আল্লাহৰ হক্ব


মানুহৰ ওপৰত সৰ্ব প্ৰথম যদি কোনো হক্ব সংস্থাপক হয়, তেনেহলে আল্লাহৰ হক্ব হব। তেওঁ সাৰ্বভোমিক (বিশ্ব জগত) সৃষ্টি কৰিছে সম্পৰ্ণ নিপুনতা আৰু হীনতৰে । আল্লাহ অকল সকোলো মানুহক সুৰক্ষিত ৰাখিছে মাৰ গৰ্ভত, আৰু যেতিয়া পৃথিৱীত আহিছে তেতিয়াওঁ ডাঙৰ দীঘল কৰি আছে, তেওঁ সকলো বস্তুক লালন পালন কৰি আছে আৰু তেওঁলোকৰ জীৱনৰ সকলো প্ৰয়োজনিয় বস্তু প্ৰস্তুত কৰে।

 

সূচীপত্ৰ

 

কোৰান মজীদ

“আৰু আল্লাহ তোমালোকক নিৰ্গত কৰিছে তোমালোকৰ মা হঁতৰ গৰ্ভৰ পৰা তোমালোকে তেতিয়া একোৱে জনা নাছিলা, আৰু তোমালোকৰ কাৰণে তেওঁ দিছে শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি আৰু অন্তঃকৰণ যাতে তোমালোকে কৃতজ্ঞতা কৰা” (আন্ নাহালঃ-৭৮)

 

যদি আল্লাহ তেওঁ সৃষ্টিৰ পৰা কিছু সময়ৰ প্ৰতি দৃষ্টি নিদিয়ে আৰু যদি অনিষ্ট হয় তেন্তে আল্লাহৰ পুষ্টিকতা এই যে তেওঁ সমূহ সাৰ্বভোমিকটো জিয়াই ৰাখেছে।

 

হাদীছ

হজৰত আনাছ বিন মালিক (ৰাঃ)পৰা বৰ্ণিত যে, ৰাছুলল্লাহ (ছাঃ)ক ডাঙৰ পাপৰ কথা সুদিছিল নাইবা কৈছিল, তেতিয়া ৰাছুলল্লাহ (ছাঃ)কৈছিল যে, আল্লাহৰ লগত অংশীদাৰ কৰা ।(বুখাৰী)

 

আচলতে আল্লাহৰ হক্ব মানুহৰ ওপৰত এই যে মানুহে আল্লাহৰ লগত অংশীদাৰ নকৰা ।

 

আল্লাহৰ পৰা ৰিযক্

আল্লাহ সাৰ্বভোমিকৰ মদাব্বিৰ, তাৰ নিয়ামত সমুহ সৃষ্টিজগতৰ প্ৰতি ইমানেই যিখিনি মানুহে কল্পনা কৰিব নোৱাৰে। ফলত মানুহৰ ওপৰত এইটো বিবেচনা হয় যে সৰ্বপ্ৰথম আল্লাহৰ হক্ব পৰিপুৰ্ণ কৰা ।

 

আল্লাহু তালাহ বেনিয়াজ তাৰ কোনো বস্তুৰ অভাৱ নাই । আল্লাহু তাআলাহ কৈছে, আৰু তোমাৰ পৰিয়ালবৰ্গক নামাযৰ নিৰ্দেশ দিয়া আৰু তাত ব্যস্ত থকা । আমি তোমাৰ পৰা কোনো ৰিযক্ নুখোজু, আমিহে তোমাক ৰিযক্ প্ৰদান কৰো শুভ-পৰিণাম ধৰ্মপৰায়ণতাৰ কাৰণে।

 

সাৰ্বভোমিক সৃষ্টি কৰাৰ উদ্দেশ্য

আল্লাহু তালাহ মানুহৰ পৰা মাথোন এইটো হে বিচাৰে যে “মই জিন আৰু মানুহক সৃষ্টি কৰাৰ একমাত্ৰ উদ্দেশ্য যে সিহঁতে মোকে উপাসনা কৰে। আমি সেইবিলাকৰ পৰা কোনো জীৱিকা নিবিচাৰো যে সিহঁতে মোকে খুৱাব ।বৰঞ্চ আল্লাহ  তেৱেই বিৰাট ৰিযেকদাতা ক্ষমতাৰ অধিকাৰী, শক্তিমান”(আয্ যাৰিয়াতঃ-৫৬,৫৭,৫৮)

 

আল্লাহ মানুহৰ পৰা এইটোয়ে বিচাৰে যে তাৰ একমাত্ৰ হৈ উপাসনা কৰা আৰু তাৰ লগত কোনো বেলেগক  অংশিদাৰ নকৰা আৰু সঠিক বান্ধা হৈ জীৱন টো তাৰ অনুজাই হিচাবে চলাই যোৱা ।

 

বৰকত সমূহ আল্লাহৰ পৰা আহে

এজন মানুহৰ কৰ্তব্য যে, তেওঁ আল্লাহৰ কৃতজ্ঞতা কৰে ফলত আল্লাহু তালাহ তাক বহুত নিয়মত দিব। আল্লাহু তালাহ কৈছে যে “আৰু তোমালোকে অনুগ্ৰহৰ যিবোৰ পাইছা সেই সকলো আল্লাহৰ পৰাই, আকৌ যেতিয়া দুখ কষ্টই তোমালোকক পীড়া দিয়ে তেতিয়া তেওঁৰ ওচৰতে তোমালোকে বিননি কৰা”।(আন-নাহালঃ-৫৩)

 

ঈখলাচ আৰু পুণ্য কামত চেষ্টা

আল্লাহ কৈছে যে “আৰু আল্লাহৰ বাবে তোমালোকে জিহাদ কৰা তেওঁৰ নিমিত্তে জিহাদৰ কৰ্তব্য অনুসৰি । তেওঁ তোমালোকক মনোনীত কৰিছে, অৱশ্যে তেওঁ ধৰ্মৰ বিষয়ত তোমালোকৰ ওপৰত কোনো কাঠিন্য আৰোপ কৰা নাই । তোমালোকৰ পিতৃপৰুষ ইব্ৰাহীমৰ ধৰ্মমত । তেওঁ ইয়াৰ আগতে তোমালোকক নাম দিছিলে মুছলিম বুলি আৰু ইয়াতেও যাতে এই ৰাছূল (ছাঃ)তোমালোকৰ নিমিত্তে এজন সাক্ষী হব পাৰে ,আৰু তোমালোকো জনগণৰ কাৰণে সাক্ষী হব পাৰা এতেকে তোমালোকে নামায কায়েম কৰিবা আৰু যাকাত আদায় কৰিবা আৰু আল্লাহক টানকৈ থাকিবা । তেৱেঁই তোমালোকৰ অভিভাৱক, এতেকে কিমান উত্তম এই অভিভাৱক, আৰু কিমান উত্তম এই সাহায্যকাৰী” (আল হাজ্জঃ-৭৮)

 

উপাসনাত  আৰামদায়ক

আল্লাহ তালাহ চায় যে মানুহে একমাত্ৰ আল্লাহৰ উপাসনা কৰে আৰু দ্বীনৰ যিটো নিয়ম আছে সিটো ভালকৈ পৰিপূৰ্ণ কৰে। পাচঁ টাইম নামায আদায় কৰে, যাতে পাপ ক্ষমা হয় আৰু অন্তৰটো পৰিষ্কাৰ কৰি ৰাখে। মুছলমানৰ উচিত যে নামাযক নামাযৰ নিয়ম নীতি হিচাবে আদায় কৰে। আল্লাহু তালাহ কৈছে যে আল্লাহক ভয়-ভক্তি কৰা যিমানখিনি তোমালোকৰ সক্ষম হয়।

 

ঈমৰান বিন হুচেন (ৰাঃ)পৰা বৰ্ণিত যে ৰাছুলুল্লাহ (ছাঃ) কৈছে থিয় হৈ নামায আদায় কৰিবা, যদি থিয় হোৱাৰ শক্তি নাই তেনেহলে বহি আদায় কৰিবা, আৰু যদি বহিবলৈ শক্তি নাই তেনেহলে বিছনাত শুৱা অৱস্তাত আদায় কৰিবা।

 

আৰু আল্লাহু তালাহ চায় যে বান্ধায়ে নিজৰ ধনৰ পৰা কিবা যাকাতৰ এটা অংশ দুখীয়া,দৰকাৰী,ঋনদাৰ মানুহক দিয়ে। আৰু যাকাত টো ধনী মানুহৰ ওপৰত বুজা নহয়। এইটো তেওঁলোকৰ প্যাপ্পত লাভদায়ক যে যাৰ দ্বাৰা দুখীয়া,দৰকাৰী,ঋনদাৰ মানুহৰ বহুত বস্তুৰ কষ্ট দূৰ হয়।

 

আল্লাহু তালাহ এইটো যে বান্ধায়ে ৰোজা ৰাখে। আল্লাহু তালাহ কৈছে, যে ৰমযান মাহত কুৰআন অৱতিৰ্ণ হৈছিল মানৱজাতিৰ কাৰণে, পথপ্ৰদৰ্শকস্বৰূপে আৰু পথনিদেৰ্শৰ স্পষ্ট প্ৰমাণৰূপে। গতিকে তোমালোকৰ মাজত যিয়েই এই মাহটো পাই সি যেন ৰোযা ৰাখে। আৰু যি অসুস্থ বা ভ্ৰমণত আছে তেন্তে সি অন্যদিনবোৰত সংখ্যা পূৰণ কৰে।

 

হজ কৰা

আল্লাহৰ ঘৰৰ হজ কৰা কৰ্তব্য (ফৰজ)সেই মুছলমান ব্যক্তিৰ ওপৰত যাৰ হজ কৰাৰ শক্তি আছে, আমাৰ ওপৰত নিৰ্দাৰীত যে আল্লাহক মানি চলো আৰু তাৰ বাধা দিয়া বস্তুৰ পৰা দূৰত থাকো।

 

এইবিলাক সকোলো কাৰ্য্য আল্লাহু তালাহ আমাৰ পৰা খুজে যিটো কঠিন আৰু জটিল নহয়। যিটো আদায় কৰা বহুত ছুৱাব (পূণ্য)ৰ কথা । আল্লাহু তালাহ কৈছে যাকে জুই(দুযক)ৰ পৰা বহু দূৰত ৰখা হব আৰু বেহেশ্বতত প্ৰৱেশ কৰা হব সেয়েই হল সফল্য ।

 

1366 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page