আখেৰাতৰ দিনৰ ওপৰত ঈমান


আখেৰাতৰ দিন মানে কিয়ামতৰ দিন, সেইদিনাখন মানুহৰ আমলৰ হিচাপ আৰু ফলাফলৰ কাৰণে পুনৰাই জীৱিত কৰিব। সেইদিনাখনকেই আখেৰাতৰ দিন জনা যায় কাৰণ তাৰ পিছত তেনে কোনো দিন আৰু নাহে। কিয়নো সকলো জান্নাতী আৰু যাহান্নামী মানুহ সেইদিনাখনেই নিজৰ নিজৰ স্হান পৰিবহন কৰিব। সেইদিনৰ ওপৰত ঈমান আনা ঈমানৰ এক অন্যতম ভেটী. সেই দিনৰ বাহিৰে কোনো মানুহৰেই ঈমান মানি লোৱা নহ’ব। 

 

সূচীপত্ৰ

 

তিনিটা বস্তুৰ ওপৰত ভৃত্তি কৰি আখেৰাতৰ ওপৰত ঈমান আনা হয়

১. দ্বিতীয় বাৰ জীৱিত কৰাৰ ওপৰত ঈমান আনা, মানে দ্বিতীয় বাৰ বাঁশিত ফুকি দিয়াৰ লগে লগে মৃত্যু সকলক জীৱিত কৰা হ’ব, পিছত সকলো মানুহ খালি ভৰিৰে, শৰীৰত কাপোৰ নাইকীয়া হৈ আৰু মুছলমানি নোহোৱা কৈ আল্লাহৰ সন্মুখত থিয় হ’ব।যেনে আল্লাহ তালাই কৈছে যে-“সেই দিনা আমি আকাশক জপাই লম যেনেকোৱা জপোৱা হয় লিখিত নথি পত্ৰ যিদৰে আমি প্ৰথম সৃষ্টি কৰিম  ওৱাদা ৰক্ষা কৰা আমাৰ ওপৰত ন্যস্ত নিসন্দেহে আমি কৰ্মকৰ্তা”।(আল আম্বিয়া-১০৪)

 

২. দ্বিতীয় বাৰ জীৱিত কৰা এইটো সত্য আৰু অটল-এই বিষয়ে কোৰান, হাদীছত উল্লেখত আছে আৰু সকলো মুছলমানেই এই বিষয় সত্য বুলি থিৰাং কৰিছে, যেনে আল্লাহ তালাই কৈছে যে-“তাৰ পাচত নিসন্দেহে তোমালোকে ইয়াৰ পাচত অৱশ্যে মৃত্যু বৰণ কৰিবা- তাৰ পাচত তোমালোকক অৱশ্যেই কিয়ামতৰ দিনা পুনৰুহ্থিত কৰা হ’ব।

 

আৰু নবী ছঃ পৰা বৰ্ণিত আছে যে- ‘সকলো মানুহ খালি ভৰিৰে, শৰীৰত কাপোৰ নাইকীয়া হৈ আৰু মুছলমানি নোহোৱা কৈ আল্লাহৰ সন্মুখত থিয় হ’ব’।(বুখাৰী)

 

এই কথাত সকলো মুছলমান আৰু জ্ঞানৰ তাকাজা যে আল্লাহ তালাই নিজৰ মখলোকক দ্বীতিয় বাৰ জীৱিত কৰিব আৰু ৰাছুলৰ হৈতে তেওঁলোকক যি আদেশ দিছিল তাৰ ফলাফল দিব, যেনে আল্লাহ তালাই কৈছে যে “তোমালোকে তেন্তে ভাবিছিলানে যে আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছো, আৰু আমাৰ আগত তোমালোকক উভতাই অনা নহ’ব”-

আকৌ কৈছে-“বাস্তৱতে যিজনে তোমাৰ ওপৰত কোৰান বিধান কৰিছে তেওঁ নিশ্চয় তোমাক ওভোতাই আনিব প্ৰত্যাৱৰ্তনৰ ঠাইত তুমি কোৱাঁ মোৰ আল্লাহে ভাল দৰে জানে কোনে পথনিৰ্দেশ লৈ আহিছে আৰু কোন হৈছে স্বয়ং সুস্পষ্ট বিভ্ৰান্তিৰ মাজত”।

 

২. হিচাপ আৰু ফলাফলৰ ওপৰত ঈমান আনা

অথচ বান্দাৰ সকলো আমলৰ হিচাপ হ’ব আৰু সেই মতেই ফলাফল দিয়া হ’ব। আল্লাহ তালাই কৈছে যে- “নিসন্দেহে আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন,-তাৰ পাচত আমাৰ ওপৰতেই ৰৈ আছে সিহঁতৰ হিচাপ-নিকাচৰ ভাৰ”।আৰু এক জাগাত আছে যে-“যি কোনোবাই এটা ভাল কাম লৈ আহে, তাৰ কাৰণে তেতিয়া থাকিব দহটি তাৰ অনুৰূপ , আৰু যি কোনোবাই এটা বেয়া কাম লৈ আহে, তাক তেতিয়া প্ৰতিদান দিয়া নহয় তাৰ অনুৰূপ ব্যতীত আৰু সিহঁতৰ প্ৰতি অন্যায় কৰা নহ’ব”।আৰু এক জাগাত আছে যে- “আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ মানদণ্ড স্হাপন কৰিম, সেই কাৰণে কোৰো প্ৰতি অকণমানো অন্যায় কৰা নহ’ব । আৰু যদি সেয়া সৰিয়হ গুটিৰ ওজনৰ সমানো হয় আমি তাকে লৈ আহিম। আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়ে যথেষ্ট”।

 

    আব্দুল্লাহ বিন ওমৰ ৰঃ পৰা বৰ্ণিত আছে যে নবী কৰিম ছঃ মে কৈছে-‘কিয়ামতৰ দিনা পূণ্যবান ব্যক্তি সকলক আল্লাহ তালাই কাষত মাতি আনি পৰ্দাৰ আঁৰত সুধপুছ কৰিব যে এইবোৰ পাপ জাননে তেওঁ উত্তৰ দিব হয় মোৰ আল্লাহ, ইয়াতেই তেওঁ নিজৰ পাপ স্বীকাৰ কৰি বুজিব যে তেওঁ ধংস হৈছে তেতিয়া আল্লাহ তালাই তাক ক’ব আমি তোৰ পাপ দুনীয়াত পৰ্দাৰ আঁৰত সামৰী ৰাখিছিলো আজি মই তোৰ এই পাপ ক্ষমা কৰি দিছো অৱশেষত আল্লাহ তালাই তাক তেওঁৰ পূণ্য আমলৰ ফলাফল দিব কিন্ত্ত বেদ্বীন আৰু মুনাফিকীন সকলক, সকোলো মখলোকৰ সন্মুখত আল্লাহ তালাই ক’ব- যে এই সকল লোক যিসকলে আল্লাহ তালাক মিথ্যাবাদী বুলি প্ৰমান কৰিছে, সাৱধান !জুলুম কাৰীৰ ওপৰত আল্লাহৰ ঘৃণা হব।

 

            কিয়ামতৰ দিনা সকলো মানুহৰ আমলৰ হিচাপ আৰু তাৰ ফলাফল হোৱাৰ সকলো মুছলমান এক মত. জ্ঞানৰ তাকাজা যে আল্লাহ তালাই কোৰান আৱতাৰণ কৰিছে ৰাছুল পেৰন কৰিছে, যে যিবোৰ শ্বৰিয়তে আহকাম আনিছে তাৰ মাজত যিটো ৱাজীব কৰিছে সেইটো বান্দাই আমল কৰা ফৰজ হ’ব। আৰু যি সকল মানুহে এইটো অৱিশ্বাস কৰে সেই সকলৰ লগত যুদ্ধ আৰু তেওঁলোকৰ ধন সন্পত্তি হালাল কৰিছে। যদি সকলো আমলৰ হিচাপ নহ’য় আৰু এই মতেও নহ’য় তেনেহলে আল্লাহৰ সকলো আহকাম বেকাৰ আৰু বাতিল হব। যিহেতু সাৰ্বভুমিকৰ মালিক আল্লাহ তালাই প্ৰত্যেক বেকাৰ বস্তুৰ পৰা আতৰত আছে। যেনে আল্লাহ তালাহ কৈছে যে-“আমি তেতিয়া সিহঁতক অৱশ্যেই প্ৰশ্ন কৰিম যিসকলৰ ওচৰত প্ৰেৰণ কৰা হৈছিল, আৰু আমি নিশ্চয় প্ৰেৰিত পুৰুষসকলকো সুধিম – তেতিয়া আমি নিশ্চয় সিহঁতৰ ওচৰত বৰ্ণনা কৰিম জ্ঞানৰ সৈতে, আৰু আমিতো অনুপস্হিত নাছিলো”।(ছুৰা-আল-আৰাফঃ-৬,৭)

 

৩. জান্নাত আৰু জাহান্নামৰ ওপৰত ঈমান আনা

মানে এই দুয়ো ঠাই মখলোকৰ সদায় থাকিবলৈ চিৰস্হান।

 

    জান্নাত হ’ল, ফলাফলৰ ঘৰ, আল্লাহ তালাই মুত্তাকী আৰু মুমীন সকলৰ বাবে ৰাখিছে যি সকলে এইবোৰ বস্তুৰ ওপৰত ঈমান আনিছে আৰু আল্লাহৰ ৰাছুল সকলৰ ওপৰত অন্তৰে ঈমান আনিছে তেওঁলোকৰ বাবে নানান ধৰণৰ জান্নাতত নিয়ামত ৰাখিছে যেনে হাদীছত আছে যে- যিটো, কোনো চকুয়ে দেখা নাই কোনো কাণৰে শুনা নাই কোনো মানুহৰ অন্তৰেও ভাৱা নাই।

 

    আল্লাহ তালাই কৈছে যে- “অন্যথাই যিসকলে ঈমান আনিছে আৰু ভাল কাম কৰিছে তেওঁলোকেই খোদ সৃষ্টজগতৰ মাজত শ্ৰেষ্ঠতম—তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত – বিনন্দীয়া বাগানসমূহ যিবিলাকৰ তলেদি বৈ গৈছে নজৰাবোৰ, তাত তেওঁলোকে অৱস্হান কৰিব চিৰকাল । আল্লাহ তেওঁলোকৰ ওপৰত সন্তুষ্ট আৰু তেওঁলোকৰ সন্তুষ্ট তেখেতৰ প্ৰতি এইখিনি। তেওঁৰ বাবে যিজনে তেওঁৰ প্ৰতিপালকক অসন্তুষ্টিত ভয় কৰে”।আৰু এক জাগা আল্লাহ তালাই কৈছে যে-“গতিকে কোনো সত্ত্বাই নাজানে চকু-জুৰোৱা কি তেওঁলোকৰ বাবে লুকোৱা আছে এটি পুৰস্কাৰ যি তেওঁলোকে কৰ আছিল তাৰ বাবে”।

 

    জাহান্নাম হ’ল আযাবৰ ঠিকনা, আল্লাহ তালাই সেই ব্যেক্তি সকলৰ বাবে ৰাখিছে, যি সকলে আল্লাহক মানা নাই আৰু ৰছুল সকলক অমান্ন্য কৰিছে। আল্লাহ তালাই তেওঁলোকৰ বাবে নানা ধৰণৰ আযাব ৰাখিছে কোনো মানুহেই জাহান্নামৰ ভয়ানক আজাবৰ অনুভাৱ কৰিবও নোৱাৰে।

 

আল্লাহ তালাই কৈছে-“আৰু সতৰ্কতা অৱলম্বন কৰা সেই জুইসম্বন্ধে যাক তৈয়াৰ কৰা হৈছে অবিশ্বসীবিলাকৰ কাৰণে”।আৰু এক জাগাত আল্লাহ তালাই কৈছে যে-“আৰু তুমি কোৱা  তোমাৰ প্ৰতিপালকৰ পৰা সত্য, সেই কাৰণে যি ইচ্ছা কৰে সি যেন বিশ্বাস কৰে আৰু যি বিচাৰে সি অবিশ্বাসেই কৰক নিশ্চয় অন্যায়কাৰীবিলাকৰ কাৰণে আমি প্ৰস্তুত কৰিছো জুই, ইয়াৰ বেৰাই সিহঁতক আগুৰি ধৰিব। আৰু সিহঁতে যদি হ’ব গলিত সীহৰ নিচিনা পানী যিয়ে সিহঁতৰ মুখমণ্ডল পুৰি পেলাব ই কিমান নিকৃষ্ট পনীয় আৰু কেনে বেয়া সেই বিশ্ৰামস্হল”।

 

আৰু এক জাগাত আল্লাহ তালাই কৈছে যে-“আল্লাহে নিশ্চয়কৈ অবিশ্বাসীবিলাকক ধিক্কাৰ দিছে আৰু সিহঁতৰ কাৰণে প্ৰস্তুত কৰিছে ওটি জ্বলন্ত জুই। যত সিহঁতে থাকিব সুদীৰ্ঘকাল সিহঁতে নাপাব কোনো অভিভাৱক আৰু নাইবা কোনো সহায়ক। সেইদিনা যেতিয়া সিহঁতৰ মুখ জুইৰ মাজত উলটাই-পালটাই দিয়া হব সিহঁতে কব—আস আমাৰ দুৰ্ভোগ আমি যদি আল্লাহক মানি চলিলোহেঁতেন আৰু ৰছুলৰ আজ্ঞা পালন কৰিলোহেঁতেন”।

 

আখেৰাতৰ দিনত ঈমান আনাৰ ফলাফল

    ১. সেই দিনাৰ ফলাফলৰ আকাংক্ষা আৰু তাৰ বিষয়ে আগ্ৰহ ।

    ২. সেই দিনাৰ আজাবৰ পৰা ৰক্ষা পাবৰ কাৰণে বেদ্বীনৰ লগত সম্বন্ধ নাইকীয়া হ’ব।

    ৩. মমীন ব্যক্তি সকলে আখেৰাতৰ পৰা যিখিনি সম্পদ পাব দুনীয়াত যে তেওঁলোকে একো পোৱা নাই সেয়া পাহৰি যাব।

 

আৰু চোৱা

আৰকানে ঈমান, আৰকানে ইছলাম, জান্নাত, জাহান্নাম, পুল চিৰাত, মিজান, কিয়ামতৰ চিহ্ন ইত্যাদী।

 

হাৱালা সমূহ

কিতাবু শ্বৰহু ৱাছুলুল ঈমান—মোঃ- বিন চালেহ আল ওচাইমীন

1134 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page