে সহজসাধ্য আৰু যেন আমি তেওঁক মানুহবিলাকৰ কাৰণে এটি নিদৰ্শন বনাব পাৰো আৰু আমাৰ পৰা এটি কৰুণা, আৰু এয়াতো এটি স্থিৰ কৰি লোৱা বিষয়”।(মাৰয়ামঃ-১৬-২১) وَسَلَامٌ عَلَيْهِ يَوْمَ وُلِدَ وَيَوْمَ يَمُوتُ وَيَوْمَ يُبْعَثُ حَيًّا (15) وَاذْكُرْ فِي الْكِتَابِ مَرْيَمَ إِذِ انْتَبَذَتْ مِنْ أَهْلِهَا مَكَانًا شَرْقِيًّا (16) فَاتَّخَذَتْ مِنْ دُونِهِمْ حِجَابًا فَأَرْسَلْنَا إِلَيْهَا رُوحَنَا فَتَمَثَّلَ لَهَا بَشَرًا سَوِيًّا (17) قَالَتْ إِنِّي أَعُوذُ بِالرَّحْمَنِ مِنْكَ إِنْ كُنْتَ تَقِيًّا (18) قَالَ إِنَّمَا أَنَا رَسُولُ رَبِّكِ لِأَهَبَ لَكِ غُلَامًا زَكِيًّا (19) قَالَتْ أَنَّى يَكُونُ لِي غُلَامٌ وَلَمْ يَمْسَسْنِي بَشَرٌ وَلَمْ أَكُ بَغِيًّا (20) قَالَ كَذَلِكِ قَالَ رَبُّكِ هُوَ عَلَيَّ هَيِّنٌ وَلِنَجْعَلَهُ آيَةً لِلنَّاسِ وَرَحْمَةً مِنَّا وَكَانَ أَمْرًا مَقْضِيًّا (21)
আল্লাহ তালাৰ হুকম মতে জিব্ৰাইল (عليه السلام) মাৰয়ম (عليه السلام)ৰ গিৰেবানত ফুকি দিলে যেনে আল্লাহ তালাই কৈছে-“তাৰ পাচত তেওঁ তেওঁৰ গৰ্ভত ধাৰণ কৰিলে, আৰু তাৰে সৈতে এখন দূৰ ঠইলৈ গুচি গল।তেতিয়া প্ৰসৱ বেদনাই তেওঁক এটা খেজুৰ গছৰ গুৰিত লৈ আহিল যে তেওঁ ক’লে –হায় মোৰ দুৰ্ভোগ ইয়াৰ আগতে যদি মই মৰিয়েই গলোহেঁতেন আৰু সম্পূৰ্ণ বিস্মৃতিত বিস্মৃত হলোহেঁতেন”।(মাৰয়ম-২২-২৩) فَحَمَلَتْهُ فَانْتَبَذَتْ بِهِ مَكَانًا قَصِيًّا (22) فَأَجَاءَهَا الْمَخَاضُ إِلَى جِذْعِ النَّخْلَةِ قَالَتْ يَا لَيْتَنِي مِتُّ قَبْلَ هَذَا وَكُنْتُ نَسْيًا مَنْسِيًّا (23)
আকৌ আল্লাহ তালাই মাৰয়মৰ বাবে খাদ্য আৰু পানী যোগান কৰিদিছে আৰু তাক হুকুম দিছে বেলেগৰ লগত কথা নকয় যেনে আল্লাহ তালাই কৈছে-“তেতিয়া তেওঁৰ তলৰ পৰা তেওঁৰ মাতি ক’লে –দুখ নকৰিবা, তোমাৰ প্ৰতিপালকে অৱশ্য তোমাৰ তলেদি এটি জলধাৰা ৰাখিছে।আৰু খেজুৰ গছৰ গুৰি ধৰি তোমাৰ ফালে টানি থাকা, এইটোৱে তোমাৰ ওপৰত তাজা-পূৰঠ খেজুৰ পোলাব। এতেকে খোৱা আৰু পান কৰা আৰু চকু জুৰোৱা। আৰু মানুহৰ কোনোবা এজনক যদি দেখা পোৱা তেন্তে কবা—মই পৰম কৰুণাময়ৰ কৰাণে ৰোজা ৰখাৰ নিয়ত কৰিছো, গতিকে মই আজি কোনো মানুহৰ সৈতে কথা নাপাতো”।(মাৰয়ামঃ-২৪-২৬) فَنَادَاهَا مِنْ تَحْتِهَا أَلَّا تَحْزَنِي قَدْ جَعَلَ رَبُّكِ تَحْتَكِ سَرِيًّا (24) وَهُزِّي إِلَيْكِ بِجِذْعِ النَّخْلَةِ تُسَاقِطْ عَلَيْكِ رُطَبًا جَنِيًّا (25) فَكُلِي وَاشْرَبِي وَقَرِّي عَيْنًا فَإِمَّا تَرَيِنَّ مِنَ الْبَشَرِ أَحَدًا فَقُولِي إِنِّي نَذَرْتُ لِلرَّحْمَنِ صَوْمًا فَلَنْ أُكَلِّمَ الْيَوْمَ إِنْسِيًّا (26)
জাতিবাসীৰ প্ৰতিক্ৰিয়াআকৌ তাৰ পিছত মাৰয়ম (عليه السلام) নিজৰ পুত্ৰ ঈছা (عليه السلام)ক লৈ নিজৰ জাতিৰ ওচৰত আহিলে তেতিয়া তেওঁলোকে কেচুৱা (ঈছা)ক দেখি এই ঘঁটনা আচৰিত বুলি ভাবিলে আৰু অপছন্দ কৰিলে কিন্তু মাৰয়ম (عليه السلام) তেওঁলোকক কোনো উত্তৰ নিদিলে। বৰঞ্চ ইঙ্গিত দি ক’লে এই কেচুৱাক সোধা তোমালোকক ক’ব এই বিষয়ে আল্লাহ তালাই কৈছে-“তেতিয়া তেওঁ তেখেতক লৈ আহিলে তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ তেখেতক আৰোহণ কৰাই। সিহঁতে ক’লে হে, মাৰয়ম তুমিতো এটি অদ্ভুত ঝামেলা লৈ আহিছা। হে হাৰুনৰ ভনী তোমাৰ পিতাকতো বেয়া মানুহ নাছিলে আৰু তোমাৰ মাতৃও বিদ্ৰোহী নহয়। তেতিয়া তেখেতে তেওঁৰ ফালে ইঙ্গিত কৰিলে সিহঁতে কলে—আমি কেনেকৈ কথা কম তাৰ লগত যিজন দোলনাৰ শিশু”। (মাৰয়ম-২৭-২৯) فَأَتَتْ بِهِ قَوْمَهَا تَحْمِلُهُ قَالُوا يَا مَرْيَمُ لَقَدْ جِئْتِ شَيْئًا فَرِيًّا (27) يَا أُخْتَ هَارُونَ مَا كَانَ أَبُوكِ امْرَأَ سَوْءٍ وَمَا كَانَتْ أُمُّكِ بَغِيًّا (28) فَأَشَارَتْ إِلَيْهِ قَالُوا كَيْفَ نُكَلِّمُ مَنْ كَانَ فِي الْمَهْدِ صَبِيًّا (29)
জাতিবাসিৰঅদ্ভৃতত ঈছা (عليه السلام)ৰ উত্তৰঈছা (عليه السلام) সোনকালে উত্তৰ দিলে যিহেতু ঈছা (عليه السلام) মাৰ কুলত আছিল এই বিষয়ে আল্লাহ তালাই কৈছে-“তেওঁ ক’লে নিসন্দেহে মই আল্লাহৰ এজন বান্দা। তেওঁ মোক কিতাপ দিছে আৰু মোক নবী বনাইছে।আৰু তেওঁ মোক মঙ্গলময় কৰিছে মই য’তেই নাথাকো কিয়, আৰু তেওঁ মোৰ প্ৰতি বিধান দিছে নামাজ পঢ়িবলৈ আৰু যাকাত দিবলৈ যেতিয়ালৈকে মই জীৱিত অৱস্থান কৰো, আৰু মোৰ মাকৰ প্ৰতি অনুগত থাকিবলৈ, আৰু তেওঁ মোক বিদ্ৰোহী ভাৱাপন্ন দুৰ্ভোগায়া কৰা নাই। আৰু শান্তি মোৰ ওপৰত যিদিনা মোৰ জন্ম হৈছিল, আৰু যিদিনা মই মৃত্যু বৰণ কৰিম আৰু যিদিনা মোক পুনৰ জীৱিত কৰা হ’ব”।(মাৰয়ম-৩০-৩৩) قَالَ إِنِّي عَبْدُ اللَّهِ آتَانِيَ الْكِتَابَ وَجَعَلَنِي نَبِيًّا (30) وَجَعَلَنِي مُبَارَكًا أَيْنَ مَا كُنْتُ وَأَوْصَانِي بِالصَّلَاةِ وَالزَّكَاةِ مَا دُمْتُ حَيًّا (31) وَبَرًّا بِوَالِدَتِي وَلَمْ يَجْعَلْنِي جَبَّارًا شَقِيًّا (32) وَالسَّلَامُ عَلَيَّ يَوْمَ وُلِدْتُ وَيَوْمَ أَمُوتُ وَيَوْمَ أُبْعَثُ حَيًّا (33)
আহলে কিতাপ ঈছা (عليه السلام)ৰ বিষয়ে মতভেদবানিইছৰাইল ঈছা (عليه السلام)ৰবিৰুদ্ধেছাজিশ্বআৰুআল্লাহতালাইতাকৰক্ষা কৰিছেযেতিয়া বানী ইছৰাইলে দেখিলে যে দুখিয়া মানুহ ঈছা (عليه السلام)ৰ ওপৰত ইমান আনিছে তেতিয়া তেওঁলোকে ঈছা (عليه السلام)ৰ বিষয়ে ছাজিশ্ব আৰাম্ভ কৰিলে।ৰুমিসকলৰ বিৰুদ্ধে উপঙাই দিছে, আৰু ৰুম দেশৰ ৰজাক সজাগ কৰিলে যে তোমাৰ দেশ ঈছা (عليه السلام)ৰ কাৰণে এৰি দিব লাগিব তেতিয়া ঈছা (عليه السلام)ক ধৰিবলৈ চেষ্টা কৰিলে আৰু তাক ধৰি বলি দিবলৈ হুকুম দিলে তেতিয়া আল্লাহ তালাই তাৰ ভিতৰৰ পৰা মুনাফিক এজনক যিয়ে ঈছা (عليه السلام)ৰ চুগলি কৰিছিল তাক ঈছা (عليه السلام)ৰ নিচিনা কৰিদিলে আৰু তেওঁলোকে তাক হত্যা কৰিলে আৰু আল্লাহ তালাই ঈছা (عليه السلام)ক ৰক্ষা কৰিলে যেনে কোৰআনত উল্লেখ আছে যে-“আৰু সিহঁতৰ কোৱাৰ কাৰণে—আমি নিশ্চয় হত্যা কৰিছো মছীহক,--মাৰয়মৰ পুত্ৰ ঈছা আল্লাহৰ ৰাছুলক, আৰু সিহঁতে তেওঁক হত্যা কৰা নাই আৰু ক্ৰুচত মাৰাও নাই, কিন্তু সিহঁতৰ ওচৰত তেওঁক প্ৰতীয়মান কৰা হৈছিল। আৰু প্ৰকৃততে যিবিলাকে এই বিষয়ত ভিন্নমত পোষণ কৰিছিল সিহঁতে অৱশ্যে এই সম্বন্ধে সন্দেহৰ মাজত আছিল এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই অনুমানৰ অনুসৰণৰ বাহিৰে। আৰু ই সুনিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাই । পক্ষান্তৰে আল্লাহে তেওঁক নিজৰ পিনে উন্নীত কৰিছে। আৰু আল্লাহ হৈছে মহাশক্তিশালী, পৰমজ্ঞানী”।(আন-নিছা-১৫৭-১৫৮) وَقَوْلِهِمْ إِنَّا قَتَلْنَا الْمَسِيحَ عِيسَى ابْنَ مَرْيَمَ رَسُولَ اللَّهِ وَمَا قَتَلُوهُ وَمَا صَلَبُوهُ وَلَكِنْ شُبِّهَ لَهُمْ وَإِنَّ الَّذِينَ اخْتَلَفُوا فِيهِ لَفِي شَكٍّ مِنْهُ مَا لَهُمْ بِهِ مِنْ عِلْمٍ إِلَّا اتِّبَاعَ الظَّنِّ وَمَا قَتَلُوهُ يَقِينًا (157) بَلْ رَفَعَهُ اللَّهُ إِلَيْهِ وَكَانَ اللَّهُ عَزِيزًا حَكِيمًا (158)
আকৌ ঈছা (عليه السلام) উৱতিৰ্ণ হ’বঈছা (عليه السلام)ৰ মৃত্যু হোৱা নাই কিন্তু আল্লাহ তালাই নিজৰ ফালে উঠাই লৈছে আৰু তাক কিয়ামতৰ আগত আকৌ দুনীয়াত প্ৰেৰণ কৰিব আৰু তেওঁ শ্বৰিয়তে মোহাম্মাদী মতে চলিব আৰু ইয়াহুদী সকলক মিথ্যা বুলি প্ৰমান কৰিব যে তেওঁলোকে কোৱা ঈছা (عليه السلام)ক হত্যা কৰিছে আৰু খ্ৰীষ্টান সকলক মিথ্যা বুলি প্ৰমান কৰিব যি সকলে ঈছা (عليه السلام)ক আল্লাহ, আৰু তেওঁৰ পুত্ৰ আৰু তিনিটা একেই বুলি কৈছে।
নবী (ﷺ) কৈছে যে-আল্লাহৰ শপত তোমালোকৰ ওচৰত মাৰয়মৰ পুত্ৰ ঈছা (عليه السلام) তোমোলোকৰ হাকিম, আদিল হৈ নাজিল হ’ব তেওঁ চালিব ভাঙি দিব আৰু গাহৰিক হত্যা কৰিব আৰু টেক্ছ (লাগান) আদাই কৰিব আৰু ধন সম্পত্তি সীমাৰ বাহিৰে হ’ব কোনো ব্যেক্তি ল’বলৈ আগুৱাই নাহিব।
আৰু যেতিয়া ঈছা (عليه السلام) কিয়ামতৰ আগত নাজিল হ’ব তেতিয়া আহলে কিতাপ সকলে ইমান আনিব যেনে আল্লাহ তালাই কৈছে-“আৰু গ্ৰন্থপ্ৰাপ্তসকলৰ মাজত এনে কোনো নাই যিজনে ইয়াত বিশ্বাস নকৰিব সেইজন মৃত্যুৰ পূৰ্বে আৰু কিয়ামতৰ দিনা তেওঁ হ’ব সিহঁতৰ বিৰুদ্ধে সাক্ষ্যদাতা”।(আন-নিছা-১৫৯) وَإِنْ مِنْ أَهْلِ الْكِتَابِ إِلَّا لَيُؤْمِنَنَّ بِهِ قَبْلَ مَوْتِهِ وَيَوْمَ الْقِيَامَةِ يَكُونُ عَلَيْهِمْ شَهِيدًا (159)
আক্বীদা তাছলিছৰ ত্যাগঈছা বিন মাৰয়ম আল্লাহৰ ৰাছূল আৰু তাৰ বান্দা যাক আল্লাহ তালাই বানী ইছৰাইলৰ হিদায়ত আৰু এক আল্লাহৰ উপাসনা কৰিবলৈ আদেশ দিবলৈ প্ৰেৰণ কৰিছিল। যেনে আল্লাহ তালাই কৈছে-“হে গ্ৰন্থপ্ৰাপ্ত লোকসকল তোমালোকৰ ধৰ্মত সীমা লঙ্ঘন নকৰিবা, আৰু আল্লাহ সম্পৰ্কে সত্যৰ বাহিৰে অন্য কথা নক’বা। নিশ্চয় মছীহ—মাৰয়মৰ পুত্ৰ ঈছা আল্লাহৰ এজন ৰাছূল, আৰু তেওঁৰ কলিমাহ দি তেওঁ মাৰয়মৰ ওচৰলৈ পঠিয়াইছিলে, আৰু তেওঁৰ পৰা অহা ৰূহ, এতেকে তোমালোকে ইমান আনা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছূলসকলৰ প্ৰতি আৰু নক’বা ৰ’বা তোমালোকৰ কাৰণে মঙ্গলজনক। নিশ্চয়কৈ আল্লাহ হৈছে একক উপাস্য । সমস্ত মহিমা তেওঁৰেই যে তেওঁৰ কোনো পুত্ৰ থাকিব পাৰে। যিকিবা আছে মহাকাশমণ্ডলত আৰু যিকিছু আছে পৃথিৱীত সেই সকলো তেওঁৰ। আৰু ৰক্ষাকাৰীৰূপে আল্লাহেই যথেষ্ট”।(আন-নিছা-১৭১) يَا أَهْلَ الْكِتَابِ لَا تَغْلُوا فِي دِينِكُمْ وَلَا تَقُولُوا عَلَى اللَّهِ إِلَّا الْحَقَّ إِنَّمَا الْمَسِيحُ عِيسَى ابْنُ مَرْيَمَ رَسُولُ اللَّهِ وَكَلِمَتُهُ أَلْقَاهَا إِلَى مَرْيَمَ وَرُوحٌ مِنْهُ فَآمِنُوا بِاللَّهِ وَرُسُلِهِ وَلَا تَقُولُوا ثَلَاثَةٌ انْتَهُوا خَيْرًا لَكُمْ إِنَّمَا اللَّهُ إِلَهٌ وَاحِدٌ سُبْحَانَهُ أَنْ يَكُونَ لَهُ وَلَدٌ لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ وَكَفَى بِاللَّهِ وَكِيلًا (171)
আৰু কৈছে-“আৰু সিহঁতে কয়—পৰম কৰুণাময়ে এটি সন্তান গ্ৰহণ কৰিছে। তোমালোকে অৱশ্যেই বৰ অদ্ভুত বিষয় অৱতাৰণা কৰিছা। ইয়াৰ দ্বাৰা মহাকাশমণ্ডল ফালি যোৱাৰ উপক্ৰম হৈছে আৰু পৃথিৱী চূৰ্ণৃ-বিচূৰ্ণ হ’ব ধৰিছে,আৰু পাহাৰ-পৰ্বত টুকুৰা-টুকুৰ হৈ ভাঙ্গি পৰিব ধৰিছে। যিহেতু সিহঁতে পৰম কৰুণাময় প্ৰতি সন্তান দাবী কৰিছে।আৰু পৰম কৰুণাময়ৰ পক্ষে এইটো যোগ্য নহয় যে তেওঁ সন্তান গ্ৰহণ কৰিব। মহাকাশমণ্ডলত আৰু পৃতিৱীত এনে কোনো নাই যি পৰম কৰুণাময়ৰ ওচৰত আহিব বান্দাৰূপে ব্যতীত”।(মাৰয়ম-৮৮-৯৩) وَقَالُوا اتَّخَذَ الرَّحْمَنُ وَلَدًا (88) لَقَدْ جِئْتُمْ شَيْئًا إِدًّا (89) تَكَادُ السَّمَاوَاتُ يَتَفَطَّرْنَ مِنْهُ وَتَنْشَقُّ الْأَرْضُ وَتَخِرُّ الْجِبَالُ هَدًّا (90) أَنْ دَعَوْا لِلرَّحْمَنِ وَلَدًا (91) وَمَا يَنْبَغِي لِلرَّحْمَنِ أَنْ يَتَّخِذَ وَلَدًا (92) إِنْ كُلُّ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ إِلَّا آتِي الرَّحْمَنِ عَبْدًا (93)
আকৌ কৈছে-“নিশ্চয় সিহঁতে অবিশ্বাস কৰে যিবিলাকে কয়—প্ৰকৃততে আল্লাহ, তেৱেই মাৰয়মৰ পুত্ৰ মছীহ। অথচ মছীহে কৈছে হে ইছৰাইলৰ বংশধৰসকল আল্লাহৰ উপাসনা কৰা যিজন মোৰ প্ৰতিপালক অৱশ্য যিজনে আল্লাহৰ সৈতে অংশীদাৰ নিৰূপণ কৰে, আল্লাহ নি্শ্চয় তাৰ নিমিত্তে নিষিদ্ধ কৰিছে স্বৰ্গোদ্যান, আৰু তাৰ জুই, আৰু অন্যায়কাৰী। সিহঁতে নিশ্চয় অবিশ্বাস কৰে তিনিজনৰ তৃতীয়জন। বস্তুত একক খোদা ব্যতীত অন্য উপাস্য নাই। আৰু যি সিহঁতে কৈছে তাৰ পৰা যদি সিহঁত বিৰত নহয়, তেন্তে সিহঁতৰ মাজৰ যিবিলাকে অবিশ্বাস কৰে সিহঁতক স্পৰ্শ কৰিব ব্যথাদায়ক শাস্তিয়ে। তেৱেই মাৰয়ম”(আল-মাইদাহ-৭২-৭৩) لَقَدْ كَفَرَ الَّذِينَ قَالُوا إِنَّ اللَّهَ هُوَ الْمَسِيحُ ابْنُ مَرْيَمَ وَقَالَ الْمَسِيحُ يَا بَنِي إِسْرَائِيلَ اعْبُدُوا اللَّهَ رَبِّي وَرَبَّكُمْ إِنَّهُ مَنْ يُشْرِكْ بِاللَّهِ فَقَدْ حَرَّمَ اللَّهُ عَلَيْهِ الْجَنَّةَ وَمَأْوَاهُ النَّارُ وَمَا لِلظَّالِمِينَ مِنْ أَنْصَارٍ (72) لَقَدْ كَفَرَ الَّذِينَ قَالُوا إِنَّ اللَّهَ ثَالِثُ ثَلَاثَةٍ وَمَا مِنْ إِلَهٍ إِلَّا إِلَهٌ وَاحِدٌ وَإِنْ لَمْ يَنْتَهُوا عَمَّا يَقُولُونَ لَيَمَسَّنَّ الَّذِينَ كَفَرُوا مِنْهُمْ عَذَابٌ أَلِيمٌ (73)
ঈছা (عليه السلام) ইলাহ (আল্লাহ) কিয় হ’ব নোৱাৰেমাছীহ বিন মাৰয়ম এজন মানুহ আৰু একমাত্ৰ মাতৃ পৰা সৃষ্টি হৈছে আৰু তেওঁ মানুহৰ দৰে খোৱা, লোৱা, বোৱা ইত্যাদী কাম কৰি আৰু ইলাহ (আল্লাহ) এইবিলাক বস্তুৰ পৰা পাক, কেনেকৈ ঈছা (عليه السلام) ইলাহ হ’ব পাৰে।তুদুপৰিও ঈছা (عليه السلام) এজন ৰাছূল আৰু আল্লাহৰ বান্দা যেনে আল্লাহ তালাই কৈছে-“মাৰয়মৰ পুত্ৰ মছীহ এজন ৰাছূল নহয়নে?তেওঁৰ আগৰ ৰাছূলসকল নিশ্চয় গত হৈ গৈছে আৰু তেওঁৰ মাতা আছিলে সত্যপৰায়ণা। তেওঁলোক উভয়ে খাদ্য খাইছিলে। চোৱা, কেনেকুৱা আমি সিহঁতৰ কাৰণে মোৰ বাণী সুস্পষ্ট কৰিছো তাৰ পিচত চোৱা কেনেকৈ সিহঁত ঘূৰি যায়”।(আল-মাইদাহ-৭৫) مَا الْمَسِيحُ ابْنُ مَرْيَمَ إِلَّا رَسُولٌ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ وَأُمُّهُ صِدِّيقَةٌ كَانَا يَأْكُلَانِ الطَّعَامَ انْظُرْ كَيْفَ نُبَيِّنُ لَهُمُ الْآيَاتِ ثُمَّ انْظُرْ أَنَّى يُؤْفَكُونَ (75)
ঈছা (عليه السلام) ৰ ধৰ্মত উলট-পালট (তাহৰিফ)ইয়াহুদী, খ্ৰীষ্টান, চালীবিওঁ আৰু তাৰ শিষ্য (পাইৰুকাৰ) সকলে ইছা (عليه السلام)ৰ ধৰ্ম উলট-পালট কৰি দিলে আৰু তাহৰিফ কৰিলে আৰু বদলাই দিলে।আল্লাহ তালাহৰ লানত হওক তেওঁলোকৰ ওপৰত যে তেওঁলোকে কয় যে আল্লাহ তালাই নিজৰ পুত্ৰ ঈছা (عليه السلام)ক মানুহৰ বাবে কোৰবানী কৰিদিছে এতিয়া তেওঁলোকৰ বাবে কোনো ধৰণৰ অসুবিধা নাই যিটো ইচ্ছা কৰে।কাৰণ ঈছা (عليه السلام) কোৰবাণী হৈ পৰিপূৰ্ণ পাপ মুচি দিলে তেতিয়া এইবিলাক বাতিল আৰু মিথ্যা হয়।
আল্লাহ তালাৰ ওপৰত এনেকোৱা কথা যিটো কোনো জ্ঞানৰ সৈতে নহয়। আল্লাহ তালাই প্ৰত্যেক জীৱিতক চাই আছে কোনে কি কাম কৰি আছে।
যি সকলে আল্লাহ তালাৰ ওপৰত এনে দৰে মিথ্যা ইলজাম দিয়ে তাৰ বাবে আল্লাহ তালাই কৈছে –“হায়,সিহঁত কি অভাগা যিসকলে নিজহাতে গ্ৰন্থ লিখে, তাৰ পাচত কয়—এইয়া আল্লাহৰ দৰবাৰৰ পৰা যাতে ইয়াৰ কাৰণে সিহঁতে স্বল্পমূল্য অৰ্জন কৰিব পাৰে এতেকে ধিক সিহঁতৰ প্ৰতি, সিহঁতৰ হাতে যি লিখিছে সেইয়াৰ কাৰণে, আৰু ধিক সিহঁতৰ প্ৰতি যি সিহঁতে কামাই কৰে সেইয়াৰ কাৰণে”।(আল-বাকাৰাহ-৭৯) فَوَيْلٌ لِلَّذِينَ يَكْتُبُونَ الْكِتَابَ بِأَيْدِيهِمْ ثُمَّ يَقُولُونَ هَذَا مِنْ عِنْدِ اللَّهِ لِيَشْتَرُوا بِهِ ثَمَنًا قَلِيلًا فَوَيْلٌ لَهُمْ مِمَّا كَتَبَتْ أَيْدِيهِمْ وَوَيْلٌ لَهُمْ مِمَّا يَكْسِبُونَ (79)
ঈছাজাতিবাসীৰ লগত আল্লাহ তালাৰ আহদআল্লাহ তালাই ঈছাজাতিবাসিৰ লগত ঈছা (عليه السلام)ৰ বিষয়ে আহদ লৈছিল যে তেওঁলোক ঈছা (عليه السلام)ৰ প্ৰতি ইমান আনিব আৰু আমল কৰিব কিন্তু তেওঁলোকে এইবিলাক উদল বদল কৰিদিলে আৰু তাহৰিফ কৰিদিলে ত আল্লাহ তালাই তেওঁলোকৰ বাবে শাস্তি প্ৰস্তুত কৰি ৰাখিছে দুনীয়া আৰু আখেৰাতত। যেনে আল্লাহ তালাই কৈছে-আৰু যিসলে কয়---প্ৰকৃততে আমি খ্ৰীষ্টান, সিহঁতৰ পৰা আমি সিহঁতৰ পৰা আমি সিহঁতৰ অঙ্গীকাৰ গ্ৰহণ কৰিছিলো, সিহঁতেও পাহৰি গল যিবিলাক নিৰ্দেশ সিহঁতক দিয়া হৈছিল তাৰ অংশবিশেষ. গতিকে আমি সিহঁতৰ মাজত শত্ৰুতা আৰু বিদ্বেষ জগাই ৰাখিছো কিয়ামতৰ দিনলৈকে। আৰু অচিৰেই আল্লাহে সিহঁতক জনাই দিব সিহঁতে কি কৰি গৈছিল।(আল-মাইদাহ-১৪) وَمِنَ الَّذِينَ قَالُوا إِنَّا نَصَارَى أَخَذْنَا مِيثَاقَهُمْ فَنَسُوا حَظًّا مِمَّا ذُكِّرُوا بِهِ فَأَغْرَيْنَا بَيْنَهُمُ الْعَدَاوَةَ وَالْبَغْضَاءَ إِلَى يَوْمِ الْقِيَامَةِ وَسَوْفَ يُنَبِّئُهُمُ اللَّهُ بِمَا كَانُوا يَصْنَعُونَ (14)
কিয়ামতৰ দিন ঈছাজাতিবাসিৰ নিজৰ আক্বীদাত লাজ কৰিবঈছা ((عليه السلام) কিয়ামতৰ দিন আল্লাহ তালাৰ সন্মুখত থিয় কৰি বানী ইছৰাইললৰ বিষয়ে সুধিব যে বানী ইছৰাইলৰ লগত কি কৈছিল আল্লাহ তালাহ এই বিষয়ে কোৰআনত কৈছে-আৰু চোৱা আল্লাহে কব—হে মাৰয়ম পুত্ৰ ঈছা। তুমি মানুহবোৰক কৈছিলানে—মোক আৰু মোৰ মাতৃক আল্লাহৰ বাহিৰেও দুজন উপাস্যৰূপে গ্ৰহণ কৰা তেওঁ কব—তোমাৰেই সকলো মহিমা এইটো মোৰ পক্ষে সন্ভৱপৰ নহয় যে মই সেইটো কম যিটোত মোৰ কোনো অধিকাৰ নাই। যদি মই সেইটো কলোহেতেন। মোৰ অন্তৰত যি আছে সেইটো তুমি জানা, আৰু মই নাজানো কি আছে তোমাৰ অন্তৰত।নিসন্দেহে কেৱল তুমিয়ে অদৃশ্য সম্বন্ধে পৰিজ্ঞাত। মই সিহঁতক কোৱা নাই তুমি যি মোক আদেশ কৰিছা তাৰ বাহিৰে আন কিবা. যেনে তোমালোকে আল্লাহৰ উপাসনা কৰা যিজন মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক. আৰু মই সিহঁতৰ সাক্ষী আছিলো যিমানদিন মই সিহঁতৰ মাজত আছিলো . কিন্তু যেতিয়া তুমি মোৰ মৃত্যু ঘটালা তেতিয়া তুমিয়েই আছিলা সিহঁতৰ ওপৰত প্ৰহৰী আৰু তুমিয়েই হৈছা সকলো বিষয়ৰ সাক্ষীষ তুমি যদি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁত তো তোমাৰেই দাস আৰু যদি সিহঁতক তুমি পৰিত্ৰাণ কৰা তেন্তে তুমিয়েইতো মহাশক্তিশালী, পৰমজ্ঞানী।(আল-মাইদাহ-১১৬-১১৮) وَإِذْ قَالَ اللَّهُ يَا عِيسَى ابْنَ مَرْيَمَ أَأَنْتَ قُلْتَ لِلنَّاسِ اتَّخِذُونِي وَأُمِّيَ إِلَهَيْنِ مِنْ دُونِ اللَّهِ قَالَ سُبْحَانَكَ مَا يَكُونُ لِي أَنْ أَقُولَ مَا لَيْسَ لِي بِحَقٍّ إِنْ كُنْتُ قُلْتُهُ فَقَدْ عَلِمْتَهُ تَعْلَمُ مَا فِي نَفْسِي وَلَا أَعْلَمُ مَا فِي نَفْسِكَ إِنَّكَ أَنْتَ عَلَّامُ الْغُيُوبِ (116) مَا قُلْتُ لَهُمْ إِلَّا مَا أَمَرْتَنِي بِهِ أَنِ اعْبُدُوا اللَّهَ رَبِّي وَرَبَّكُمْ وَكُنْتُ عَلَيْهِمْ شَهِيدًا مَا دُمْتُ فِيهِمْ فَلَمَّا تَوَفَّيْتَنِي كُنْتَ أَنْتَ الرَّقِيبَ عَلَيْهِمْ وَأَنْتَ عَلَى كُلِّ شَيْءٍ شَهِيدٌ (117) إِنْ تُعَذِّبْهُمْ فَإِنَّهُمْ عِبَادُكَ وَإِنْ تَغْفِرْ لَهُمْ فَإِنَّكَ أَنْتَ الْعَزِيزُ الْحَكِيمُ (118)
নাচাৰা আহলে ঈমানৰ লগত সম্পৰ্কআল্লাহ তালাই ঈছা ((عليه السلام)ৰ পাইৰুকাৰ আৰু মমিন সকলৰ মাজত নৰম আৰু ৰহমত সৃষ্টি কৰিদিছে আৰু যেনে আল্লাহ তালাই কৈছে-তুমি নিশ্চয় দেখিবলৈ পাবা যে যিসকলে ঈমান আনিছে তেওঁলোকৰ সৈতে শত্ৰুতাত সকলোতকৈ কঠোৰ লোক হৈছে ইহুদীবিলাক আৰু যিবিলাকে শ্বৰীক কৰে পক্ষান্তৰে তুমি নিশ্চয় আৱিষ্কাৰ কৰিবা যে যিসকলে ঈমান আনিছে সিহঁতৰ সৈতে বন্ধুতাত সিহঁতৰ অধিকতৰ ঘনিষ্ঠ হৈছে এওঁলোক যিসকলে কয়—নিশ্চয় আমি খ্ৰীষ্টান। এইটো এই কৰণে যে সিহঁতৰ মাজত ৰৌছে পাদ্ৰীবীলাক আৰু সাধুসন্তবিলাক, আৰু যিহেতু সিহঁতে অহংকাৰ নকৰে।(আল-মাইদাহ-৮২) لَتَجِدَنَّ أَشَدَّ النَّاسِ عَدَاوَةً لِلَّذِينَ آمَنُوا الْيَهُودَ وَالَّذِينَ أَشْرَكُوا وَلَتَجِدَنَّ أَقْرَبَهُمْ مَوَدَّةً لِلَّذِينَ آمَنُوا الَّذِينَ قَالُوا إِنَّا نَصَارَى ذَلِكَ بِأَنَّ مِنْهُمْ قِسِّيسِينَ وَرُهْبَانًا وَأَنَّهُمْ لَا يَسْتَكْبِرُونَ (82)
ঈছা (عليه السلام) বানী ইছৰাইলৰ শেষ নবী আকৌ তাৰ পিছত আল্লাহ তালাই মোহাম্মদ (ছা)ক ইছমাইলৰ নছলৰ পৰা সকলো মানুহৰ বাবে প্ৰেৰণ কৰিছে আৰু আম্বীয়া ও ৰাছূল সকলৰ শেষ।
ঈছা (عليه السلام) ৰফালেমোহাম্মদ (ﷺ) ৰ ভবিষ্যদ্বাণীঈছা (عليه السلام) এই প্ৰফুল্লিত-খবৰ দিলে যে মোৰ পিছত আল্লাহ তালাই এটা ৰাছূল আহিব যাৰ নাম হ’ব আহমদ আৰু তেওঁ মোহাম্মদ। যেনে আল্লাহ তালাই এই বিষয়ে কোৰআনত উল্লেখ কৰিছে-আৰু স্মৰণ কৰা মাৰয়মৰ পুত্ৰ ঈছা এ কৈছিল—হৰা ইছৰাইলৰ বংশধৰহঁত। মই নিশ্চয় তোমালোকৰ ওচৰত আল্লাহৰ ৰাছূল, মোৰ মন্মুখত তৌৰাতত যি দিয়া হৈছে মই তাৰ সমৰ্থনকাৰী, আৰু সুসংবাদ দিওঁতা এজন ৰাছূল সম্বন্ধে যিজন মোৰ পাচত আহিব, তেখেতৰ নাম আহমদ । তাৰ পাচত যেতিয়া তেওঁ সিহঁতৰ ওচৰত আহিলে স্পষ্ট প্ৰমাণাৱলী লৈ, সিহঁতে কলে এয়াতো এটি স্পষ্ট যাদু।(আচ-চফ-৬) وَإِذْ قَالَ عِيسَى ابْنُ مَرْيَمَ يَا بَنِي إِسْرَائِيلَ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ مُصَدِّقًا لِمَا بَيْنَ يَدَيَّ مِنَ التَّوْرَاةِ وَمُبَشِّرًا بِرَسُولٍ يَأْتِي مِنْ بَعْدِي اسْمُهُ أَحْمَدُ فَلَمَّا جَاءَهُمْ بِالْبَيِّنَاتِ قَالُوا هَذَا سِحْرٌ مُبِينٌ (6)
সমস্ত মকলোকত মোহাম্মদ ছঃ) ৰগুণসকলো মমিন বান্দাই সকলো ৰাছূলৰ ও আম্বীয়াৰ ওপৰত ইমান আনে আৰু যিবিলাক গ্ৰন্থ নাজিল হৈছে তাতোও ইমান আনি সত্য বুলি প্ৰমান কৰে। আৰু সেইবিলাকৰ মাজত পাৰ্থক্য নকৰে তদুপৰিও মমিন সকলৰ ওচৰত সবকেইজন আম্বীয়া সত্য আৰু নেক যিহেতু কিছুমানৰ শ্বৰিয়ত মনছুক কৰিদিছে হাত্তাকেহ মোহাম্মদ ((ﷺ)ৰ আগৰ শ্বৰিয়ত মনছোক কৰিদিছে
আল্লাহ তালাই কয় যে-এইসকল ৰাছূল—আমি তেওঁলোকৰ কোনোবাক অইন কাৰোবাৰ ওপৰত শ্ৰেষ্ঠত্ব দিছো। তেওঁলোকৰ মাজত কাৰোবাৰ সৈতে আল্লাহে কথা কৈছে আৰু তেওঁলোকৰ কাৰোবাক তেওঁ বহুস্তৰ উন্নত কৰিছে।(আলবাকাৰাহ-২৫৩)আৰু কিছুমান ৰাছূল সকলক ওলোল আযম বনাইছে যেনে আল্লাহ তালাই কৈছে-আৰু স্মৰণ কৰা, আমি নবীসকলৰ পৰা তেওঁলোকৰ অঙ্গীকাৰ গ্ৰহণ কৰিছিলে আৰু তোমাৰ পৰাও আৰু নূহ আৰু ইব্ৰাহীম আৰু মূছা আৰু মাৰয়মৰ পুত্ৰ ঈছাৰ পৰা আৰু তেওঁলোকৰ পৰা আমি গ্ৰহণ কৰিছিলো এটি সুদৃঢ় অংগীকাৰ।(আল-আহজাব-৭) وَإِذْ أَخَذْنَا مِنَ النَّبِيِّينَ مِيثَاقَهُمْ وَمِنْكَ وَمِنْ نُوحٍ وَإِبْرَاهِيمَ وَمُوسَى وَعِيسَى ابْنِ مَرْيَمَ وَأَخَذْنَا مِنْهُمْ مِيثَاقًا غَلِيظًا (7)
সকলো ৰাছূলৰ মাজত মোহাম্মদ (ﷺ)ৰ গুণ সভাতকৈ বেছি যেনে মেৰাজৰ ৰাতি ৰাছূল (ﷺ)সকলো আম্বীয়াক ইমামত কৰিছিল আৰু হাদিছত প্ৰমান আছে যেনে আবু হুৰাইৰাহ ৰাঃ)ৰ পৰা বৰ্ণিত ৰাছূল (ﷺ)কৈছে যে কিয়ামতৰ দিন মই আদম (عليه السلام)ৰ সন্তানসকলৰ ছৰদাৰ হম আৰু সৰ্ব প্ৰথম মোৰ কবৰ ফাটিব আৰু সৰ্ব প্ৰথম মই ছিফাৰিশ্ব কৰিম আৰু সৰ্ব প্ৰথম মোৰ ছিফাৰিশ্ব কবুল হ’ব।(মুছলিম-৪২২৩)
এই হাদীছ নবী (ﷺ)ৰ আফজাল হ’বলৈ দলিল যে মোহাম্মদ ছঃ)সকলো মানৱজাতিৰ পৰা উত্তম।
মোহাম্মদ ((ﷺ)ৰ কিছুমান ফাজাইলমোহাম্মদ (ﷺ)বহুত ফাজাইল আছে যাৰ পৰা কিছু্মান তলত দিয়া আছে ১. আল্লাহ তালাই নিজেই কোৰআন হিফাজত কৰিবলৈ দায়িত্ব লৈছে যেনে আল্লাহ তালাই কৈছে-নিসন্দেহে আমি নিজেই স্মাৰক-গ্ৰন্থ অৱতাৰণ কৰিছে, আৰু আমিয়েই ইয়াৰ সংৰক্ষণকাৰী।(আল-হিজিৰ-৯) إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ (9)
কিন্তু অন্য কোনো গ্ৰন্থৰ দায়িত্ব লোৱা নাই যেনে আল্লাহ তালাই কৈছে-নিসন্দেহে আমি অৱতাৰণ কৰিছো তৌৰাত, যত ৰৈছে পথপ্ৰদৰ্শন আৰু দীপ্তি। ইয়াৰ দ্বাৰা নবীসকলে, যিসকলে ইছলাম অনুসৰণ কৰিছিলে, বিধান দিছিলে সিহঁতক যিবিলাকে ইহুদীয় মত পোষণ কৰে, আৰু ৰব্বিসকলও, আৰু পুৰোহিতবিলাকেও, আল্লাহৰ কিতাপৰ যি সিহঁতে সংৰক্ষণ কৰিছে তাৰ দ্ধাৰা, আৰু সিহঁত সেইবিলাকৰ সাক্ষী আছিল। (আল-মাইদাহ-৪৪) إِنَّا أَنْزَلْنَا التَّوْرَاةَ فِيهَا هُدًى وَنُورٌ يَحْكُمُ بِهَا النَّبِيُّونَ الَّذِينَ أَسْلَمُوا لِلَّذِينَ هَادُوا وَالرَّبَّانِيُّونَ وَالْأَحْبَارُ بِمَا اسْتُحْفِظُوا مِنْ كِتَابِ اللَّهِ وَكَانُوا عَلَيْهِ شُهَدَاءَ فَلَا تَخْشَوُا النَّاسَ وَاخْشَوْنِ وَلَا تَشْتَرُوا بِآيَاتِي ثَمَنًا قَلِيلًا وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَئِكَ هُمُ الْكَافِرُونَ (44)
২. মোহাম্মদ (ﷺ)শেষ ৰাছূল (খাতামুল আম্বীয়া)তাৰ পিছত কোনো ৰাছূল নাহে যেনে আল্লাহ তালাই কৈছে-মোহাম্মদ তোমালোকৰ পুৰুষসকলৰ মাজৰ কোনো এজনৰো পিতৃ নহয় তেওঁ হৈছে আল্লাহৰ এজন ৰাছূল, আৰু নবীসকলৰ চীলমোহৰ। (আল-আহজাব-৪০) مَا كَانَ مُحَمَّدٌ أَبَا أَحَدٍ مِنْ رِجَالِكُمْ وَلَكِنْ رَسُولَ اللَّهِ وَخَاتَمَ النَّبِيِّينَ وَكَانَ اللَّهُ بِكُلِّ شَيْءٍ عَلِيمًا (40)
৩. মোহাম্মদ (ﷺ)ক এই খোচোচীয়াত দিছে যে সকলো মানুহৰ বাবে আম কৰিদিছে যেনে আল্লাহ তালাই কৈছে-মহামহিম তেওঁ যিজনে তেখেতৰ দাসৰ ওচৰত অৱতাৰণ কৰিছে এই যেন তেওঁ বিশ্বমানৱৰ কাৰণে এজন সতৰ্কাৰী হ’ব পাৰে। (আল-ফুৰকান-১) تَبَارَكَ الَّذِي نَزَّلَ الْفُرْقَانَ عَلَى عَبْدِهِ لِيَكُونَ لِلْعَالَمِينَ نَذِيرًا (1)
মোহাম্মদ (ﷺ)ৰ আখেৰাতত খোচোচীয়াত১. কিয়ামতৰ দিন মাহমোদ স্থানত থাকিব যেনে আল্লাহ তালাই কৈছে-আৰু ৰাতিৰ এভাগতো তেন্তে ইয়াৰ দ্বাৰা জাগৰণত কটোৱা—তোমাৰ নিমিত্তে এক অতিৰিক্ত হ’ব পাৰে তোমাৰ প্ৰতিপালকে তোমাক উন্নীত কৰিব এক সুপ্ৰশংসিত অৱস্থালৈ। (আল-ইছৰা-৭৯) وَمِنَ اللَّيْلِ فَتَهَجَّدْ بِهِ نَافِلَةً لَكَ عَسَى أَنْ يَبْعَثَكَ رَبُّكَ مَقَامًا مَحْمُودًا (79) ইবনে জৰীৰ আৰু আহলে ইলম সকলে কয় যে এই স্থানত বহি মোহাম্মদ (ﷺ)কিয়ামতৰ দিন মানুহৰ বাবে ছিফাৰিশ্ব কৰিব
২. কিয়ামতৰ দিন সকলো মখলোকৰ ছৰদাৰ হ’ব যেনে আবু হুৰাইৰাহ ৰাঃ)ৰ পৰা বৰ্ণিত ৰাছূল (ﷺ)কৈছে যে কিয়ামতৰ দিন মই আদম (عليه السلام)ৰ সন্তানসকলৰ ছৰদাৰ হম আৰু সৰ্ব প্ৰথম মোৰ কবৰ ফাটিব আৰু সৰ্ব প্ৰথম মই ছিফাৰিশ্ব কৰিম আৰু সৰ্ব প্ৰথম মোৰ ছিফাৰিশ্ব কবুল হ’ব।(মুছলিম-৪২২৩)
৩. নবী (ﷺ)নিজৰ ওম্মতৰ লগত সৰ্ব প্ৰথম পুলচিৰাত পাৰ হ’ব যেনে আবু হুৰাইৰাহ ৰ্ঃ)ৰ পৰা বৰ্ণিত যে ৰাছূলসকলৰ মাজত সৰ্বপ্ৰথম মই নিজৰ ওম্মত লৈ পুলচিৰাতত পাৰ হম (বুখাৰী-৮০৬)
৪. সকলো ৰাছূল আৰু আম্বীয়া কিয়ামতৰ দিন ছিফাৰিশ্ব নকৰিব আৰু সকলোৱে মোহাম্মদ (ﷺ)ৰ ওচৰত গৈ আল্লাহৰ ওচৰত ছিফাৰিশ্ব কৰিবলৈ কব ফলত ৰাছূল (ﷺ)আল্লাহৰ ওচৰত ছিফাৰিশ্ব কৰিব আৰু সকলো মখলোক মোহাম্মদ (ﷺ)ৰ প্ৰশংসা কৰিব।
আৰু চোৱাকোৰআন, আখিৰাত, মোছা ইত্যাদি।
হাৱালা সমূহওচোলুদ দ্বীন আল ইছলামী |
.