ৰাছূল সকলৰ ওপৰত ঈমান


ৰাছূলৰ অৰ্থ হ’ল পয়গাম্বৰ (মহাপুৰুষ)যাক কোনো বস্তুক জানিবলৈ পঠিয়াই দিয়া হৈছে কিন্তু ইয়াত আচল অৰ্থ হ’ল যে মানুহৰ ভিতৰত সেই ব্যক্তিসকল যাৰ ওচৰত আল্লাহ তালাই নিজৰ কথা (ৱাহী) নাজিল কৰে আৰু মানুহক আল্লাহৰ কথাৰ বিষয়ে আদেশ দিয়ে।যেতিয়া আল্লাহ তালাই আদম (আঃ)-ক প্ৰেৰণ কৰিছিল আৰু তাৰ সন্তান সকলক পৃথিৱীত বিয়পাই দিছিল তেতিয়া আল্লাহ তালই তেওঁলোকক খোৱা-বোৱা আৰু চলা-ফিৰাৰ ব্যৱস্থা কৰি দিছিল আৰু আদম (আঃ)-ৰ ওপৰত ৱাহী পঠিয়াইছিল ফলত তাৰ কিছুমান সন্তানে ঈমান আনিছে আৰু কিছুমান সন্তানে আনা নাই। যেনে আল্লাহ তালাই কৈছে যেঃ- আমি প্ৰত্যেক ওম্মতৰ এজন ৰাছূল প্ৰেৰণ কৰিছো একমাত্ৰ আল্লাহৰ উপাসনা কৰিবলৈ আৰু আল্লাহৰ বাহিৰে সকলো মাবুদৰ পৰা দূৰত থাকিবলৈ, ফলত কিছুমান মানুহে আল্লাহৰ হিদায়াত (সঠিক পথ) পালে আৰু কিছুমান মানুহে পোৱা নাই  (ছূৰা আন-নাহলঃ-৩২) সৰ্ব প্ৰথম ৰাছূল নূহ আৰু শেষত মুহাম্মদ (ছাঃ) যেনে আল্লাহ তালাই কৈছে যেঃ- নিঃসন্দেহে আমি তোমাৰ ওচৰত প্ৰত্যাদেশ পঠিয়াইছো যেনেকৈ আমি প্ৰত্যাদেশ দিছিলো নূহ (আঃ)-ক আৰু তেওঁৰ পৰৱতী নবী সকলক, (আন-নিছাঃ-১৬৩)

 

সূচীপত্ৰ

 

কোৰান

আল্লাহ তালাই কয় যেঃ- আৰু কোনো বাণীবাহকক আমি পঠোৱা নাই সুসংবাদদাতাৰূপে আৰু সতৰ্ককাৰীৰূপে ব্যতিৰেকে এতেকে যি কোনোবাই ঈমান আনে আৰু সতকাম কৰে সেইসকলৰ ওপৰত নাথাকিব কোনো ভয়-ভীতি, আৰু তেওঁলোকে নকৰিব অনুতাপ। আৰু যিবিলাকে আমাৰ নিৰ্দেশাৱালীত মিথ্যাৰোপ কৰিছে, শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব, কিয়নো সিহঁতে দুষ্কৃতি কৰি গৈছিল।(আল-আন-আমঃ-৪৮,৪৯) আৰু কয় যেঃ-আৰু নিশ্চয় আমি তোমাৰ আগতে ৰছূলসকলক পঠিয়াই দিছো তেওঁলোকৰ মাজৰ কাৰোবাৰ সম্বন্ধে তোমাৰ ওচৰত আমি বিব্ৰত কৰিছো, আৰু তেওঁলোকৰ মাজৰ আনৰ সম্বন্ধে আমি তোমাৰ ওচৰত বিব্ৰত কৰা নাই আৰু কোনো ৰাছূলৰেই কাম নহয় যে তেওঁ আল্লাহৰ অনুমতি ব্যতীত কোনো নিদৰ্শন লৈ আহিব, কিন্তু যেতিয়া আল্লাহৰ নিৰ্দেশ আহি যাব, তেতিয়া মীমাংসা হৈ যাব ন্যায়সংগতভাৱে, আৰু ভ্ৰান্তিত থকা বিলাক চমুতেই নাদেহাল (গাফিৰঃ-৭৮)। আৰু কয় যেঃ-আৰু তোমাৰ আগতে আমি মানৱসকলৰ বাহিৰে আন কোনোবাক পঠোৱা নাছিলো। যিসকলৰ ওচৰত আমি প্ৰত্যাদেশ দিছিলো, এতেকে তোমালোকে স্মৰণীয়-গ্ৰন্থৰ অধিকাৰী সকলক সোধা, যদি তোমালোকে নাজানা । আৰু আমি তেওঁলোকক এনে শৰীৰ দিয়া নাছিলো যে তেওঁলোকে খাদ্য নাখাব, আৰু তেওঁলোক চিৰজীৱী নাছিলে। তাৰ পাচত তেওঁলোকৰ ওচৰত আমি ওৱাদাহ পূৰ্ণ কৰিছিলো, গতিকে আমি উদ্ধাৰ কৰিছিলো তেওঁলোকক, আৰু যিসকলক আমি ইচ্ছা কৰিছিলো, আৰু ধ্বংস কৰিছিলো সীমালঙ্ঘনকাৰীবোৰক। (আল-আম্বিয়াঃ-৭,৮,৯) আৰু কয় যেঃ-নিশ্চয় যিসকলে অবিশ্বাস কৰে আল্লাহক আৰু তেওঁৰ ৰাছূলসকলক, আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰছূলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে, আৰু সিহঁতে কয় আমি ঈমান আনিছো কেইজনমানৰ প্ৰতি আৰু অস্বীকাৰ কৰিছো কেইজনক আৰু যিসকলে বিচাৰে ইয়াৰ মাজত এটি পথ লবলৈ, এইবিলাক নিজেই হৈছে প্ৰকৃত অবিশ্বাসী, আৰু আমি অবিশ্বাসীবোৰৰ নিমিত্তে তৈয়াৰ কৰিছো লাঞ্ছনাদায়ক শাস্তি।(আন-নিছাঃ-১৫০,১৫১)

 

আল্লাহ তালাই প্ৰত্যেক ওম্মতৰ ৰাছূল পঠিয়াইছে

আল্লাহ তলাই প্ৰত্যেক উম্মত আৰু জাতিৰ ওচৰত নবী আৰু ৰাছূল প্ৰেৰণ কৰিছে কিন্তু আল্লাহ তালাই কোনো উম্মতৰ নতুন শ্বৰিয়াত দি পঠিয়াইছে নাইবা আগৰ নবীৰ কথা আৰু শ্বৰিয়াত জাগ্ৰত কৰিবলৈ পঠিয়াইছে। যেনে আল্লাহ তালাই কয় যে-আৰু আমি অৱশ্যেই প্ৰত্যেক জাতিৰ মাজত এক একজন ৰাছূল থিয় কৰাইছো এই বুলি আল্লাহৰ উপাসনা কৰা আৰু তাগুতৰ পৰা আতৰত থকা (আন-নাহলঃ-৩৬) আৰু এক দ্বিতীয় ঠাইত আছে যে-আৰু এনে এটি সম্প্ৰদায় নাই যিবিলাকৰ মাজত এজন সতৰ্ককাৰী অহা নাই।(ফাতিৰঃ-২৪) আৰু এক স্থানত আছে যে-নিঃসন্দেহে আমি অৱতাৰণ কৰিছো তওৰাত, য’ত ৰৈছে পথপ্ৰদৰ্শন আৰু দীপ্তি। ইয়াৰ দ্বাৰা নবীসকলে, যিসকলে ইছলাম অনুসৰণ কৰিছিলে, বিধান দিছিলে সিহঁতক যিবিলাকে ইহুদীয় মত পোষণ কৰে,

 

সকলো ৰাছূলমানুহ(ইনছান) আৰু খলোক হয়

সকলো ৰাছূল মানৱ আৰু মখলোক এই ৰাছূল সকলৰ মাজত কোনো ধৰণৰ ইলাহী গুণ নাই বৰঞ্চ মুহাম্মদ ছাঃ-ৰো কোনো ক্ষমতা,ইলাহী সম্পৰ্কে নাই বা নিজৰ বিষয়ে কোনো লাভ লোকচানৰ ক্ষমতা নাই যেনে আল্লাহ তালাই কৈছে যে-তুমি কোৱা—মই কোনো ক্ষমতা নাৰাখো মোৰ নিজৰ নিমিত্তে কোনো লাভ কৰাৰ আৰু লোকচান কৰাৰও নাই—আল্লাহে যিটো বিচাৰে তাৰ ব্যতিৰেকে। আৰু যদি মই অদৃশ্যৰ সম্যক জ্ঞান ৰাখিলোহেঁতেন তেন্তে মই কল্যাণৰ প্ৰাচুৰ্য বনাই ললোহেঁতেন, আৰু কোনো অনিষ্টই মোক স্পৰ্শ নকৰিলেহেঁতেন মইতো এজন সতৰ্ককাৰী নহওঁ জানো, আৰু এজন সুসংবাদদাতা সেইলোক সকলৰ কাৰণে যিসকলে ঈমান আনিছে।(আল-আৰাফঃ-১৮৮) আৰু এক স্থানত আছে যে-তুমি কোৱা—মই কোনো কৰ্তৃত্ব নাৰাখো তোমালোকৰ ওপৰত আঘাত কৰাৰ অথবা উপকাৰ কৰাৰ। তুমি কৈ যোৱা নিশ্চয় কোনেও মোক কেতিয়াও ৰক্ষা কৰিব নোৱাৰিব আল্লাহৰ পৰা এৰি মই কেতিয়াও কোনো আশ্ৰয়ো নাপাম (জিনঃ-২১,২২)

 

ৰাছূলসকলৰ লগত মানৱ জাতিৰ সমস্ত গুণ আছে যেনে-অসুখ, খোৱা-লোৱা, পেচাব, ইত্যাদী এই বিষয়ে ইব্ৰাহীম (আঃ) নিজৰ বিষয়ে আল্লাহ তালাৰ লগত যি কৈছিল সেই বিষয়টো কোৰানত এনেকৈ উল্লেখ আছে যে-আৰু যিজনে মোক আহাৰ কৰায় আৰু মোক পান কৰিব দিয়ে। আৰু যেতিয়া মই বেমাৰত ভোগো তেৱঁই মোক আৰোগ্য কৰে, আৰু যিজনে মোৰ মৃত্যু ঘটাব তাৰ পাচত মোক জীৱন দিব।(আশ্ব-শ্বু-আৰাঃ-৭৯,৮০,৮১) এনেকোৱা নবী কৰিম (ছাঃ) কৈছে যে-আমিতো তোমাৰ নিচিনা এজন মানৱ যেনেকোৱা তোমালোকে পাহৰি যোৱা তেনেকোৱো মোৰো, প্ৰাৰ্থক্য এইটোয়েই যে মই পাহৰিলে মোক আল্লাহে মনত পেলাই দিয়ে।(বুখাৰী,মুছলিম)

 

সকলো ৰাছূল ইবাদত উচ্ছ স্থানত আছে

আল্লাহ তালাই নবীসকলক ইবাদতৰ উচ্ছ স্থানতদিছে কোৰানত অনেক ঠাইত তেওঁলোকৰ গুণ গোৱা হৈছে যেনে নূহ (আঃ)ৰ-বিষয়ে কৈছে সেইসকলৰ বংশধৰ যিসকলক আমি নূহ (আঃ)-ৰ সৈতে বহন কৰিছিলো নিঃসন্দেহে তেওঁ আছিল এজন কৃতজ্ঞ বান্দা।(ইছৰাঃ-৩)আৰু মুহাম্মদ (ছাঃ)ৰ-বিষয়ে কৈছে যে-মহামহিম তেওঁ যিজনে তেখেতৰ দাসৰ ওচৰত অৱতাৰণ কৰিছে এই ফুৰকানখন যেন তেওঁ বিশ্বমানৱৰ কাৰণে এজন সতৰ্ককাৰী হ’ব পাৰে।(আল-ফুৰকানঃ-১) এনেকোৱা ইব্ৰাহীম, ইছহাক, ইয়াকুব (আঃ)ৰ-বিষয়ে আৰু স্মৰণ কৰা আমাৰ দাস ইব্ৰাহীম আৰু ইছহাক আৰু ইয়াকুব-(আঃ)-ক তেওঁলোক আছিল ক্ষমতাৰ অধিকাৰী আৰু অন্তৰ্দৃষ্টিৰো। বাস্তৱিকতে আৰম তেওঁলোকক বনাইছিলো এটি অকৃত্ৰিম গুণত নিষ্ঠাৱান বাসস্থানৰ স্মৰণ। আৰু নিশ্চয় তেওঁলোক আমাৰ আগত আছিল অৱশ্যে মনোনীত সজ্জনসকলৰ অন্যতম (ছূৰা-চাদঃ-৪৫,৪৬,৪৭) আৰু ইছা বিন মাৰয়মৰ বিষয়ে কৈছে যে-তেখেত (ঈছা) এজন বান্দাৰ বাহীৰে আন কোনো নহয় যাৰ প্ৰতি আমি অনুগ্ৰহ প্ৰদান কৰিছো, আৰু তেওঁক আমি ইছৰাইলৰ বংশধৰবিলাকৰ বাবে আদৰ্শস্বৰূপ বনাইছিলো।(জুখৰুফঃ-৫৯)

 

ৰাছূল সকলৰ ওপৰত ঈমানৰ চাৰিটা ভেটি আছে

১. এই কথাত ঈমান আনিব লাগিব যে ৰাছূল আৰু ৰাছূলৰ আদেশ আল্লাহৰ তৰফৰ পৰা আহিছে আৰু এইবিলাক সত্য, যিসকলে ৰাছূলৰ কোনো আদেশ অমান্ন্য (ইনকাৰ) কৰিব তেওঁলোক ৰাছূল আৰু আদেশবোৰ অমান্ন্য কৰিলে যেনে আল্লাহ তালাই কৈছে যে-নূহ(আঃ)-ৰ স্বজাতিয়ে ৰাছূলসকলক মিথ্যাৰোপ কৰিছিল।(আশ্ব-শ্বু-আৰাঃ-১০৫)

 

ভাবি চোৱা যে আল্লাহ তালাই নূহ (আঃ)ৰ-ওম্মতক সকলো ৰাছূলৰ অমান্ন্য বুলি কৈছে যিহেঁতো তেওঁলোকে যেতিয়া অমান্ন্য কৰিছিল তেতিয়া সেই সময়ত অন্য কোনো ৰাছূল নাছিল এনে অৱস্থাত যিবিলাক খ্ৰিষ্টীয়ানে মুহাম্মদ (ছাঃ)ক-অমান্ন্য কৰিছে আৰু কথা মানা নাই তেওঁলোকে আচলতে ঈছা বিন মাৰয়মক অমান্ন্য কৰিলে তাৰ আদেশবোৰকো । কিয়নো  ঈছা বিন মাৰয়মক মুহাম্মদ (ছাঃ)-ৰ-বিষয়ে সুসংবাদ দিছিল যে মোৰ পিছত এজন ৰাছূল আহিব যাৰ জৰিয়তে আল্লাহ তালাই মানুহক বেয়া ৰাস্তাৰ (বাতিলৰ) পৰা দূৰত ৰাখিব আৰু সত্য পথ (ৰাস্তা) দিখোৱাব।

 

২.  সেইবিলাক ৰাছূলসকলৰ ওপৰত ঈমান আনা যিবিলাক ৰাছূলৰ নাম আমি জানো যেনে-মুহাম্মদ (ছাঃ), ইব্ৰাহীম, মোছা, ঈছা, আৰু নূহ (আঃ) এই পাঁচ জন ওলুল আযম ৰাছূল হয়। আল্লাহ তালাই কোৰানত দুই ঠাইত উল্লেখ কৰিছে যেনে-আৰু স্মৰণ কৰা আমি নবীসকলৰ পৰা তেওঁলোকৰ অ্ঙ্গীকাৰ গ্ৰহণ কৰিছিলে আৰু তোমাৰ পৰাও আৰু নূহ আৰু ইব্ৰাহীম আৰু মূছা আৰু মাৰিয়ামৰ পুত্ৰ ঈছা (আঃ)-ৰ পৰ আৰু তেওঁলোকৰ পৰা আমি গ্ৰহণ কৰিছিলো এটি সুদৃঢ় অংগীকাৰ।(আল-আহজাবঃ-৭) আৰু এক ঠাইত আছে যে-তেওঁ তোমালোকৰ বাবে সেই ধৰ্মৰ পৰা বিধান দিছে যাৰ দ্ধাৰা তেওঁ নূহ (আঃ)-ক নিৰ্দেশ দিছিলে, আৰু যাৰ দ্ধাৰা আমি ইব্ৰাহীমক আৰু মূছাক আৰু ঈছা(আঃ)-ক নিৰ্দেশ দিছিলো এই বুলি ধৰ্মক কায়েম কৰা, আৰু ইয়াত ইজনে সিজনে বিচ্ছিন্ন নহবা (আশ্ব-শ্বুৰাঃ-১৩) আৰু যিবিলাক ৰাছূলৰ নাম আমি নাজানো সেই বিলাক ৰাছূলৰ ওপৰত ঈমান আনিব লাগিব যেনে আল্লাহ তালাই কৈছে যে-আৰু নিশ্চয় আমি তোমাৰ আগতে ৰাছূলসকলক পঠিয়াই দিছো তেওঁলোকৰ মাজৰ কাৰোবাৰ সম্বন্ধে তোমাৰ ওচৰত আমি বিব্ৰত কৰিছো, আৰু তেওঁলোকৰ মাজৰ আনৰ সম্বন্ধে আমি তোমাৰ ওচৰত বিব্ৰত কৰা নাই আৰু কোনো ৰাছূলৰেই কাম নহয় যে তেওঁ আল্লাহৰ অনুমতিৰ ব্যতীত কোনো নিদৰ্শন লৈ আহিব কিন্তু যেতিয়া আল্লাহৰ নিৰ্দেশ আহি যাব, তেতিয়া মীমাংসা হৈ যাব ন্যায়সংগতভাৱে, আৰু ভ্ৰান্তিত থকাবিলাক চমুতেই নাজেহাল হ’ব(আল-মুমিনঃ-৭৮)

 

৩. ৰাছূলসকলৰ আদেশ (বাণী) এইবিলাক প্ৰমান কৰি মানি লব লাগিব।

 

৪. এই ৰাছূল সকলৰ মাজত যি ৰাছূল আমাৰ ওচৰত প্ৰেৰণ কৰা হৈছে তাৰ ওপৰত ঈমান আনা নিঃসন্দেহে এই দুনীয়াৰ শেষ ৰাছূল মুহাম্মদ (ছাঃ)-ৰ ওপৰত ঈমান আনা কাৰণ তেওঁ হ’ল সাৰ্বভূমিকৰ ৰাছূল যেনে আল্লাহ তালাই কৈছে যে-কিন্তু নহয়, তোমাৰ খোদাৰ কছম সিহঁতে ঈমান নানে যেতিয়ালৈকে নেকি সিহঁতে তোমাক বিচাৰক মনোনীত কৰে য’ত সিহঁতে পৰস্পৰৰ মাজত মতবিৰোধ কৰে, তাৰ পাচত নিজৰ অন্তৰত কোনো বেমেজালি নাপায় তুমি যি মীমাংসা কৰা সেইসম্বন্ধে, আৰু সিহঁতে আত্মসমৰ্পণ কৰে পূৰ্ণ সমৰ্পণৰ সৈতে। (আন-নিছাঃ-৬৫)

 

আম্বীয়া (নবী) আৰু ৰাছূল সকলৰ সংখ্যা

আম্বীয়া আৰু ৰাছূল সকলৰ সংখ্যা অনেক বেছি যিটো আল্লাহৰ বাহিৰে কোনো একোয়ে নাজানে, কিছুমান নবীৰ নাম উল্লেখ আছে আৰু কিছুমান নাই যেনে আল্লাহ তালাই কয় যে- আৰু ৰাছূলসকলক যিসকলৰ কথা ইতিপূৰ্বে তোমাৰ ওচৰত বৰ্ণনা কৰিছো আৰু ৰাছূলসকলক যিসকলৰ বিষয়ে তোমাৰ ওচৰত উল্লেখ কৰা নাই- আৰু আল্লাহে মূছা(আঃ)-ৰ সৈতে কৰিছিলে কথা-বতৰা (আন-নিছাঃ-১৬৪) আৰু সকলো কিতাপ, আম্বীয়া ৰাছূলসকলৰ ওপৰত ঈমান আনা ৱাজিব, যেনে আল্লাহ তালাই কয় যে-হে মুহাম্মদ (ছাঃ) নিঃসন্দেহে আমি তোমাৰ ওচৰত প্ৰত্যাদেশ পঠিয়াইছো যেনেকৈ আমি প্ৰত্যাদেশ দিছিলো নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলক, আৰু আমি প্ৰত্যাদেশ পঠিয়াইছো ইব্ৰাহীম লৈ আৰু ইছমাইল আৰু ইছহাক আৰু ইয়াকুবলৈ, আৰু গৈত্ৰবিলাকলৈ আৰু ঈছা আৰু আইয়ুব আৰু ইউনুছ লৈ আৰু হাৰুন আৰু ছুলাইমান লৈ, আৰু আমি দাউদক দিছিলো যাবুৰ (আন-নিছাঃ-১৩৬) আল্লাহ তালাই কোৰানত পঁচিশ জন ৰাছূলৰ নাম উল্লেখ কৰিছে সেইবিলাকৰ ওপৰত ঈমান আনা ৱাজিব, যেনে-আদম, ইদ্ৰিছ, নূহ, হুদ, চালেহ, ইব্ৰাহীম, লোত, ইছমাঈল, ইছহাক, ইয়াকুব, ইউছুফ, শ্বুয়াব, আয়ুব, ঝুলকিফল, মুছা, হাৰুন, দাউদ, ছুলাইমান, ইলয়াছ, আল ইয়াছু, ইউনুছ, ঝাকাৰীয়া, ইয়াহিয়া, ঈছা, মুহাম্মদ (ছাঃ)

 

ৰাছূলসকলক প্ৰেৰণ কৰাৰ উদ্দেশ্য

আল্লাহ তালাই বানি আদমৰ পৰা ৰাছূল আৰু নবী পঠিয়াইছে আৰু তেওঁলোকে এক আল্লাহৰ ইবাদত কৰিবলৈ আহ্বান কৰিছে আৰু দুনীয়া ও আখিৰাতৰ নিয়ম কানোন বয়ান কৰিছে যিসকলে ঈমান আনিছে তাৰ বাবে সুসংবাদ আৰু যিয়ে কুফুৰ কৰিছে তাৰ বাবে জাহান্নাম বুলি কৈছে, যেনে আল্লাহ তালাই কৈছে যে-নিঃসন্দেহে যিবিলাকে অবিশ্বাস কৰে সিহঁতে নিজৰ ধন-সম্পত্তি খৰচ কৰে আল্লাহৰ পথৰ পৰা বাধা দিয়াৰ কাৰণে। সিহঁতে এইটো খৰচ কৰিবই শেহত এইটো হব সিহঁতৰ বাবে অনুতাপৰ কাৰণহে, তাৰ পিচত সিহঁতক পৰাজিত কৰা হ’ব আৰু যিবিলাকে অবিশ্বাস পোষণ কৰে সিহঁতক জাহান্নামৰ ফালে একত্ৰিত কৰা হ’ব।(আন-নাহলঃ-৩৬)

 

ওলুল আযম

আল্লাহ তালাই কিছুমান আম্বীয়া সকলক গুণ আন আম্বীয়াৰ পৰা বেছি দিছে আৰু তাকেই ওলুল আযম কয়। যেনে নুহ, ইব্ৰাহীম, মুছা, ঈছা, আৰু মুহাম্মদ (ছাঃ)যেনে আল্লাহ তালাই কয় যেঃ- আৰু স্মৰণ কৰা আমি নবীসকলৰ পৰা তেওঁলোকৰ অঙ্গীকাৰ গ্ৰহণ কৰিছিলে আৰু তোমাৰ পৰাও আৰু নূহ আৰু ইব্ৰাহীম আৰু মূছা আৰু মৰিয়মৰ পত্ৰ ঈছা-ৰ পৰা আৰু তেওঁলোকৰ পৰা আমি গ্ৰহণ কৰিছিলো এটি সুদৃঢ় অংগীকাৰ (আহজাবঃ-৭) আৰু ওলুল আযম মাজত সৰ্বত কৈ উত্তম মুহাম্মদ (ছাঃ) কিয়নো প্ৰত্যক নবী নিজৰ জাতিৰ (ওম্মতৰ) বাবে আহে কিন্তু মুহাম্মদ (ছাঃ) সাৰ্বভুমিকৰ বাবে শেষ ৰাছূল (মহাপুৰুষ) হৈ আহিছিল যেনে আল্লাহ তালাই কৈছে যে-আৰু আমি তোমাক পঠোৱা নাই সমগ্ৰ মানৱজাতিৰ কাৰণে সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে ভিন্ন, কিন্তু অধিকাংশ মানুহেই নাজানে।(ছাবাঃ-২৮)

 

ৰাছূল মানুহৰ কাৰণে ধুনীয়া নমোনা আৰু আইডিয়ল

আম্বীয়া আৰু ৰাছূল সকলক আল্লাহ তালাই বাচনি কৰি লৈছে একমাত্ৰ মানুহৰ কাৰণে নমোনা আইডিয়ল বনাইছে আৰু ৰাছূলে মানুহক ভাল শিক্ষা দিছে আৰু আল্লাহৰ আদেশ মানুহক দিছে আৰু মানুহক পাপৰ পৰা দূৰত ৰাখিছে আৰু চমাক্কাৰ দি সহায় কৰিছে আৰু সবাতকৈ উত্তম ইলিমৰ বাবে, সত্যতা কথাৰ দিশে, আৰু স্বভাৱ চৰিত্ৰৰ বাবে পাক, যেনে আল্লাহ তালাই কৈছেঃ-আৰু আমি তেওঁলোকক বনাইছিলো নেতৃবৃন্দ, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসৰি সতপথেৰে চলাইছিলে, আৰু তেওঁলোকৰ ওচৰলৈ আমি প্ৰত্যাদেশ দিছিলো সতকাম কৰিবলৈ, আৰু নামাজ প্ৰতিষ্ঠা কৰিবলৈ আৰু জাকাত আদায় কৰিবলৈ, আৰু তেওঁলোকে আমাৰ প্ৰতি এবাদতকাৰী আছিল। (আম্বীয়াঃ-৭৩) আৰু আল্লাহ তালাই এই উত্তম মানুহৰ অনুহৰণ কৰিবলৈ কৈছে, যেনে আল্লাহ তালাই কৈছে-এওঁলোকেই তেওঁলোক যিসকলক আল্লাহে সতপথত চলাইছে, গতিকে তুমি তেওঁলোকৰ পথনিৰ্দেশৰ অনুসৰণ কৰা তুমি কোৱা মই ইয়াৰ বাবে তোমালোকৰ পৰা কোনো প্ৰতিদান নিবিচাৰো। এইখন নিশ্চয় মানৱগোষ্ঠীৰ নিমিত্তে স্মাৰকেই হয়।(আল-আনামঃ-৯০) আৰু আমাৰ নবী মুহাম্মদ (ছাঃ) সভাতকৈ উত্তম আৰু সকলো ৰাছুল সকলৰ গুণ, তেওঁৰ মাজত আছে সেই কাৰণে আল্লাহ তালাই তাক উচ্ছ চৰিত্ৰৰ মালিক বনাই দিছে আৰু আমাক তাৰ  অুহৰণ (ইত্তেবা) কৰিবলৈ কৈছে যেনে আল্লাহ তালাই কয় যে তোমালোকৰ বাবে নিশ্চয় আল্লাহৰ ৰাছূলৰ মাজত আছে এটি অত্যুতকৃষ্ট দৃষ্টান্ত তাৰ বাবে যিজনে আল্লাহক প্ৰচুৰ পৰিমাণে স্মৰণ কৰে।(আহজাবঃ-২১) সকলো ৰাছুল আৰু আম্বীয়াৰ ওপৰত ঈমান আনা এই আকীদা আৰকানে ইছলামত আছে যাৰ বাহিৰে কোনো ব্যেক্তি মুছলমান হ’ব নোৱাৰে কিয়োনো সকলো আম্বীয়া আৰু ৰাছূল এই আকীদাৰ প্ৰতি আহব্বান কৰিছিল,যেনে আল্লাহ তালাই কয় যে—তোমালোকে কোৱা আমি আল্লাহত ঈমান আনিছো, আৰু তাত যি আমাৰ প্ৰতি নাযিল হৈছে, আৰু যি নাযিল হৈছিল ইব্ৰাহীম-ৰ ওচৰত আৰু যি দিয়া হৈছিল নূছাক আৰু ঈছা-ক আৰু যি দিয়া হৈছিল সকলো নবীক তেওঁলোকৰ প্ৰভুৰ পৰা। আমি তেওঁলোকৰ কোনো এজনৰ মাজতো পাৰ্থক্য নকৰো আৰু আমি তেওঁৰেই ওচৰত মুছলিম হৈছে।(আল-বাকাৰাহঃ-১৩৬)

 

ৰাছূলৰ ওপৰত ঈমান আনাৰ ফলাফল

১. বান্দাৰ ওপৰত আল্লাহ তালাৰ ৰহমৰ জ্ঞান (ইলিম)হয় যে আল্লাহ তালাই নিজৰ বান্দাৰ প্ৰতি ৰাছুলক একমাত্ৰ এই কাৰণে পঠিয়াইছে য’তে বান্দাক আল্লাহৰ ৰাস্তাত সহায় কৰিব পাৰে আৰু তেওঁলোকক ইবাদতৰ নিয়ম কানোন বয়ান কৰিব পাৰে কিয়নো মানুহৰ জ্ঞানৰ দ্ধাৰা এইবিলাক জানিব নোৱাৰে।

 

২. ইমান ডাঙৰ নিয়ামতত আল্লাহৰ শ্বুকুৰ আদায় কৰা।

 

৩. সকলো ৰাছূলৰ শ্বানৰ সন্মান ভাল পোৱা কিয়োনো আল্লাহৰ প্ৰিয় ৰাছূল আৰু এই কাৰণেও যে আল্লাহৰ ইবাদতত লিপ্ত থাকে আৰু আল্লাহৰ বাণী প্ৰচাৰ কৰিছিল আৰু বান্দাক নচিহত কৰিছিল।

 

আৰু চোৱা

আৰকানে ঈমান, আৰকানে ইছলাম, আল্লাহ, ইবাদত ইত্যাদী।

 

হাৱালা সমূহ

শ্বৰহু ওচুলুল ঈমানঃ-মুহাম্মদ বিন চালেহ আল ওচাইমিন। 

1180 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page