আল্লাহ তালাহ কোন?


আমি মানুহৰ মুখৰ পৰা শুনি আহিছো যে আল্লাহ তালাহৰ পৰিচয় তেওঁলোকৰ নিজৰ জ্ঞান মতে কৰে, আৰু কিছুমান মুছলমানসকল তেওঁলোকৰ তত্ত্ব আৰু প্ৰতিচ্ছবি লৈ প্ৰভাবিত হৈ যায়। আল্লাহ তালাৰ পৰিচয় বুজিবলৈ আৰু এই বিষয়ে জ্ঞান হাচিল কৰিবলৈ সভাতোকৈ উত্তম জৰিয়া খোদ আল্লাহ তালাহ, কোৰআন, আৰু ৰাছূল () ৰ কথা, আল্লাহ তালাৰ বিষয়ে পৰিচয় দিয়া, যিটো চাহাবাসকলৰ বুজা-বুজিৰ অনুক্ৰমী বুজা-বুজি হয়।

 

আল্লাহ তালাই এই সাৰ্বভূমিকৰ সৃষ্টিকৰ্তা, মালিক আৰু পৰিকল্পিত, কোৰআনক অৱতাৰণ কৰিছে যাতে আমাৰ জীৱন ভালকৈ আমলৰ সৈতে জীৱন-জাপন কৰি সিপুৰিত সফল হ’ব পাৰো যদি আমি কোৰআনত ভালকৈ অন্তৰৰে চাও জ্ঞানৰ সৈতে চাও তেন্তে আমি আল্লাহ তালাৰ শুদ্ধ পৰিচয় পালোহেঁতেন, যাৰ দৰে আল্লাহ তালাৰ হক্ব ভালকৈ বুজি পালোহেঁতেন আৰু প্ৰকৃত উপাসনা কৰিবলৈ সহায় পালোহেঁতেন যেনেকোৱা তাৰ উপাসনাৰ হক্ব আছে।

 

সূচীপত্ৰ

 

আল্লাহতালাৰ (اللہ) অভিধানিক অৰ্থ

এইটো আল্লাহ তালাহৰ নিজস্ব নাম যিটো আল্লাহ তালাহৰ বাবে নিৰ্দিষ্ট, কোনো বেলেগে আল্লাহৰ এই নাম ব্যৱহাৰ কৰিব নোৱাৰে, এই শব্দ (আল্লাহ) (الله) الإلهপৰা মুস্তাক হয় যাৰ অৰ্থ হ’ল মাবোদ (উপাস্য) নাইবা সেই জাতি যাৰ বাবে উপাসনাৰ একমাত্ৰ হক্ব।আব্দুল্লাহ বিন আব্বাছ (رضي الله عنه)য়ে কয় যে শব্দ আল্লাহ (الله)ৰ অৰ্থ এই যে তেওঁ পৰিপূৰ্ণ গুণেৰে ভৰা আৰু পৰিপূৰ্ণ গুণৰ মালিক সেয়েই সকলো সাৰ্বভূমিকৰ মালিক অকলেই উপাসনাৰ হক্বদ্বাৰ। আৰু আল্লাহ তালাৰ এই নাম কোৰআনত বেছি ব্যৱহাৰ হৈছে। প্ৰায় ২২০০ বাৰ আৰু আল্লাহ তালাৰ এই নাম কোনো ভাষাত নাই আৰু না এই শব্দৰ অৰ্থ সম্পূৰ্ণ হিচাপে কৰিব পাৰিব।

 

আল্লাহ তালাই কৈছে-আল্লাহ ব্যতীত অন্য উপাস্য নাই চিৰ-জীৱন্ত, সদা বিদ্যমান, তন্দ্ৰাই তেওঁক আক্ৰান্ত কৰিব নোৱাৰে, নিদ্ৰায়ো নহয়, তেওঁৰেই হৈছে যিসকল আছে মহাকাশমণ্ডলত আৰু যিসকল পৃথিৱীত। কোন আছে যি তেওঁৰ দৰবাৰত চুপাৰিচ কৰিব পাৰে তেওঁৰ অনুমতি ব্যতীত তেওঁ জানে কী আছে এওঁলোকৰ সমুখত আৰু কী আছে তেওঁলোকৰ পাচত, আৰু তেওঁৰ জ্ঞানৰ একোৱেই এওঁলোকে ধাৰণা কৰিব নোৱাৰে এওঁ যি ইচ্ছা কৰে তাৰ ব্যতিৰেকে। তেওঁৰ মহাসিংহাসন মহাকাশমণ্ডল আৰু পৃথিৱীত বিয়পি ৰৈছে ইবিলাকৰ উভয়ৰ হেফাজত তেওঁক ক্লান্ত নকৰে, আৰু তেওঁ সৰ্বোচ্চত অধিষ্ঠিত, মহামহিম। (আল-বাকাৰাহ-২৫৫)

 

اللَّهُ لَا إِلَهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ لَا تَأْخُذُهُ سِنَةٌ وَلَا نَوْمٌ لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ مَنْ ذَا الَّذِي يَشْفَعُ عِنْدَهُ إِلَّا بِإِذْنِهِ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا يُحِيطُونَ بِشَيْءٍ مِنْ عِلْمِهِ إِلَّا بِمَا شَاءَ وَسِعَ كُرْسِيُّهُ السَّمَاوَاتِ وَالْأَرْضَ وَلَا يَئُودُهُ حِفْظُهُمَا وَهُوَ الْعَلِيُّ الْعَظِيمُ (255)

 

আৰু কৈছে-আৰু তোমালোকৰ উপাস্য একক আল্লাহ, তেওঁৰ বাহিৰে কোনো উপাস্য নাই, তেওঁ ৰহমান, ৰহীম।(আল-বাকাৰাহ-১৬৩)

وَإِلَهُكُمْ إِلَهٌ وَاحِدٌ لَا إِلَهَ إِلَّا هُوَ الرَّحْمَنُ الرَّحِيمُ (163)

 

আৰু কৈছে-এয়া এখন অৱতাৰণ তেওঁৰ পৰা যিজনে সৃষ্টি কৰিছে পৃথিৱী আৰু উচ্চ মহাকাশমণ্ডল।(তহা-১৪)

إِنَّنِي أَنَا اللَّهُ لَا إِلَهَ إِلَّا أَنَا فَاعْبُدْنِي وَأَقِمِ الصَّلَاةَ لِذِكْرِي (14)

 

আৰু কৈছে-তুমি কোৱা—তেওঁ আল্লাহ, একক-অদ্বিতীয়।(ইখলাচ-১)

قُلْ هُوَ اللَّهُ أَحَدٌ (1)

 

আল্লাহ তালাই প্ৰতিপালক

رب শব্দৰ অৰ্থ হ’ল অভিধানিক মতে মালিক, মদাব্বিৰ, মূৰব্বী, নিগৰানী বাবে ব্যৱহাৰ হয়। এই শব্দ ইজাফতৰ বাহিৰে একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট, আৰু যেতিয়া এই শব্দক কোনো বেলেগ শব্দৰ লগত ইজাফত দিয়া হয় তেন্তে এনেদৰে ব্যৱহাৰ হয় যেনে-رب البيت  (ৰাব্বুল বাইত) ঘৰৰ মালিকক কোৱা হয় আল্লাহ তালাই প্ৰতিপালক হিচাপে অকলেই আৰু তাৰ কোনো ধৰণৰ অংশীদাৰ নাই ।

 

তৌহীদে ৰুবুবীয়

আল্লাহ তালাই নিজৰ সকলো কামত অকলে, তাৰ কোনো বন্ধু নাই, মানে সৃষ্টি, ৰাজত্ব, তাদবীৰ, এই সকলোবোৰ কামত অকলেই , আল্লাহ তালাই প্ৰত্যেক বস্তুৰ সৃষ্টিকৰ্তা, মালিক আৰু মুদাব্বিৰ আৰু গোটেই সৃষ্টিজগতৰ পৰিচালক অকলেই। যেনে আল্লাহ তালাই কৈছে-সকলো প্ৰশংসা আল্লাহৰ প্ৰাপ্য, সমুদায় সৃষ্টিজগতৰ ৰব্ব। (ফাতেহা-১) الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ

 

আৰু কৈছে-নিসন্দেহে তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ যিজনে সৃষ্টি কৰিছে মহাকাশমণ্ডল আৰু পৃথিৱী ছদিনত তেতিয়া তেওঁ আৰশ্বত অধিষ্ঠিত হলে। তেওঁ দিনক আৱৰি ধৰে ৰাতিৰে—যি বেগেৰে তাৰ অনুসৰণ কৰে। আৰু সূৰ্য আৰু চন্দ্ৰ আৰু গ্ৰহ-নক্ষত্ৰবোৰ তেওঁৰ হুকুমৰ আজ্ঞাধীন। সৃষ্টি কৰা আৰু নিৰ্দেশ দান তেওঁৰ অধিকাৰভূক্ত নহয় জানো? মহিমাময় আল্লাহ—বিশ্বজগতৰ প্ৰতিপালক। (আল-আৰাফ-৫৪)

إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَى عَلَى الْعَرْشِ يُغْشِي اللَّيْلَ النَّهَارَ يَطْلُبُهُ حَثِيثًا وَالشَّمْسَ وَالْقَمَرَ وَالنُّجُومَ مُسَخَّرَاتٍ بِأَمْرِهِ أَلَا لَهُ الْخَلْقُ وَالْأَمْرُ تَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ (54)

 

আৰু কৈছে-হেৰা মানৱজাতি. তোমালোকৰ ওপৰত আল্লাহৰ অনুগ্ৰহক স্মৰণ কৰা। আল্লাহত বিনে আন কোনো স্ৰষ্টা আছেনে?যিজনে মহাকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱিকা দান কৰে। তেওঁত বিনে আন উপাস্য নাই,গতিকে ক’ৰ পৰা তোমালোকক ঘূৰাই নিয়া হৈছে। (ফাতিৰ-৩)

 يَا أَيُّهَا النَّاسُ اذْكُرُوا نِعْمَتَ اللَّهِ عَلَيْكُمْ هَلْ مِنْ خَالِقٍ غَيْرُ اللَّهِ يَرْزُقُكُمْ مِنَ السَّمَاءِ وَالْأَرْضِ لَا إِلَهَ إِلَّا هُوَ فَأَنَّى تُؤْفَكُونَ (3)

 

আৰু কৈছে-আৰু আল্লাহৰেই মহাকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব। আৰু আল্লাহ সকলো বিষয়ৰ ওপৰত সৰ্বশক্তিমান। (আল-ইমৰান-১৮৯)

وَلِلَّهِ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ وَاللَّهُ عَلَى كُلِّ شَيْءٍ قَدِيرٌ (189)

 

আৰু কৈছে-কোৱাঁ—কোন তেখেত যিজনৰ হাতত সকলো বিষয়ৰ কৰ্তৃত্ব আছে আৰু তেৱেই নিৰাপত্তা প্ৰদান কৰে, অথচ তেখেতক নিৰাপত্তা প্ৰদান কৰিব নালাগে, যদি তোমালোকে জানা। (আল-মুমিনোন-৮৮)

قُلْ مَنْ بِيَدِهِ مَلَكُوتُ كُلِّ شَيْءٍ وَهُوَ يُجِيرُ وَلَا يُجَارُ عَلَيْهِ إِنْ كُنْتُمْ تَعْلَمُونَ (88)

 

আল্লাহ তালাই সত্য উাপাস্য

আল্লাহ তালাই উপাসনাৰ একমাত্ৰ হক্ব তাৰ বাহিৰে সকোলো উপাস্য বাতিল আৰু ভাৰ্চয়াল আৰু ৰহস্যময় উপাসনাৰ হক্ব একমাত্ৰ আল্লাহ তালাই, আৰু তেওঁৰ ইবাদতৰ সম্পৰ্কে কোনো ধৰণৰ অংশীদাৰ নাই।

 

তৌহীদে ওলোহীয়ত

যদি আল্লাহ তালাই এই সাৰ্বভূমিকৰ মালিক, সৃ্ষ্টিকৰ্তা, আৰু মুদাব্বিৰ তেন্তে উপাসনাৰ হক্বদ্বাৰ একমাত্ৰ আল্লাহ তালাই যেনে আল্লাহ তালাই কৈছে-ইয়ে, কিয়নো নিসন্দেহে আল্লাহ—তেৱেই চৰম সত্য, আৰু কিয়নো তেওঁক এৰি সিহঁতে যাক মাতে সেয়া মিছা, আৰু কিয়নো আল্লাহ—তেৱেই সমুচ্চ, মহামহিম। (লুকমান-৩০)

ذَلِكَ بِأَنَّ اللَّهَ هُوَ الْحَقُّ وَأَنَّ مَا يَدْعُونَ مِنْ دُونِهِ الْبَاطِلُ وَأَنَّ اللَّهَ هُوَ الْعَلِيُّ الْكَبِيرُ (30)

 

আৰু কৈছে-হে’ৰা মানৱজাতি. তোমালোকে তোমালোকৰ প্ৰতিপালকৰ উপাসনা কৰা, যিজনে তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলকো যাতে তোমালোকে ধৰ্মপৰায়ণতা অৱলম্বন কৰা। যিজনে তোমালোকৰ নিমিত্তে পৃথিৱীখনক দলিচা বনাইছে আৰু আকাশখনক চন্দ্ৰতাপ আৰু তেওঁ আকাশৰ পৰা পঠায় বৃষ্টি, তাকে দি তাৰ পাছত ফল-ফচল উতপাদন কৰে তোমালোকৰ নিমিত্তে ৰিযেক হিচাপে। এতেকে তোমালোকে আল্লাহৰ লগতে প্ৰতিদ্বন্দ্বী থিয় নকৰিবা, অধিক কি তোমালোকে জানা। (আল-বাকাৰাহ-২১,২২)

يَا أَيُّهَا النَّاسُ اعْبُدُوا رَبَّكُمُ الَّذِي خَلَقَكُمْ وَالَّذِينَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقُونَ (21) الَّذِي جَعَلَ لَكُمُ الْأَرْضَ فِرَاشًا وَالسَّمَاءَ بِنَاءً وَأَنْزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجَ بِهِ مِنَ الثَّمَرَاتِ رِزْقًا لَكُمْ فَلَا تَجْعَلُوا لِلَّهِ أَنْدَادًا وَأَنْتُمْ تَعْلَمُونَ (22)

 

আৰু কৈছে-আৰু আল্লাহৰ উপাসনা কৰা, আৰু তেওঁৰ সৈতে অন্য কোনোবাক শ্বৰীক নকৰিবা। (আন-নিছা-৩৬)

وَاعْبُدُوا اللَّهَ وَلَا تُشْرِكُوا بِهِ شَيْئًا

 

আৰু কৈছে-তুমি কোৱা—নিশ্চয় মোৰ নামাজ আৰু মোৰ কুৰবানি আৰু মোৰ জীৱন আৰু মোৰ মৰণ বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ নিমিত্তে।কোনো শ্বৰীক নাই তেওঁৰ, আৰু এনেকোৱাই মই আদিষ্ট হৈছো, আৰু মই থাকিম মুছলিমসকলৰ আগভাগত।(আন-আম-১৬২-১৬৩)

 قُلْ إِنَّ صَلَاتِي وَنُسُكِي وَمَحْيَايَ وَمَمَاتِي لِلَّهِ رَبِّ الْعَالَمِينَ (162) لَا شَرِيكَ لَهُ وَبِذَلِكَ أُمِرْتُ وَأَنَا أَوَّلُ الْمُسْلِمِينَ (163)

 

আল্লাহ তালাৰ হক্ব বান্দাৰ ওপৰত

আল্লাহ তালাই কৈছে-আৰু মই জিন্ আৰু মানুহক্ব সৃষ্টি কৰা নাই ইয়াৰ বাহিৰে যে সিহঁতে মোকে উপাসনা কৰক। (আঝ-ঝাৰিয়াত-৫৬)

وَمَا خَلَقْتُ الْجِنَّ وَالْإِنْسَ إِلَّا لِيَعْبُدُونِ (56)

 

মাঝ (رضی اللہ عنہ)পৰা বৰ্ণিত এটি হাদীছ যে ৰাছূল (ﷺ)যি গাধাৰ ওপৰত বহী আছিল আৰু মই পিছফালে বহী আছিলো আৰু সেই গাধাৰ নাম আছিল ওফাইৰ।ৰাছূল (ﷺ)কৈছে যে এই মাঝ (رضی اللہ عنہ)তুমি জানানে আল্লাহৰ হক্ব বান্দাৰ ওপৰত কি?আৰু বান্দাৰ হক্ব আল্লাহৰ ওপৰত কি?তেতিয়া মই কৈছিলো আল্লাহ আৰু ৰাছূল (ﷺ)ভাল কৈ জানে, পিছত ৰাছূল (ﷺ)কৈছিল আল্লাহৰ হক্ব বান্দাৰ ওপৰত এই যে বান্দায়ে আল্লাহৰ ইবাদত কৰে আৰু তাৰ লগত কোনো বেলেগক অংশীদাৰ নকৰে।আৰু বান্দাৰ হক্ব আল্লাহৰ ওপৰত এই যে যি বান্দায়ে আল্লাহৰ লগত অংশীদাৰ নকৰে তাক আজাব শাস্তি নিদিয়ে (বুখাৰীঃ-২৮৫৬)

 

ইবাদত (উপাসনা) কাক কয়

ইবাদত শব্দৰ অৰ্থ হল অন্তিম আজিজী, ইনকিছাৰী। ইবাদত عبدশব্দৰ পৰা ওলাইছে যাৰ অৰ্থ হল বান্দা, গোলাম।শ্বেখুল ইছলাম ইবনে তাইমিয়াহ (رحمہ اللہ)য়ে কয় যে ইবাদত এনেকোৱা শব্দ যিটো সকলো ভাৰ্চুয়াল আৰু ৰহস্যময় কথা ও আমলক কোৱা হয় যিটো আল্লাহ তালাই পচন্দ কৰিছে আৰু যাৰ পৰা সন্তুষ্ট হয় যেনে , নামাজ, জাকাত, ৰোজা, হজ, সত্য কথা কোৱা, আমানত আদায় কৰা, মা- দেওঁতাৰ লগত ভাল ব্যৱহাৰ কৰা, চিলা ৰহমী কৰা, ভাল কামত আদেশ আৰু বেয়া কামৰ পৰা নিষেধ কৰা, দোআ, যিকিৰ, তেলাৱাতে কোৰআন আৰু এনেদৰে বেলেগ উপাসনা সমূহ। যেন আল্লাহ তালাই কৈছে-তুমি কোৱা—নিশ্চয় মোৰ নামাজ আৰু মোৰ কুৰবানি আৰু মোৰ জীৱন আৰু মোৰ মৰণ বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ নিমিত্তে।কোনো শ্বৰীক নাই তেওঁৰ, আৰু এনেকুৱাই মই আদিষ্ট হৈছো, আৰু মই থাকিম মুছলিমসকলৰ আগভাগত।(আন-আম-১৬২-১৬৩)

 قُلْ إِنَّ صَلَاتِي وَنُسُكِي وَمَحْيَايَ وَمَمَاتِي لِلَّهِ رَبِّ الْعَالَمِينَ (162) لَا شَرِيكَ لَهُ وَبِذَلِكَ أُمِرْتُ وَأَنَا أَوَّلُ الْمُسْلِمِينَ (163)

 

আল্লাহ তালাহৰ নিজৰ নাম আৰু গুণত অকলেই

মানে আল্লাহ তালাৰ অতি ভাল নাম আছে আৰু চিফাত (গুণত) তেওঁ অকলেই আৰু তাৰ কোনো ধৰণৰ অংশীদাৰ নাই।

 

তৌহীদে আছমা ও চিফাত (নাম ও গুণ)

আল্লাহ তালাহ নিজৰ নাম আৰু গুণত অকলেই, তাৰ কোনো অংশীদাৰ নাই যেনে আল্লাহ তালাই কৈছে-আৰু আল্লাহৰেই হৈছে আটাইতকৈ ভাল নামাৱলী, এতেকে তেওঁক মাতা সেইসমূহৰ দ্বাৰা, আৰু সিহঁতক এৰি দিয়া যিবিলাকে তেওঁৰ নামাৱলীক লৈ বিকৃতি কৰে। অচিৰেই সিহঁতক প্ৰতিফল দিয়া হ’ব,সিহঁতে যি কৰি গৈছে তাৰ বাবে। (আল-আৰাফ-১৮০)

وَلِلَّهِ الْأَسْمَاءُ الْحُسْنَى فَادْعُوهُ بِهَا وَذَرُوا الَّذِينَ يُلْحِدُونَ فِي أَسْمَائِهِ سَيُجْزَوْنَ مَا كَانُوا يَعْمَلُونَ (180)

 

আৰু কৈছে-যিবিলাকে পৰকাল বিশ্বাস নকৰে সিহঁতৰ গুণবত্তা নিকৃষ্ট, আৰু আল্লাহৰ হৈছে সৰ্বোন্নত গুণাৱলী। আৰু তেওঁ হৈছে সহাশক্তিশালী, পৰম জ্ঞানী। (আন-নাহল-৬০)

لِلَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ مَثَلُ السَّوْءِ وَلِلَّهِ الْمَثَلُ الْأَعْلَى وَهُوَ الْعَزِيزُ الْحَكِيمُ (60)

 

আৰু কৈছে-একোৱেই তেওঁৰ দৰে নহয় আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। (আশ্ব-শ্বুৰা-১১)

لَيْسَ كَمِثْلِهِ شَيْءٌ وَهُوَ السَّمِيعُ الْبَصِيرُ (11)

 

আৰু কৈছে-তেৱেই সেই আল্লাহ যাৰ বাহিৰে আন উপাস্য নাই, তেওঁ অদৃশ্যৰ আৰু দৃশ্যৰ পৰিজ্ঞাতা। তেওঁ বৰ কৰুণাময়, অফুৰন্ত ফলদতা। তেৱেই সেই আল্লাহ যাৰ বাহিৰে কোনো উপাস্য নাই—ৰাজাধিৰাজ, মহাপৱিত্ৰ, প্ৰশান্তি দিওঁতা, নিৰাপত্তা দিওঁতা, সুৰক্ষক, মহাশক্তিশালী, মহামহিম, পৰম গৌৰৱন্বিত। সকলো মহিমা আল্লহৰ, সিহঁতে যি আৰোপ কৰে তাতকৈ বহু ওপৰত। তেওঁ আল্লাহ, সৃজনকাৰী, উদ্ভাৱনকাৰী, ৰূপদানকাৰী, তেওঁৰেই হৈছে সৰ্বাঙ্গসুন্দৰ নামাৱলী। মহাকাশমণ্ডলত আৰু পৃথিৱীত যিসকল আছে সেইসকলে তেওঁৰেই জপ-তপ কৰে আৰু তেওঁ মহাশক্তিশালী, পৰমজ্ঞানী।(আল-হাশ্বাৰ-২২,২৩,২৪)

هُوَ اللَّهُ الَّذِي لَا إِلَهَ إِلَّا هُوَ عَالِمُ الْغَيْبِ وَالشَّهَادَةِ هُوَ الرَّحْمَنُ الرَّحِيمُ (22) هُوَ اللَّهُ الَّذِي لَا إِلَهَ إِلَّا هُوَ الْمَلِكُ الْقُدُّوسُ السَّلَامُ الْمُؤْمِنُ الْمُهَيْمِنُ الْعَزِيزُ الْجَبَّارُ الْمُتَكَبِّرُ سُبْحَانَ اللَّهِ عَمَّا يُشْرِكُونَ (23) هُوَ اللَّهُ الْخَالِقُ الْبَارِئُ الْمُصَوِّرُ لَهُ الْأَسْمَاءُ الْحُسْنَى يُسَبِّحُ لَهُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ وَهُوَ الْعَزِيزُ الْحَكِيمُ (24)

 

আবু হুৰাইৰাহৰ পৰা বৰ্ণিত আছে যে ৰাছূল ()য়ে কৈছে যে আল্লাহ তালাৰ নিৰানব্বৈ টা নাম আছে সেয়েই যি ব্যক্তিয়ে এইখিনি মূখস্ত ৰাখিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব পাৰিব। (বুখাৰী-২৭৩৬)

 

আল্লাহ তালাহ ?

কোৰআন ও হাদীছৰ আৰু ওম্মতৰ নেককাৰীৰ দ্বাৰা প্ৰমান হয় যে আল্লাহ তালাহ মহাকাশমণ্ডলৰ ওপৰত নিজৰ আৰশ্বৰ ওপৰত অধিষ্ঠিত হৈছে আৰু আৰশ্বৰ সকলো বস্তুৰ ওপৰত তাতকৈ ওপৰত কোনো বস্তু নাই।  যেনে আল্লাহ তালাই কৈছে-আল্লাহ তেৱেই যিজনে মহাকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বিষয়বস্তু সৃষ্টি কৰিছে ছয় দিনত, তাৰ পাচত তেওঁ অধিষ্ঠিত হ’ল আৰশ্বৰ ওপৰত। তেখেতক বাদ দি তোমালোকৰ বাবে অভিভাৱক কোনো নাই আৰু চুপাৰিচকাৰীও নাই। তথাপিও তোমালোকে মনোযোগ নিদিবানে। (আছ-ছেজদাহ-৪)

 اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَى عَلَى الْعَرْشِ مَا لَكُمْ مِنْ دُونِهِ مِنْ وَلِيٍّ وَلَا شَفِيعٍ أَفَلَا تَتَذَكَّرُونَ (4)

 

আৰু কৈছে-নিসন্দেহে তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ, যিগৰাকীয়ে মহাকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে ছয় দিনত, তেতিয়া তেওঁ অধিষ্ঠিত হ’ল আৰশ্বৰ ওপৰত, তেওঁসকলো বিষয় নিয়ন্ত্ৰণ কৰে। তেওঁৰ অনুমতি অবিহনে কোনো চুপাৰিচকাৰী নাই। এইজনেই আল্লাহ—তোমালোকৰ প্ৰতিপালক, এতেকে তেওঁৰেই উপাসনা কৰা। তোমালোকে তেন্তে খেয়াল নকৰানে। (ইউনুছ-৩)

 إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَى عَلَى الْعَرْشِ يُدَبِّرُ الْأَمْرَ مَا مِنْ شَفِيعٍ إِلَّا مِنْ بَعْدِ إِذْنِهِ ذَلِكُمُ اللَّهُ رَبُّكُمْ فَاعْبُدُوهُ أَفَلَا تَذَكَّرُونَ (3)

 

আৰু কৈছ-যিজনে মান-সন্মান বিচাৰে সকলো মান-সন্মানতো আল্লাহৰ । তেওঁৰেই ফালে উত্থিত হয় সকলো পৱিত্ৰ বাক্যলাপ, আৰু পূণ্যময় কাম—তাকো তেওঁ উন্নত কৰে। (ফাতিৰ-১০)

 مَنْ كَانَ يُرِيدُ الْعِزَّةَ فَلِلَّهِ الْعِزَّةُ جَمِيعًا إِلَيْهِ يَصْعَدُ الْكَلِمُ الطَّيِّبُ وَالْعَمَلُ الصَّالِحُ يَرْفَعُهُ

 

আৰু কৈছে-তেৱেই আদি অন্ত প্ৰকাশ্য আৰু গুপ্ত, কিয়নো তেৱেই সকলোবিলাক সম্বন্ধে সৰ্বজ্ঞাতা। (আল-হাদীদ-৩)

هُوَ الْأَوَّلُ وَالْآخِرُ وَالظَّاهِرُ وَالْبَاطِنُ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ (3)

 

আৰু ৰাছূল ()য়ে কৈছে আৰু জাহিৰ হয় তাৰ ওপৰত কোনো বস্তু নাই (তিৰমিযী-৩৪৮১)

 

আল্লাহ তালাই সকলোবোৰক জানি আছে যেনে আল্লাহ তালাই কৈছে-তুমি(অ মহাম্মদ)লক্ষ্য কৰা নাইনে যে আ্ল্লাহে জানে যিবিলাক আছে মহাকাশমণ্ডলত আৰু যিকিবা আছে পৃথিৱীত তিনিজনৰ কোনো গোপন-পৰামৰ্শ সভা নাই য’ত তেওঁ সিহঁতৰ চতুৰ্থজন নহয়, আৰু পাঁচজনৰো নাই য’ত তেওঁ সিহঁতৰ ষষ্ঠজন নহয়, আৰু ইয়াতকৈ কম অথবা বেচি হওঁক সকলো অৱস্থাত তেওঁ সিহঁতৰ লগত আছে যতেই সিহঁতে নাথাকক কিয়। তাৰ পাচত তেওঁ কিয়ামতৰ দিনা সিহঁতক জনাই দিব কি সিহঁতে কৰিছিল। নিশ্চয় আল্লহ সকলো বিষয়ত সৰ্বজ্ঞাতা। (আল-মুজাদিলাহ-৭)

 أَلَمْ تَرَ أَنَّ اللَّهَ يَعْلَمُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ مَا يَكُونُ مِنْ نَجْوَى ثَلَاثَةٍ إِلَّا هُوَ رَابِعُهُمْ وَلَا خَمْسَةٍ إِلَّا هُوَ سَادِسُهُمْ وَلَا أَدْنَى مِنْ ذَلِكَ وَلَا أَكْثَرَ إِلَّا هُوَ مَعَهُمْ أَيْنَ مَا كَانُوا ثُمَّ يُنَبِّئُهُمْ بِمَا عَمِلُوا يَوْمَ الْقِيَامَةِ إِنَّ اللَّهَ بِكُلِّ شَيْءٍ عَلِيمٌ (7)

 

আৰু কৈছে-তেৱেই সেইজন যিজনে মহাকাশমণ্ডল আৰু পৃথিৱী ছয় দিনতে সৃষ্টি কৰিছে, তাৰ পাচত তেওঁ সমাৰোহণ কৰিলে আৰশ্বৰ ওপৰত। তেওঁ জানে যিবোৰ পৃথিৱীৰ ভিতৰত প্ৰৱেশ কৰে আৰু যিবোৰ তাৰ পৰা ওলাই আহে, আৰু যিবোৰ আকাশৰ পৰা নামি আহে আৰু যিবোৰ তাত উঠি যায়, আৰু তেওঁ তোমালোকৰ লগত আছে যতেই তোমালোক নাথাকা কিয়। আৰু তোমালোকে যি কৰা সেইবিষয়ে আল্লাহ সাম্যক দ্ৰষ্টা।(আল-হাদীদ-৪)

هُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَى عَلَى الْعَرْشِ يَعْلَمُ مَا يَلِجُ فِي الْأَرْضِ وَمَا يَخْرُجُ مِنْهَا وَمَا يَنْزِلُ مِنَ السَّمَاءِ وَمَا يَعْرُجُ فِيهَا وَهُوَ مَعَكُمْ أَيْنَ مَا كُنْتُمْ وَاللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ (4)

 

কোৰআন ও হদীছৰ এইটো অৰ্থ নহয় যে আল্লাহ তালাহ সকলো বস্তুৰ লগত মিলি জুলি আছে, আচলতে আল্লাহ তালাই নিজৰ জ্ঞানৰ দ্বাৰা সকলোৰে ঘেৰি আছে আৰু আল্লাহ আৰশ্বত অধিষ্টিত আছে। কোনো বস্তু গুপনি নহয় যেনে আল্লাহ তালাই কৈছে-আৰু আমিতো নিশ্চয় মানুহ সৃষ্টি কৰিছো, আৰু আমি জানো তাৰ অন্তৰে তাক কি মন্ত্ৰণা দিয়ে, আৰু আমি কণ্ঠ-সিৰতকৈ তাৰ অধিক ওচৰত আছো। (কাফ-১৬)

وَلَقَدْ خَلَقْنَا الْإِنْسَانَ وَنَعْلَمُ مَا تُوَسْوِسُ بِهِ نَفْسُهُ وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنْ حَبْلِ الْوَرِيدِ (16)

 

কি আল্লাহ তালাহ একমাত্ৰ মুছলমানৰ বাবেই ?

আল্লাহ তালাই সত্য উপাস্য যিটো ইয়াহুদী আৰু খ্ৰীষ্টানসকলে নিজৰ বাইবেলত এজন উপাস্যৰ বাবে ব্যৱহাৰ কৰিছে আৰবী বাইবেলত প্ৰথম (Book of Genesis)ত শব্দ আল্লাহ ব্যৱহাৰ হৈছে (خالق)(সৃষ্টিকৰ্তা)ৰ অৰ্থত বাইবেলৰ পুৰণা চুক্তি-বদ্ধত আছে যে (Chapter of Genesis) (বাব নম্বৰ ১ পৃষ্টা নম্বৰ ১) আৰবীত শব্দ আল্লাহ ১৭ বাৰ ব্যৱহাৰ হৈছে- http://www.arabicbible.com/arabiv-bible.html-ডাউনলোড কৰিব পাৰিব।

 

আৰু চোৱা

আৰ্কানে ইছলাম, আৰ্কানে ঈমান, উপাসনা ইত্যাদি

 

হাৱালা সমূহ

-القول المفید على کتاب التوحید: الشیخ محمدبن صالح العثیمین،
شرح العقیدۃالواسطیۃ : الشیخ محمد بن صالح بن محمد العثیمین،
فقة العبادات: الشیخ محمد بن صالح العثیمین.

1381 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page