মোহাম্মদ (ﷺ) কোন ?


বানী ইছৰাইলৰ মাজত সংঘৰ্ষ সৃষ্টি হ’ল আৰু তেওঁলোকে ধৰ্মবিশ্বাসত আৰু শ্বৰিয়তত উলট-পালট আৰু কম বেছি কৰি দিলে তেতিয়া হক্ মুচি গ’ল আৰু বাতিল প্ৰকাশ হ’লে আৰু জুলুম অত্যাচাৰ ও ফাচাদ প্ৰচাৰ হ’ল, ওম্মত আৰু ইনচানিয়তক দ্বীনৰ দৰকাৰ হ’ল যিটো হক্, সেইটো হক্ হ’ব লাগে আৰু মানুহক শুদ্ধ ৰাস্তা দেখুৱাব লাগে তেতিয়া আল্লাহ তালাই মোহাম্মদ ()-ক প্ৰেৰণ কৰিছিল যেনে আল্লাহ তালাই কৈছে যে-“আৰু তোমাৰ ওচৰত আমি গ্ৰন্থখন পঠোৱা নাই এই কাৰণৰ বাহিৰে যে তুমি সিহঁতৰ ওচৰত সুস্পষ্টভাৱে বৰ্ণনা কৰিবা য’ত সিহঁতে মতভেদ কৰে, আৰু এটি পথনিৰ্দেশ আৰু কৰুণা বিশ্বাস কৰে তেনে লোকসকলৰ কাৰণে”।(আন-নাহলঃ-৬৪)

وَمَا أَنْزَلْنَا عَلَيْكَ الْكِتَابَ إِلَّا لِتُبَيِّنَ لَهُمُ الَّذِي اخْتَلَفُوا فِيهِ وَهُدًى وَرَحْمَةً لِقَوْمٍ يُؤْمِنُونَ (64)

 

সূচীপত্ৰ

 

আম্বীয়াসকলক প্ৰেৰণ কৰাৰ উদ্দেশ্য

আল্লাহ তালাই আম্বীয়া আৰু ৰাছূলসকলক প্ৰেৰণ কৰাৰ একমাত্ৰ উদ্দেশ্য হ’ল যে এক আল্লাহৰ উপাসনাৰ ফালে আহ্বান কৰে আৰু মানুহক শ্বিৰ্কৰ আন্দ্ধাৰৰ পৰা হিদায়াতৰ পোহৰলৈ লৈ যায় ।সৰ্ব প্ৰথম নুহ আৰু শেষত মোহাম্মদ ()ক প্ৰেৰণ কৰা ৰাছূল আছিল। যেনে আল্লাহ তালাই কৈছে যে-আৰু আমি অৱশ্যেই প্ৰত্যেক জাতিৰ মাজত এক একজন ৰাছূল থিয় কৰাইছো এই বুলি আল্লাহৰ উপাসনা কৰা আৰু তাগুতক বৰ্জন কৰা। (আন-নাহলঃ-৩৬)

وَلَقَدْ بَعَثْنَا فِي كُلِّ أُمَّةٍ رَسُولًا أَنِ اعْبُدُوا اللَّهَ وَاجْتَنِبُوا الطَّاغُوتَ

খাতামুল আম্বীয়া

আম্বীয়া আৰু ৰাছূলসকলৰ শেষ খাতামুন নাবীইন মোহাম্মদ ()আৰু তাৰ পিছত কোনো নবী নাই যেনে আল্লাহ তালাই কৈছে-মোহাম্মদ ()তোমালোকৰ পুৰুষসকলৰ মাজত কোনো এজনৰো পিতৃ নহয় তেওঁ হৈছে আল্লাহৰ এজন ৰাছূল, আৰু নবী সকলৰ চীলমোহৰ। (আল-আহঝাব-৪০)

مَا كَانَ مُحَمَّدٌ أَبَا أَحَدٍ مِنْ رِجَالِكُمْ وَلَكِنْ رَسُولَ اللَّهِ وَخَاتَمَ النَّبِيِّينَ وَكَانَ اللَّهُ بِكُلِّ شَيْءٍ عَلِيمًا (40)

 

মোহাম্মদ ()সকলো মানুহৰ বাবে ৰাছূল

প্ৰত্যেক নবীক নিৰ্দ্দিষ্ট কৈ তেওঁ জাতিৰ ওচৰত পঠিয়াছিল কিন্তু আল্লাহ তালাই মোহাম্মদ ()ক সকলো মানুহৰ বাবে পঠিয়াইছিল যেনে আল্লাহ তালাই কয় যে-আৰু আমি তোমাক পঠোৱা নাই সমগ্ৰ মানৱজাতিৰ কাৰণে সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে ভিন্ন কিন্তু অধিকাংশ মানুহেই নাজানে।(ছাবা-২৮)

مَا كَانَ مُحَمَّدٌ أَبَا أَحَدٍ مِنْ رِجَالِكُمْ وَلَكِنْ رَسُولَ اللَّهِ وَخَاتَمَ النَّبِيِّينَ وَكَانَ اللَّهُ بِكُلِّ شَيْءٍ عَلِيمًا (40)

 

অৱিতিৰ্ণ কোৰআন মজীদ

আল্লাহ তালাই নিজৰ ৰাছূল মোহাম্মদ ()ৰ ওপৰত কোৰআন নাজিল কৰিছে যাতে তেওঁ মানুহক আল্লহৰ আদেশ মতে শ্বিৰ্কৰ পৰা হিদায়তলৈ লৈ যায়। যেনে আল্লাহ তালাই কৈছে-আলিফ লাম ৰা । এখন গ্ৰন্থ আমি তোমাৰ ওচৰত ইয়াক অৱতাৰণ কৰিছো যাতে তুমি মানৱজাতিৰ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা আলোকলৈ উলিয়াই আনিব পাৰা মহাশক্তিশালী, পৰম প্ৰশংসনীয়ৰ পথত। (ইব্ৰাহীম-১)

الر كِتَابٌ أَنْزَلْنَاهُ إِلَيْكَ لِتُخْرِجَ النَّاسَ مِنَ الظُّلُمَاتِ إِلَى النُّورِ بِإِذْنِ رَبِّهِمْ إِلَى صِرَاطِ الْعَزِيزِ الْحَمِيدِ (1)

 

মোহাম্মদ()-সৃষ্টি

মোহাম্মদ বিন আব্দুল্লাহ বিন আব্দুল মুত্তালিব আল হাশ্বমী, আমুল ফীল(যি বছৰত হাতী লৈ ক্বাবাতুল্লাহ ভাঙিবলৈ আহিছিল) মক্কাহ মুকাৰ্ৰামাত সৃষ্টি হয়।

 

মোহাম্মদ()-বাল্যকাল আৰু যৌৱনকাল

মোহাম্মদ ()যেতিয়া মাকৰ গৰ্ভত আছিল তেতিয়া তেওঁৰ পিতা ঢোঁকাল আৰু তেওঁ অনাথ অৱস্থাত সৃষ্টি হ’ল আৰু তাক হালিমা ছাদিয়াই গাখিৰ খোৱাইছিল আকৌ তাৰ মা আমিনা তাইৰ দেউতাৰ (ওৱাহাব) লগত নিজৰ মুমাইকৰ ঘৰলৈ মদীনাহ আহিল আৰু মদীনাৰ পৰা মক্কাত উভতিতে ৰাস্তাত তেওঁৰ মা ইবুৱা নামি ঠাইত ঢোঁকাল তেতিয়া মোহাম্মদ ()ৰ বয়স ছয় বছৰ আছিল তাৰ পিছত দাদা আব্দুল মত্তালিবে লালন-পালনৰ দায়িত্ব ললে আৰু যেতিয়া দাদাও ঢোঁকাল তেতিয়া মোহাম্মদ ()বয়স আছিল আঠ বছৰ আকৌ নবী ()ৰ লালন-পালনৰ দায়িত্ব তাৰ খুৰা আবু তালিবে ললে সেই সময়ত নবী()ক চল্লিছত কৈ অধিক বয়স পৰ্যন্ত্য ভাল দৰে লালন পালন কৰিবলৈ ধৰিলে আৰু তাক সন্মানও দিলে, কিন্তু নবী ()ৰ খুৰা আবু তালিব মানুহৰ ভয়ত ইছলাম ধৰ্ম গ্ৰহন নকৰিয়েই ঢোঁকালে।

 

মোহাম্মদ ()ৰ বিবাহ

নবী ()সৰু কালৰে পৰাই মক্কাহবাসীৰ ছাগলী পোহিছিল আকৌ খাদীজাহ বিনতে খোৱাইলিদ (رضی اللہ عنہا)ৰ ধন বেপাৰ কৰিবলৈ ছিৰিয়া দেশ লৈ গৈছিল আৰু বেপাৰত বহুত লাভ হ’ল। আৰু খাদীজাহ (رضی اللہ عنہا)ক নবী ()ৰ সত্যতা আমানত আৰু চৰিত্ৰ বহুত ভাল লাগিল। ফলত নবী ()ক বিয়া পাতিল। তেতিয়া নবী ()ৰ বয়স ২৫ বছৰ আছিল আৰু খাদীজাহ (رضی اللہ عنہا)ৰ বয়স আছিল ৪০ বছৰ আৰু নবী ()খাদীজাহ থকা অৱস্তাত বেলেগ কোনো বিয়া পতা নাই।

 

মোহাম্মদ ()ৰ লালন পালন

আল্লাহ তালাই মোহাম্মদ ()ক সুন্ধৰ লালন পালন কৰিছে আৰু ধুনিয়া ব্যৱহাৰ শিকাইছে আৰু তাক জ্ঞান দিছে ফলত ৰাছূল ()চৰিত্ৰ সৃষ্টিৰ ইতেবাৰত জাতিৰ ভিতৰত আহছান নমুনা আছিল আজীম মৰুৱাত আৰু ৱাছি হীলম ও বুৰ্ৰদ বাৰি আৰু কথাৰ পক্কা সত্যতা আছিল আৰু আমানত সবাতোকৈ হিফাজত কৰিবলগিয়া আছিল  যাৰ কাৰণে কুৰাইশ্বৰ ভিতৰত চাদিক্ব(সত্যতা) আৰু আমীন বুলি লকাব দিছিল আকৌ নবী ()খলৱাত পছন্দ হ’ল তেতিয়া গাৰে হিৰাত দিন ৰাতি থাকি নিজৰ প্ৰতিপালকৰ ইবাদত কৰিছিল আৰু দোআ কৰি আছিল। নবী ()মূৰ্তি পূজা, মদ, বেয়া চৰিত্ৰৰ পৰা নফৰত আৰু বুগজ ৰাখিছিল আৰু গোটেই জীৱনটো এইবিলাকৰ ফালে চোৱাই নাই।

 

মোহাম্মদ ()-ৰ আৰু হজৰে আছ-ৱাদৰ ঘটনা

যেতিয়া নবী ()ৰ বয়স ৩৫ বছৰ হ’ল তেতিয়া বানপানী হৈ কাবা-তুল্লাহৰ বেৰ খহি পৰিল পিছত কোৰাইশ্ব সক’লে নতুন কৈ বনালে তেতিয়া নবী ()তাত ভাগ লৈছিল ।যেতিয়া হজৰে আছ-ৱাদৰ কথা হ’ল তেতিয়া কোৰাইশ্ব সক’লে নিজে নিজে মতভেদ সৃষ্টি কৰিলে পিছত সকলোৱে মোহাম্মদ ()ক বিচাৰক মানিলে আৰু মোহাম্মদ ()নিজৰ চাদৰ পাৰি তাত হজৰে আছ-ৱাদটো ৰাখিলে আৰু সকলো কোৰাইশ্বৰ মুৰব্বি সকলক ক’লে তোমালোকে চাদৰৰ চোক ধৰি কবা-তুল্লাহ ঘৰৰ ওচৰলৈ লৈ যোৱা পিছত মোহাম্মদ ()সেইটো নিজৰ হাত দি ধৰি প্ৰথম স্থানত ৰাখিলে এনে অৱস্থাত সকলো মানুহ সন্তুষ্ট হ’ল আৰু কাজিয়া শেষ হ’ল।

 

মোহাম্মদ ()-ৰ প্ৰথম, আৰব জাতি

নিৰ্বোধ যুগত কিছুমান মানুহৰ ভাল গুণ আছিল যেনে-আলহী সোধ-পোচ, বিশ্বাসী, আৰু বাহাদুৰী, আৰু কিছুমান ইব্ৰাহীম (عليه السلام) দ্বীনৰ আছিল যেনে কাবা তুল্লাৰ শ্ৰদ্ধা, তাৱাফ, হজ্ব, ওমৰা, কোৰবানী ইত্যাদি আছিল। কিন্তু কিছুমান বেয়া চৰিত্ৰও আছিল যেনে- জিনা, মদ, সুদ, ছোৱালীক জীন্দা কবৰ দিয়া, জুলুম অত্যচাৰ আৰু সবাতোকৈ বেয়া কাম আছিল মূৰ্তি পূজা কৰা।

 

ইব্ৰাহীম (عليه السلام)ৰ দ্বীনত বদলি কৰা আৰু মানুহক মূৰ্তি পূজাত আহ্বান কৰী প্ৰথম ব্যক্তি আমৰ বিন লুহাই আল-খাজা-ঈ আছিল তেওঁ মক্কাহ আৰু বেলেগ স্থানত এইবিলাক প্ৰচাৰ, আৰু মানুহক মূৰ্তি পূজাৰ প্ৰতি আহ্বান কৰিছিল মূৰ্তিৰ নাম আছিল ৱাদ্দ, ছুৱা্, ইয়াগুছ, ইয়া-উক আৰু নছৰ আছিল।তাৰ পিছত আৰব সক’লে আৰু অনেক মূৰ্তি বনাইছিল ৱাদী কাদীদত মানাত আৰু ৱাদী নাখলাত উজ্জা আৰু কাবাৰ ভিতৰত হাবল আৰু মানুহৰ ঘৰতো মূৰ্তি সেইদৰেই ৰাখিছিল আৰু তেওঁলোকে নিজৰ আলোচনা বিচাৰ সমূহ (কাহিন নুজোমী)পণ্ডিত আৰু যাদুগৰৰ পৰা কৰিছিল।

 

মোহাম্মদ ()-ৰ প্ৰেৰণ

যেতিয়া এনেকোৱা অৱস্থাত আৰবত শ্বিৰ্ক আৰু দুৰ্নীতি বিয়পি পৰিল তেতিয়া আল্লাহ তালাই নিজৰ শেষ নবী(ﷺ)ক এই অৱস্থাত প্ৰেৰণ কৰিছিল সেই সময়ত ৰাছূল ()ৰ বয়স চল্লিছ বছৰ আছিল । নবী হোৱাৰ পিছত মানুহক এক আল্লহৰ উপাসনাৰ প্ৰতি আহ্বান কৰিছিল আৰু মূৰ্তি পূজাৰ এৰি দিবলৈ কৈছিল তেতিয়া কোৰাইশ্ব সক’লে ৰাছূল ()ক অমান্য কৰিলে আৰু ক’লে-কি সি উপাস্যবিলাকক একেইজন উপাস্য বনাইছেনে এয়াতো নিশ্চয়কৈ এটি আচৰিত কথা। (চাদঃ-৫)

أَجَعَلَ الْآلِهَةَ إِلَهًا وَاحِدًا إِنَّ هَذَا لَشَيْءٌ عُجَابٌ (5)

 

ফলত মানুহে মূৰ্তি পূজা এৰি এক আল্লহৰ ইবাদত কৰিবলৈ আৰাম্ভ কৰিলে আৰু চাহাবা সক’লে মূৰ্তিক ভাঙি দিলে আৰু হক্ গালিব হ’ল বাতিল ধংস হ’ল।যেনে আল্লাহ তালাই কৈছে-আৰু তুমি কোৱাঁ সত্য আহিয়েই গৈছে, আৰু মিছা অন্তৰ্হিত হৈছে নিশ্চয় মিছাতো সদায় অন্তৰ্ধানশীল।)(ইছৰা-৮১)

وَقُلْ جَاءَ الْحَقُّ وَزَهَقَ الْبَاطِلُ إِنَّ الْبَاطِلَ كَانَ زَهُوقًا (81

     

মোহাম্মদ ()-ৰ ওপৰত সৰ্ব প্ৰথম ৱাহী

সৰ্ব প্ৰথম ৱাহী যেতিয়া নবী ()গাৰে হীৰাত উপাসনাত দিন ৰাতি লিপ্ত আছিল তেতিয়া জিব্ৰাইল(ফাৰিস্তা) (عليه السلام) আহি পঢ়িবলৈ হুকুম দিলে নবী ()ক, নবী ()ক’লে মই পঢ়িবলৈ নাজানো দ্বিতীয়, আৰু তৃতীয় বাৰ কোৱাৰ পিছত এই ৱাহী নাজিল হ’ল-তুমি পঢ়া তোমাৰ পতিপালকৰ নামত যিজনে সৃষ্টি কৰিছে, সৃষ্টি কৰিছে মানুহক এটি তেজৰ টুকৰাৰ পৰা, পঢ়া আৰু তোমাৰ প্ৰতিপালক মহাসন্মনিত, যিজনে শিক্ষা দিছে কলমৰ সহায়েৰে, শিক্ষা দিছে মানুহক যিবিলাক সি নাজানিছিল। (আলাক্বঃ-১-৪)

اقْرَأْ بِاسْمِ رَبِّكَ الَّذِي خَلَقَ (1) خَلَقَ الْإِنْسَانَ مِنْ عَلَقٍ (2) اقْرَأْ وَرَبُّكَ الْأَكْرَمُ (3) الَّذِي عَلَّمَ بِالْقَلَمِ (4) عَلَّمَ الْإِنْسَانَ مَا لَمْ يَعْلَمْ (5)

 

এনেকোৱা নবী ()গাৰে হিৰাৰ পৰা ওলাই আহিল, তেতিয়া কপি কপি নিজৰ স্ত্ৰীৰ কাষত আহি তাক সম্পূৰ্ণ ঘটনা বয়ান কৰিলে আৰু ক’লে মোক জীৱনৰ ভয় হৈ আছে তেতিয়া ৰাছূল ()ক সন্তুষ্ট দি ক’লে আল্লাহৰ শপত আল্লাহ তালাই কোনো দিন অসন্মানী নকৰিব, আল্লাহৰ শপত আপোনিতো আলহী সোধ-পোচ আৰু সত্য কথা কয়, আৰু নিম্ন, কমজুৰ মানুহক সহায় কৰে ফকিৰক সহায় কৰে আৰু আলহীক ভালকৈ চোৱাচিতা কৰে আৰু হকৰ প্ৰতি সহায় কৰে।

 

খাদিজাই (رضی اللہ عنہا) ৰাছূল ()ক লৈ তাইৰ খুৰা ৱাৰকা বিন নওফলৰ ওচৰত গলে তেওঁ নিৰ্বোধ যুগত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল যেতিয়া খাদিজাই (رضی اللہ عنہا) তাক এই ঘটনাটো বয়ান কৰিলে তেতিয়া তেওঁ নবী ()ক সুসংবাদ দি ক’লে এই ফাৰিস্তা সেইজন যিজনে মোছা (عليه السلام)ৰ ওচৰত আহিছিল আৰু নবী ()ক বিশ্বাস দিছে যে তোমাক তোমাৰ জাতি সক’লে কষ্ট দিব ঘৰৰ পৰা ওলিয়াই দিব ফলত তুমি ধ্যৰ্যৰে কাম কৰিবা।

 

মোহাম্মদ ()-ৰ ওপৰত দ্বিতীয় বাৰ ৱাহী

ৱাহী কিছুদিন অন্ত পৰিল ফলত নবী ()চিন্তিত হ’ল এনে অৱস্থাত এদিন কোনোবা ঠাইত গৈ আছে হঠাত সন্মুখত সেই ফাৰিশ্তা পৃথিৱী আৰু আকাশ লৈ থিয় দেখা পালে, তেতিয়া ৰাছূল ()ঘৰত উভতি আহি চাদৰ গাত ললে আৰু এই আয়াত নাজিল হ’ল।–অ প্ৰিয় পোছাক-পৰিহিত, উঠা আৰু সতৰ্ক কৰা, আৰু তোমাৰ প্ৰতিপালকৰ মাহাত্ম্য ঘোষণা কৰা, আৰু তোমাৰ পোছাক তেন্তে পৱিত্ৰ কৰা।(মদ্দাছিৰঃ-১-৪)

يَا أَيُّهَا الْمُدَّثِّرُ (1) قُمْ فَأَنْذِرْ (2) وَرَبَّكَ فَكَبِّرْ (3) وَثِيَابَكَ فَطَهِّرْ (4) وَالرُّجْزَ فَاهْجُرْ (5)

 

 তাৰ পিছত ৱাহী সদায় অৱতিৰ্ণ হৈছিল।

 

নবী ()মক্কাত তিনি বছৰ ৰৈ মনে মনে এক আল্লাহৰ ইবাদত আৰু মানুহক এক আল্লাহৰ প্ৰতি আহ্বান কৰিলে আকৌ তিনি বছৰ পাছত সজাগতাৰে নৰম হিচাপে ভালকৈ দাৱাতৰ কাম আৰাম্ভ কৰিলে সৰ্ব প্ৰথম ৰাছূল ()দাৱাত দিলে নিজৰ আপোন মানুহক পিছত ওচৰৰ মানুহক আৰু আৰব সকলক, শেষত দুনীয়াৰ সকলো মানুহক এক আল্লাহৰ ইবাদতৰ প্ৰতি আহ্বান কৰিলে যেনে আল্লাহ তালাই এই বিষয়ে হুকুম দিলে-এতেকে ঘোষণা কৰা যি তোমাক আদেশ কৰা হৈছে, আৰু মুশ্বৰিক বিলাকৰ পৰা আঁতৰি থকা।(হিজিৰঃ-৯৪)

فَاصْدَعْ بِمَا تُؤْمَرُ وَأَعْرِضْ عَنِ الْمُشْرِكِينَ (94)

 

মোহাম্মদ () আৰু মুছলমানৰ ওপৰত আজমাইশ্ব

ৰাছূল ()ৰ ওপৰত ঈমান অনা মানুহ- ধনী, গৰিব, সকলো ধৰণৰ মানুহ আছিল।আৰু কিছুমান মহিলাও আছিল এই সকলোবোৰক ইছলাম গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকক নানা ধৰণৰ কষ্ট দিছিল।কিছুমানক হত্যা কৰিছিল আৰু কিছুমানে হাবশ্বাত দেশলৈ হিজৰত কৰিছিল আৰু ৰাছূল ()ক কষ্ট দিছিল ফলত আল্লাহ তালই ইছলাম ধৰ্মক জয় দিলে।

 

আমুল হজুন আৰু তা-ঈফ ৰাজ্য লৈ ভ্ৰমণ

যেতিয়া নবী ()ৰ বয়স ৫০ বছৰ হ’ল আৰু নবী হোৱাৰ দহ বছৰ হ’ল তেতিয়া নবী ()ৰ খুৰা আবু তালিব (যিয়ে ৰাছূল ()কসদায় সহায় কৰিছিল আৰু কোৰাইশ্বসকলৰ কষ্টৰ পৰা দূৰত ৰাখিছিল) ঢোঁকাল। আকৌ ৰাছূল ()ৰ স্ত্ৰী খাদিজাহ (رضی اللہ عنہا) এই বছৰতেই ঢোঁকাল। এতিয়া ৰাছূল ()ৰ ওপৰত জুলুম অত্যচাৰ আৰাম্ভ হ’ল আৰু কোৰাইশ্ব সকলৰ শাত বেছি হ’ল কিন্তু ৰাছূল ()নেকীৰ নিয়তে ধৈৰ্য্য ধৰি কাম কৰিছিল আৰু যেতিয়া ৰাছূল ()ৰ ওপৰত কষ্ট বেছি হ’ল তেতিয়া ৰাছূল ()মক্কা পৰা তা-ঈফ লৈ ভ্ৰমণ কৰিলে আৰু তাত মানুহক তৌহীদৰ প্ৰতি আহ্বান কৰিলে কিন্তু একোৱেও গ্ৰহণ নকৰিলে অথচ ৰাছূল ()ক বহুত কষ্ট আৰু পাথৰ দি মাৰিলে পিছত ৰাছূল ()উভতি আহিল আকৌ হজ্বৰ সময়ত হজ্বত অহা মানুহক ইছলামৰ প্ৰতি আহ্বান কৰিছিল।

 

মোহাম্মদ () -ৰ মেৰাজলৈ ভ্ৰমন

আল্লাহ তালাই ৰাছূল ()ক মছজিদে হাৰামৰ পৰা মছজিদে আক-ছা পৰ্য্যন্ত বোৰাক নামী ছাৱাৰী লৈ জিব্ৰাইল আমীনৰ লগত লৈ মেৰাজৰ ভ্ৰমন কৰালে আৰু মছজিদে আক-ছাত সকলো আম্বীয়াক নামাজ পঢ়াইছিল পিছত আকাশত লৈ গলে আৰু তাত আদম (عليهالسلام)ৰ লগত দেখা হ’ল আৰু ভাল মানুহ সুফালে, বেয়া মানুহ বাওফালে দেখা পালে পিছত দ্বিতীয় আছমান লৈ গলে তাত ঈছা (عليهالسلام)ৰ লগ পালে, তৃতীয় আছমানত ইউছুফ (عليهالسلام)ক লগ পালে, চুতৰ্থ আছমানত ইদ্ৰিছ (عليهالسلام)ক লগ পালে পঞ্চম আছমানত হাৰুণ (عليهالسلام)ক লগ পালে, সষ্টম আছমানত মোছা (عليهالسلام)ক লগ পালে সপ্তম আছমানত ইব্ৰাহীম (عليهالسلام)ক লগ পালে পিছত জিব্ৰাইল আমীন ৰাছূল ()ক ছিদৰাতুল-মুন্তাহা পৰ্য্যন্ত লৈ গলে তাত ৰাছূল ()আল্লাহ তালাৰ লগত কথা হ’ল আৰু আল্লাহ তালাই উম্মতক দিন ৰাতি ৫০ ৱাক্ত ফৰজ নামাজ দিলে আকৌ কম কৰি পাচঁ ৱাক্ত ফৰজ কৰি দিলে কিন্তু নেকী ৫০ ৱাক্তৰ পাব।আকৌ ৰাছূল ()সকাল হোৱাৰ আগত মক্কাত উভতি আহিল।সমস্ত ঘটনা ৰাছূল ()চাহাবাসকলক ক’লে ফলত মমিন সক’লে বিশ্বাস কৰিলে আৰু কাফিৰ সক’লে অবিশ্বাস কৰিলে । এই বিষয়ে আল্লাহ তালাই কোৰআনত কৈছে যে-সকলো মহিমা তেওঁৰ যিজনে তেওঁৰ বান্দাক ৰাতিত ভ্ৰমণ কৰাইছিলে পৱিত্ৰ মছজিদৰ পৰা দূৰৱৰ্তী মছজিদলৈ—যাৰ পৰিৱেশ আমি মঙ্গলময় কৰিছিলো যেন আমি তেওঁক দেখুৱাব পাৰো আমাৰ কিছু নিদৰ্শন নিশ্চয় তেওঁ স্বয়ং সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।(ইছৰা-১)

سُبْحَانَ الَّذِي أَسْرَى بِعَبْدِهِ لَيْلًا مِنَ الْمَسْجِدِ الْحَرَامِ إِلَى الْمَسْجِدِ الْأَقْصَى الَّذِي بَارَكْنَا حَوْلَهُ لِنُرِيَهُ مِنْ آيَاتِنَا إِنَّهُ هُوَ السَّمِيعُ الْبَصِيرُ (1)

 

মদীনাহ তঈ-য়েবাত ইছলামৰ দাৱাত

     আকৌ আল্লাহ তালাই ৰাছূল ()ৰ বাবে এনেকোৱা মানুহ প্ৰস্তুত কৰি দিছে যিসক’লে সহায় কৰিব পাৰে। হজৰ সময়ত ৰাছূল ()কাবিলা খাঝৰাজৰ লগ ধৰি ইছলামৰ প্ৰতি দাৱাত দিলে তেওঁলোক ইছলাম গ্ৰহণ কৰিলে আৰু তেওঁলোকে মাদীনাত গৈ ইছলাম প্ৰচাৰ কৰিলে দ্বিতীয় বছৰ হজৰ সময়ত দহ জনত কৈ বেছি আহিলে তেওঁলোকে ইছলাম গ্ৰহণ কৰিলে আৰু লগত ৰাছূল ()মু-চাব বিন ওমাইৰ (رضی اللہ عنہ)ক প্ৰেৰণ কৰিলে যাতে মানুহক কোৰআনৰ শিক্ষা দিব পাৰে আৰু তেওঁলোকক ইছলামিক শিক্ষা শিকিব পাৰে, এনেকোৱা মু-চাব বিন ওমাইৰৰ কথাত বহুত মানুহ ইছলাম গ্ৰহণ কৰিলে যেনে কাবীলা আওচৰ চাদ বিন ম-আজ আৰু ওচাইদ বিন হুজাইৰ আছিল। তৃতীয় বছৰ কাবীলা আওচ আৰু খঝৰজৰ ৭০ তকৈ আধিক মানুহ হজ কৰিবলৈ আহিল আৰু ৰাছূল ()ক হিজৰত কৰিবলৈ দাৱাত দিলে আৰু নবী ()তেওঁলোকৰ লগত ৱাদাহ কৰিলে মই তোমালোকৰ লগত আইয়ামে তাশ্বৰীকৰ ৰাতি ওকবাহ স্থানত সক্ষাত কৰিম। পিছত ৰাছূল ()নিশি ৰাতি ৱাদাহ কৰা জাগাত আহিল লগতে নবী ()ৰখুৰা আব্বাছ رضی اللہ عنہ)ক লৈ আহিল (তেতিয়া আব্বাছ رضی اللہ عنہ)ইছলাম গ্ৰহন কৰা নাছিল) ৰাছুল ()আৰু আব্বাছ رضی اللہ عنہ) সেইসকলৰ লগত ভাল দৰে কথা পাতিল আৰু তেওঁলোকে ৰাছূল ()ৰ লগত বায়াত কৰিলে যে যেতিয়া ৰাছূল ()মাদীনাহ যাব তেতিয়া তোমালোকে সহায় কৰিবা আৰু দিফা্ কৰিবা এই কথা সকলোয়ে বায়াত কৰিলে আৰু তেওঁলোক সেই স্থানৰ পৰা আতৰাই গলে । তাৰ পিছত কোৰাশ্বসক’লে জানিব পালে তেওঁলোকক ধৰিবলৈ চেষ্টা কৰিলে কিন্তু আল্লাহ তালাই তেওঁলোকক পাৰ কৰি দিলে আৰু ৰাছূল ()কিছুদিন মক্কাত ৰলে যেনে আল্লাহ তালাই কৈছে-আৰু আল্লাহে নিশ্চয়কৈ সাহায্য কৰে সেইজনক যিজনে তেওঁক সাহায্য কৰে নিশ্চয় আল্লাহ অৱশ্যেই মহাবলী, মহাশক্তিশালী।(আল-হজঃ-৪০)

وَلَيَنْصُرَنَّ اللَّهُ مَنْ يَنْصُرُهُ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ (40)

 

হিজৰতেমদীনাহ তঈ-য়েবাহ

আকৌ ৰাছূল ()নজৰ চাহাবা সকলক মদীনাহ হিজৰত কৰিবলৈ আদেশ দিলে, চাহাবা হিজৰত কৰিলে কিন্তু কিছুমান চাহাবাক জাবলৈ নিদিলে আৰু বাকী থাকিল ৰাছূল (), আবু বকৰ আৰু আলী رضی اللہ عنہ)যেতিয়া মক্কাহ বাসীক এই খবৰ হ’ল তেতিয়া ৰাছূল ()ক হত্যা কৰিবলৈ গোপনি বুদ্ধি কৰিলে আৰু আল্লাহ তালাই ৰাছূল ()ক জিব্ৰীইলৰ দ্বাৰা খবৰ দিলে ফলত ৰাছূল ()নিজৰ বিছনাত আলী رضی اللہ عنہ)ক শুৱাই ৰাখি ক’লে এইবিলাক আমানত খিনি মানুহক দি থৈ তমিও আহি জাবা। পিছত মুশ্বৰিক্ব সক’লে ৰাছূল ()ৰ ঘৰৰ ওচৰত ৰৈ থাকিল যে যেতিয়া ওলাব তেতিয়া হত্যা কৰি দিব। নবী ()তেওঁলোকৰ মাজেদি ওলাই গৈ আবু বকৰ(رضی اللہ عنہ) ঘৰত গলে কোনো একোৱেই গম নাপালে এনেদেৰে আল্লাহ তালাই হিফাজত কৰিলে যেনে আল্লাহ তালাই এই বিষয়ে কৈছে যে-আৰু চোৱা যিবিলাকে অবিশ্বাস কৰে সিহঁতে তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল যে সিহঁতে তোমাক আটক কৰিব অথবা সিহঁতে তোমাক হত্যা কৰিব, অথবা তোমাক নিৰ্বাসিত কৰিব আৰু সিহঁতে ষড়যন্ত্ৰ কৰিছিল আৰু আল্লাহেও পৰিকল্পনা কৰিছিলে আৰু পৰিকল্পনাকাৰীসকলৰ মাজত আল্লাহহেই শ্ৰেষ্ঠ।(আনফালঃ-৩০)

وَإِذْ يَمْكُرُ بِكَ الَّذِينَ كَفَرُوا لِيُثْبِتُوكَ أَوْ يَقْتُلُوكَ أَوْ يُخْرِجُوكَ وَيَمْكُرُونَ وَيَمْكُرُ اللَّهُ وَاللَّهُ خَيْرُ الْمَاكِرِينَ (30)

 

ৰাছূল ()মাদীনাহ লৈ হিজৰত কৰিবলৈ ইচ্ছা কৰিলে আৰু লগতে আবু বকৰ (رضی اللہ عنہ)ক লৈ গাৰে ছুৰ নামী স্থানত তিনি দিন ৰৈ থাকিলে আৰু আব্দুল্লাহ বিন আৰিকাতক মুজুৰী দি তাক মাদীনাহ যাবলৈ আদেশ দিলে এনে অৱস্থাত কোৰাইশ্ব সকলৰ মাজত হাংগামা হৈ পৰিল যে তেওঁলোকে বিচাৰি নোৱাৰিলে ফলত তেওঁলোকে গুহণা কৰিদিলে যি ব্যক্তিয়ে এই দুইজনক ধৰি আনিদিব পাৰিব তাক ২০০ উট পুৰস্কাৰ দিয়া হ’ব।তেতিয়া মানুহে বিচাৰিব ধৰিলে তাৰ মাজত ছুৰাকাহ বিন মালিকে জানিব পালে আৰু তেওঁলোক ধৰিবলৈ ওলালে ৰাস্তাত নবী ()ক পােল নবী ()দআ কৰি গৈ আছে। ফলত তেওঁৰ ঘোঁৰাৰ পাও মাটিত গুচি তেওঁ বাঘৰি পৰিল আৰু ধৰিব নোৱাৰিলে।তেওঁ গম পালে এইটো সম্ভব নহয় সেই সময়ত তেওঁ ৰাছূল ()ক দোআৰ দৰখাস্ত কৰিলে আৰু তেওঁ ৱাদাহ কৰিলে তেওঁ কোনোবাক নকব আৰু কোনো ধৰণৰ ক্ষতি নকৰিব ফলত নবী ()দআ কৰিলে আৰু ছুৰাকাহ ফাতেহ মক্কাহৰ সময়ত ইছলাম গ্ৰহণ কৰিলে

 

মোহাম্মদ ()-ৰ মদীনাত প্ৰৱেশ

যেতিয়া নবী ()মদীনাত প্ৰবেশ হয় তেতিয়া মুছলমান সকলে বহুত আনন্দিত হ’ল আৰু তেওঁলোকে নাৰা বুলন্দ কৰিলে আৰু পুৰুষ, মহিলা, ল’ৰা ছোৱালী সকলোৱে আনন্দিত হৈ নবী ()ৰ স্বাগতম জনালে। নবী ()কুবা নামী ঠাইত ৰখিছিল আৰু তাত ৰৈ মছজিদে কুবাৰ বুনয়াদ ৰাখিলে আৰু তাত দহ ৰাতিত কৈ অধিক ৰৈ আকৌ জুমাৰ দিনা মদীনাৰ ফালে ভ্ৰমণ কৰিলে আৰু বনু ছালিম বিন আওফ নামি জাতিক জুমাৰ নামাজ পঢ়ালে আৰু নিজৰ উটত আৰোহণ হৈ মাদীনাত প্ৰৱেশ কৰিলে তাত মানুহে নবী ()ক আবুৰি লৈছিল আৰু সকলোৰেই ইচ্ছা আছিল মোৰ ঘৰত আলহী হ’ব। নবী ()সকলোকে কৈছে যে উটক এৰি দিয়া আল্লাহ তালাই তাক যি ঠাইত ৰখিবলৈ আদেশ দিব তাতেই ৰখিব। পিছত আল্লাহৰ আদেশ মতে উট ৰখিল যি ঠাইত আজি মছজিদে নবৱী আছে। আৰু নবী ()নিজৰ মামাৰ ওচৰত থাকিল আৰু আবু আয়োব আনছাৰী (رضی اللہ عنہ) ঘৰত ৰলে আকৌ নবী ()মক্কাত নিজৰ পৰিয়াল আৰু আবু বকৰ (رضی اللہ عنہ)ৰ পৰিয়ালক মদীনাত আনিবলৈ কিছুমান চাহাবা সকলক প্ৰেৰণ কৰিলে।

 

মছজিদে নৱবীৰ নিৰ্মাণ

আকৌ নবী ()আৰু মুছলমান সক’লে সেই ঠাইত, যি ঠাইত উট বহিছিল মছজিদ তৈয়াৰ কৰিবলৈ চেষ্টা আৰাম্ভ কৰিলে আৰু মছজিদৰ কিবলাহ, বাইতুল মাকদিছৰ ফালে হ’ল, মছজিদ খেজুৰ গছেৰে আৰু চাল খেজুৰৰ ডালি দি বনাইছিল কিছুদিন পিছত কিবলাহ বাইতুল মাকদিছৰ পৰা এৰি বাইতুল্লাহৰ ফালে আৰাম্ভ হ’ল।

 

আনছাৰ আৰু মহাজিৰৰ লগত ভ্ৰাতৃত্ব

আকৌ ৰাছূল ()আনছাৰ আৰু মহাজিৰৰ লগত ভ্ৰাতৃত্ব কায়েম কৰিছে আৰু ইয়াহুদীৰ লগত মচালিহাত কৰিছে আৰু মুআহিদাহ লিখিছে যে মাদীনাত অত্যচাৰ হোৱাৰ দিফা্ কৰিব। ইয়াহুদীৰ আলিম আব্দুল্লাহ বিন ছালাম (رضی اللہ عنہ) মুছলমান হ’ল কিন্তু বেলেগ ইয়াহুদী মুছলমান হোৱা নাই।সেই বছৰত ৰাছূল ()আয়েশ্বা (رضی اللہ عنہا)ক বিয়া পাতিল আৰু হিজৰতৰ দ্বিতীয় বছৰত আজান আৰাম্ভ হ’ল আৰু বাইতুল্লাহৰ ফালে কিবলাহ কৰিদিলে আৰু ৰমজানৰ ৰোজা ফৰজ হ’ল। আৰু যেতিয়া নবী ()মাদীনাত থকা অৱস্থাত আল্লাহ তালাই সহায় কৰিলে আৰু আনছাৰ মহাজিৰৰ লগত ভ্ৰাতৃত্ব সৃষ্টি কৰি দিলে ইফালে ইয়াহুদী মুনাফিক আৰু মুশ্বৰিক সকলেই মিলি শত্ৰুতা আৰাম্ভ কৰিলে আৰু যুদ্ধ কৰিবলৈ তেওঁলোকে আহ্বান কৰিলে।এফালে আল্লাহ তালাই মমিন সকলক ধৈৰ্য্য ধৰিবলৈ দিলে কিন্তু যেতিয়া জুলুম অত্যচাৰ বেছি হ’ল তেতিয়া আল্লাহ তালাই মুছলমান সকলক যুদ্ধ কৰিবলৈ অনুমতি দিলে এনে দৰে যে-অনুমতি দিয়া হ’ল সেইসকলৰ নিমিত্তে যিসকলৰ বিৰুদ্ধে যুদ্ধ চলোৱা হৈছে, কিয়নো সেইসকল অত্যাচাৰিত হৈছে। আৰু নিশ্চয় আল্লাহে তেওঁলোকক সাহয্য কৰিবলৈ অৱশ্যেই সক্ষম.(আল-হজঃ-৩৯)

أُذِنَ لِلَّذِينَ يُقَاتَلُونَ بِأَنَّهُمْ ظُلِمُوا وَإِنَّ اللَّهَ عَلَى نَصْرِهِمْ لَقَدِيرٌ (39)

 

আল্লাহৰ ৱাছতে যুদ্ধ কৰা ফৰজ

আকৌ আল্লাহ তালাই মুছলমানৰ বাবে যুদ্ধ কৰা ফৰজ কৰিছে যি সকলে তেওঁলোকৰ লগত যুদ্ধ কৰিব। আৰু আল্লাহৰ পথত তোমালোকে যু্দ্ধ কৰা সিহঁতৰ বিৰুদ্ধে যিসকলে তোমালোকৰ বিৰু্দ্ধে যুদ্ধ কৰে, কিন্তু তোমালোকে সীমা লঙঘন নকৰিবা নিসন্দেহে আল্লাহে সীমালঙঘনকাৰীবিলাকক ভাল নাপায়। (আল-বাকাৰাহঃ-১৯০)

وَقَاتِلُوا فِي سَبِيلِ اللَّهِ الَّذِينَ يُقَاتِلُونَكُمْ وَلَا تَعْتَدُوا إِنَّ اللَّهَ لَا يُحِبُّالْمُعْتَدِينَ (190)

 

আকৌ আল্লাহ তালাই মুশ্বৰিকৰ লগত যুদ্ধ কৰা ফৰজ কৰি দিছে-আৰু মুশ্বৰিকবিলাকৰ বিৰু্দ্ধে সমবেতভাৱে যু্দ্ধ কৰা যেনেকৈ সিহঁতে সমবেতভাৱে তোমালোকৰ সৈতে যুদ্ধ কৰে। (আত-তৌবাহঃ-৩৬)

وَقَاتِلُوا الْمُشْرِكِينَ كَافَّةً كَمَا يُقَاتِلُونَكُمْ كَافَّةً وَاعْلَمُوا أَنَّ اللَّهَ مَعَ الْمُتَّقِينَ (36)

 

এনেকোৱা ৰাছূল ()আৰু চাহাবা সকলে আল্লাহৰ প্ৰতি আহ্বান আৰু যুদ্ধৰ জৰিয়তে যি সকলে অধিক জুলুম অত্যচাৰ কৰিছে তেওঁলোকৰ জুলুম অত্যচাৰ শেষ কৰিবলৈ আল্লাহ তালাই সহায় কৰিলে ফলত মুছলমান সকলৰ জয় লাভ হ’ল আৰু ইছলাম ধৰ্ম প্ৰচাৰ হ’ল।

 

মোহাম্মদ ()-ৰ গজুৱাত

(ক) বদৰৰ যুদ্ধ

নবী ()ৰমজান মাহৰ দ্বিতীয় হিজৰিত বদৰৰ মইদানত আল্লাহ তালাৰ সহায়ত মুশ্বৰিকৰ লগত যুদ্ধ কিৰিলে আৰু তৃতীয় হিজৰিত বানু কাইনুকা্ক যি ইয়াহুদী সকলে গাদ্দাৰী কৰি এজন মুছলমানক হত্যা কৰিলে ফলত নবী ()তেওঁলোকক শ্বাম (ছিৰিয়া) দেশ লৈ জিলাৱাতন (পঠিয়াই) দিলে।

 

(খ) ওহদৰ যুদ্ধ

আকৌ কোৰাইশ্ব সকলে বদৰৰ যুদ্ধত নিজৰ হত্যাকাৰীৰ বদলা লবলৈ তৃতীয় হিজৰি শ্বাৱাল মাহত মাদীনাৰ ওচৰত ওহদৰ মাইদানত যুদ্ধ কৰিলে আৰু কিছুমান মুছলমান সকলে নবী ()ৰ কথা অমান্য কৰাৰ কাৰণে মুছলমান সকল জয় লাভ কৰিব নোৱাৰে।

 

(গ) বনু নাজীৰৰ আহাদ শ্বিকনী

আকৌ বনু নাজীৰ ইয়াহুদী সকলে আহাদ শ্বিকনী কৰিলে লগতে নবী ()ক হত্যা কৰিবলৈ চেষ্টা কৰিলে ফলত নবী ()তেওঁলোকক চতুৰ্থ হিজৰিত জিলাৱাতন কৰি খাইবৰ দেশ লৈ পঠিয়াই দিলে।

 

(গ) বানী মুস্তালিকৰ লগত যুদ্ধ

পাঁচ হিজৰিত বনু মস্তালিকৰ শত্ৰুতা শেষ কৰিবলৈ তেওঁলোকৰ লগত যুদ্ধ কৰিলে আল্লাহৰ সহায়ত জয় লাভ কৰিলে আৰু তেওঁলোকৰ মালে গানিমত লৈ আৰু কিছুমান তেওঁলোকক কাইদি কৰিলে।

 

(ঘ) আহঝাবৰ যু্দ্ধ

আকৌ ইয়াহুদীৰ প্ৰদান সকলে বেলেগ জাতিক লৈ মুছলমানৰ বিৰুদ্ধে তৰ্য্যন্ত সৃষ্টি কৰিলে যাতে ইছলাম ধৰ্ম একেবাৰে মদীনাৰ পৰা শেষ হৈ যায়। আল্লাহ তালাই তেওঁলোকৰ ছাজীস্ব বাতিল কৰিলে আৰু নিজৰ ৰাছূল ()ক সহায় কৰিলে যেনে আল্লাহ তালাই কৈছে যে-আৰু আল্লাহে প্ৰতিহত কৰিছিল সিহঁতক যিবিলাকে সিহঁতৰ আক্ৰোশৰ কাৰণে অবিশ্বাস পোষণ কৰিছিল, সিহঁতে ভাল একোৱেই লাভ কৰিব পাৰা নাই আৰু যুদ্ধত মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট আছিল। আৰু আল্লাহ হৈছে মহাবলীয়ন, মহাশক্তিশালী।(আল-আহঝাবঃ-২৫)

وَرَدَّ اللَّهُ الَّذِينَ كَفَرُوا بِغَيْظِهِمْ لَمْ يَنَالُوا خَيْرًا وَكَفَى اللَّهُ الْمُؤْمِنِينَ الْقِتَالَ وَكَانَ اللَّهُ قَوِيًّا عَزِيزًا (25)

 

(ঙ) বনু কোৰাইজাৰ লগত যুদ্ধ

আকৌ বানু কোৰাইজাহ গাদ্দাৰী কৰিলে ফলত ৰাছূল ()তেওঁলোকৰ পুৰুষ সকলক হত্যা কৰিলে আৰু সন্তানক গোলাম বনালে আৰু ধন সম্পত্তি মালে গনিমত বনালে।

 

(চ) চুলাহ হুদাইবীয়াহ

ছয় হিজৰিত নবী ()বাইতুল্লাহ আৰু তৌৱাফ কৰিবলৈ ইচ্ছা কৰিলে কিন্তু মুশ্বৰিক সকলে মুছলমানক ৰখাই দিলে তেতিয়া ৰাছূল ()হুদাইবীয়াহ ঠাইত ৰখি তাত মআহিদা কৰিলে যে দহ বছৰ পৰ্য্যন্ত যুদ্ধ নকৰিব যাতে মানুহে শান্তিৰ জীৱন গঢ়িব পাৰে সেই কথা মতে অধিক মানুহ ইছলাম ধৰ্মত প্ৰৱেশ কৰিলে।

 

(ছ) খাইবৰৰ যুদ্ধ

সাত হিজৰিত নবী ()খাইবৰ নামৰ ঠাইত যুদ্ধ কৰিবলৈ গলে তেওঁলোকে মুছলমানক শাস্তি আৰু কষ্ট দিছিল। ফলত ৰাছূল ()আল্লাহৰ সহায়ত যুদ্ধ কৰি তেওঁলোকৰ ধন, মালেগানিমত বনালে আৰু সেই বছৰতেই নবী ()দুনিয়াৰ সকলো ৰজা সকলক চিঠি দি ইছলামৰ প্ৰতি আহ্বান কৰিছিল।

 

(জ) মুৱাত্তাৰ যুদ্ধ

আঠ হিজৰিত নবী ()জায়েদ বিন হাৰিছা (رضی اللہ عنہ)ক কিছুমান সেনা বাহিনি দি ৰোম দেশ লৈ পঠিয়াইছিল কিন্তু ৰোম জাতিসকলে বিয়োগোম সেনা বহিনি তৈয়াৰ কৰিছিল আৰু মুছলমানৰ ডাঙৰ ডাঙৰ মুখিয়াল সেনাক হত্যা কৰিদিছিল কিন্তু বাকী মুছলমান সকলক আল্লাহ তালাই সামৰি ৰাখিছিল।

 

(ঝ) ফাতেহ মক্কাহ

মুশ্বৰিকে (মক্কাহসকলে) মআহীদাহ এৰি দিলে ফলত নবী ()এটা আজীম সেনা বাহিনী লৈ মক্কাৰ ফালে ওলাল, মক্কাত আহি মক্কাহ জয় লাভ কৰিলে আৰু বাইতুল্লাহৰ পৰা মূৰ্তিবিলাক পৰিষ্কাৰ কৰিলে।

 

(ঞ) হুনাইনৰ যুদ্ধ

আকৌ আঠ হিজৰিত শ্বাৱাল মাহত হুনাইনৰ যুদ্ধ হ’ল যাতে বনু ছাকিফ আৰু হাৱাজিনক অনুভাব হয়।ফলত আল্লাহ তালাই তেওঁলোকক পৰাজিত কৰিলে আৰু মুছলমানক অনেক বেছি মালেগনিমত পালে। আকৌ অলপ দূৰত তাইফৰ ফালে গৈ যুদ্ধ কৰিলে কিন্তু জয় লাভ কৰিব নোৱাৰিলে।ৰাছূল ()আল্লাহ তালাৰ ওচৰত দূআ কৰিলে ফলত কিছুদিন পিছত তেওঁলোক মুছলমান হলে

 

আকৌ তাৰ পৰা ঘূৰি আহি মালেগানিমত ভাগ কৰিলে আৰু মাদীনাহ লৈ উভতি আহিবলৈ তৈয়াৰ হলে।

 

(ট) তাবোকৰ যু্দ্ধ

ন হিজৰিত অভাৱত আৰু বিৰাট গৰমৰ দিনত তাবোকৰ যুদ্ধ হৈছিল ৰাছূল ()তাত গৈ কোনো ধৰণৰ যুদ্ধ নহ’ল আৰু কিছুমান জাতিৰ লগত সাক্ষাত হ’ল আৰু কিছুমানৰ লগত যুদ্ধ হৈ মালেগানিমত লৈ মাদীনাৰ ফালে উভতি আহিল।এনেকোৱা ৰাছূল (ছা)ৰ শেষ যুদ্ধ য’ত নিজে উপস্থিত আছিল।

 

আমুল ৱাফুদ

ন হিজৰিতেই অনেক জাতিসকলে ৰাছূল ()ৰ ওচৰত আহি ইছলাম গ্ৰহন কৰিছিল যেনে-বানি তামীম, তাই, আব্দুল কাইছ, বানু হানিফা ইত্যাদি এই সকলোবোৰ মুছলমান হৈছিল।

 

আবু বকৰ (رضی اللہ عنہ)ৰ হজ

আকৌ নবী ()ন হিজৰিত আবু বকৰ (رضی اللہ عنہ)ক আমীৰ বনাই হজ কৰিবলৈ পঠিয়ালে লগতে কিছুমান চাহাবা আৰু আলী (رضی اللہ عنہ)ক দি পঠিয়ালে আৰু আদেশ দিছিল যে ছূৰা বাৰাত পাঠ কৰিবা যাতে মুশ্বৰিক সকলে গম পায়। আৰু আলী (رضی اللہ عنہ) ক হুকুম দিলে মানুহৰ সন্মুখত গুষনা কৰিবলৈ ঈদুল আজহাৰ দিনত- যে কোনো কাফিৰ জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে আৰু এই বছৰৰ পিছত কোনো ব্যক্তি উলুংগা হৈ হজ কৰিব নোৱাৰে আৰু কোনো মুশ্বৰিক হজ কৰিব নোৱাৰে আৰু নবী ()ৰ লগত যি মুআহিদা আছে সেইটো সময় মতে থাকিব।

 

হজ্জাতুল ৱাদা্

নবী ()দহ হিজৰিত হজ কৰিবলৈ ইচ্ছা কৰিলে আৰু মানুহক হজ কৰিবলৈ আহ্বান কৰিলে ।বহুত মানুহ হজ কৰিবলৈ ওলাল আৰু নবী ()জুল হুলাইফা নামি ঠাইত এহৰাম বান্দিলে আৰু জিল হিজ্জাহৰ মাহত মক্কা পালে মানুহক তৱাফ, ছা-ঈ, মানাছিকে হজ শিক্ষা দিলে আৰু আৰফাতৰ ময়দানত এক সুন্ধৰ বয়ান দিলে যে-হে মানৱসকল মোৰ কথা শুনা মই ভাবিব নোৱাৰো তোমালোকৰ লগত অহা বছৰ লগ পাম নে নাই।। শুনা তোমালোকে নিশ্চয় তোমাৰ ধন, ৰক্ত আৰু সন্মান তোমালোকৰ ওপৰত হাৰাম যেনেকোৱা আজিৰ দিন আৰু এই মাহ আৰু তোমালোকৰ এই চহৰ হাৰাম। সাৱধান জাহিলিয়াতৰ সমূহ জামেলা মোৰ ভৰিৰ তলত আৰু এনেকোৱা জাহিলিয়াতৰ হত্যাকাণ্ড(খোন) শেষ।সৰ্ব প্ৰথম খোন মই মাফ কৰিলো ইবনে ৰাবিয়া বিন হাৰিছৰ যিয়ে বানু ছা-আদত গাখিৰ পান কৰিছিল আৰু হুজাইলে হত্যা কৰিছিল মই তাক ক্ষমা কৰি দিলো।

 

আৰু জাহিলিয়াতৰ সুদ শেষ কৰিলো সৰ্ব প্ৰথম মই আব্বাছ বিন আব্দুল মুত্তালিবৰ সুদ শেষ কৰিলো আৰু তোমালোকে মহিলা সকলৰ বিষয়ে ভয় কৰা কিয়নো তোমালোকে তেওঁলোকক আল্লাহ তালৰ আমানৰ পৰা হাচিল কৰিছা আৰু তেওঁলোকৰ লজ্জস্থান আল্লাহ তালাৰ কলিমাৰ দ্ধাৰা হালাল কৰিছা। আৰু তোমালোকৰ নিজৰ স্ত্ৰীক সাসন কৰিবলৈ অলপ শাস্তি দিব পাৰিবা যাতে তাইৰ গাত জখম নহয় হাড় না ভাঙে আৰু তোমালোকৰ দায়েত্বত তেওঁলোকৰ খোৱা, লোৱা, কাপোৰ ইত্যাদী বস্তু আছে।

 

আৰু মই তোমালোকৰ বাবে এটা গ্ৰন্থ (আল্লাহৰ কিতাপ) দি আছো যদি তোমালোকে সেইটো ভাল দৰে (আমলৰ সৈতে) ৰাখে তেন্তে তোমালোক পথভ্ৰষ্ট নহবা আনহাতে তোমালোকক মোৰ বিষয়ে প্ৰশ্ন হ’লে কি উত্তৰ দিবা। সকলো চাহাবা উত্তৰ দিলে আমি সাক্ষি দিম যে আপুনি নিশ্চয় আমাক ইছলামৰ বিষয়ে প্ৰচাৰ কৰি দিছে আৰু তবলিগ কৰিছে আৰু হক্ আদা কৰি দিছে।তেতিয়া নবী ()নিজৰ তৰ্জনী আঙুলি দি আকাশৰ ফালে উঠাই আৰু মানুহৰ ফালে উঠাই ক’লে এই আল্লাহ তুমি সাক্ষী থাকিবা (তিনি বাৰ ক’লে)

 

আল্লাহ তালাই ইছলাম ধৰ্ম সম্পুৰ্ণ কৰিদিছে আৰু আদেশবোৰ মানুহক পঠিয়াই দিছে তেতিয়া আল্লাহ তালাই আৰফাতৰ মইদানত এই আয়াত নাজিল কৰিছে-আজিৰ দিনা মই তোমালোকৰ নিমিত্তে তোমালোকৰ ধৰ্মব্যৱস্থা পূৰ্ণাঙ্গ কৰিলো আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো, আৰু তোমালোকৰ কাৰণে ইছলামকেই ধৰ্মৰূপে মনোনীত কৰিলো।(মা-ঈদাহঃ-৩)

الْيَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الْإِسْلَامَ دِينًا

 

এই হজক হজ্জাতুল ৱাদা নাম দিয়া হৈছে কাৰণ নবী ()এই হজত ধন্যবাদ (আলবিদা) কৈছিল তাৰ পিছত কোনো হজ কৰা নাই ।

 

মোহাম্মদ ()-ৰ শেষান্ত দিনবোৰ

এঘাৰ হিজৰি চফৰৰ মাহত নবী ()অসুখ হ’ল যেতিয়া অসুখ বেছি হ’ল তেতিয়া নবী ()আবু বকৰ (رضی اللہ عنہ)ক নামাজ পঢ়াবলৈ আদেশ দিলে। আৰু ৰাবিউল আৱালত অসুখ আৰু বেছি হ’ল পিছত নবী ()১২ ৰবিউল আৱালত সোমবাৰৰ দিনা ৰাতিপুৱা মৃত্যু হ’ল। (ইন্না লিল্লাহে ৱা ইন্নাইলাই হে ৰাজিউন)মঙ্গলবাৰে আয়েশ্বা (رضی اللہ عنہا)ৰ কোঠালিত দফন (কবৰ দিলে) কৰিলে।

 

খিলাফতে ৰাশ্বীদাহ

আকৌ মুছলমান সকলে আবু বকৰ (رضی اللہ عنہ)ক খলিফা বনালে তাৰ পিছত ওমৰ বিন খাত্তাব, তাৰ পিছত ওচমান আৰু তাৰ পিছত আলী (رضی اللہ عنہ)ক খলিফা বনালে এইসকল হ’ল খুলাফায়ে ৰাশ্বীদিন আল মাহদীয়ন।

 

মুহাম্মদ ()ৰ চৰিত্ৰ

আল্লাহ তালাই নিজৰ নবী ()ক বহুত নিয়ামতৰ লগত অনেক এহচান কৰিছিল আৰু ভাল চৰিত্ৰৰ আদেশ দিছিল যেনে আল্লাহ তালাই কৈছে যে-তেওঁ তোমাক এতীম অৱস্থাত পোৱা নাইনে,তেতিয়া তেওঁ আশ্ৰয় দিয়ে।আৰু তেওঁ তোমাক পায় দৰিদ্ৰ অৱস্থাত সেয়েহে তেওঁ সমৃদ্ধ কৰে।এতেকে এতীমৰ ক্ষেত্ৰত তুমি তেনেহ’লে কঠোৰ নহবা। আৰু সাহয্য প্ৰাৰ্থীৰ ক্ষেত্ৰত তুমি তেনেহ’লে ধমকিয়াই নিদিবা। (আজ-জুহা-৬-১১)

أَلَمْ يَجِدْكَ يَتِيمًا فَآوَى (6) وَوَجَدَكَ ضَالًّا فَهَدَى (7) وَوَجَدَكَ عَائِلًا فَأَغْنَى (8) فَأَمَّا الْيَتِيمَ فَلَا تَقْهَرْ (9) وَأَمَّا السَّائِلَ فَلَا تَنْهَرْ (10) وَأَمَّا بِنِعْمَةِ رَبِّكَ فَحَدِّثْ (11)

 

আল্লাহ তালাই নবী ()ক আজিম চৰিত্ৰ দিছে যাৰ বাহিৰে অন্য কোনো ব্যক্তিক দিয়া নাই যেনে আল্লাহ তালাই কৈছে-আৰু নিসন্দেহে তুমি সুমহান চৰিত্ৰত অধিষ্ঠিত।(আল-কলমঃ-৪)وَإِنَّكَ لَعَلَى خُلُقٍ عَظِيمٍ (4)

 

এই চৰিত্ৰৰ কাৰণে নবী ()মানুহক নিজৰ ফালে চাপাই লইছিল যেনে আল্লাহ তালাই কৈছে-তাৰ পাচত আল্লাহৰ কৰুণাৰ ফলত তুমি সিহঁতৰ প্ৰতি কোমল হৈছিলা। আৰু যদি তুমি কঠোৰ নিষ্ঠুৰ হৃদয় হলোহেঁতেন তেনেহ’লে নিশ্চয় সিহঁতে তোমাৰ চাৰিওফালৰ পৰা বিচ্ছিন্ন হৈ গলহেঁতেন। এতেকে সিহঁতৰ অপৰাধ মাৰ্জনা কৰা, আৰু সিহঁতৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰা, আৰু সিহঁতৰ সৈতে কাম কাজত পৰামৰ্শ কৰা, আৰু যেতিয়া তুমি সিদ্ধান্ত লৈছা তেতিয়া আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা আল্লাহে অৱশ্যে ভাল পায় নিৰ্ভৰশীলসকলক।(আল-ঈমৰানঃ-১৫৯)

فَبِمَا رَحْمَةٍ مِنَ اللَّهِ لِنْتَ لَهُمْ وَلَوْ كُنْتَ فَظًّا غَلِيظَ الْقَلْبِ لَانْفَضُّوا مِنْ حَوْلِكَ فَاعْفُ عَنْهُمْ وَاسْتَغْفِرْ لَهُمْ وَشَاوِرْهُمْ فِي الْأَمْرِ فَإِذَا عَزَمْتَ فَتَوَكَّلْ عَلَى اللَّهِ إِنَّ اللَّهَ يُحِبُّ الْمُتَوَكِّلِينَ (159)

 

মুহাম্মদ ()ক সকলো মানৱজাতিৰ বাবে

আল্লাহ তালাই মহাম্মদ ()ক সকলো মানৱজাতিৰ বাবে প্ৰেৰণ কৰিছে যাতে মানুহক আল্লাহৰ প্ৰতি আহ্বান কৰে।যেনে আল্লাহ তালাই কৈছে-হে প্ৰিয় নবী আমি নিশ্চয়কৈ তোমাক পঠিয়াইছো এজন সাক্ষীৰূপে, আৰু এজন সুসংবাদাতাৰূপে, আৰু এজন সতৰ্ককাৰীৰূপে। আৰু আল্লাহৰ প্ৰতি তেওঁৰ অনুমতিক্ৰমে এজন আহ্বায়কৰূপে আৰু এটি উজ্জ্বল প্ৰদীপৰূপে।(আল-আহজাবঃ-৪৫-৪৬)

يَا أَيُّهَا النَّبِيُّ إِنَّا أَرْسَلْنَاكَ شَاهِدًا وَمُبَشِّرًا وَنَذِيرًا (45) وَدَاعِيًا إِلَى اللَّهِ بِإِذْنِهِ وَسِرَاجًا مُنِيرًا (46)

 

মহাম্মদ ()ৰ খুচোচিয়াত

     আল্লাহ তালাই নবী ()ক অন্য আম্বীয়া সকলত কৈ বেছি ছয়টা ফাজাইল (গুণ) দিছে যেনে নবী ()কৈছে-মোক বেলেগ আম্বীয়াৰ পৰা ছয়টা গুণ বেছি দিছে যেনে মোক জাৱামিউল কালিম দিছে আৰু মোৰ ভয়ৰ লগত সহায় কৰিছে আৰু মোৰ বাবে মালে গানিমত হালাল কৰিছে আৰু মোৰ বাবে মাটী পৱিত্ৰ কৰি মছজিদ বনাই দিছে আৰু মোক সকলোমানৱ জাতিৰ বাবে ৰাছূল বনাই প্ৰেৰণ কৰিছে আৰু মোক শেষ নবী বনাইছে (মুছলিমঃ-৫২৩) এই কাৰণে নবী ()ৰ ওপৰত ঈমান আনা ৱাজিব আৰু শ্বৰিয়তৰ অনুসৰণ কৰা ফৰজ যেনে আল্লাহ তালাই কৈছে-এইবিলাক হৈছে আল্লাহৰ সীমা আৰু যি কোনোবাই আল্লাহ আৰু তেওঁৰ ৰাছূলৰ অনুৱৰ্তী হয় তাকে তেওঁ প্ৰৱেশ কৰাব স্বৰ্গোদ্যানসমূহত যিবিলাকৰ তলেদি বৈ গৈছে নিজৰাবোৰ, তেওঁলোক থাকিব স্থায়ীভাৱে আৰু সেইটোৱে কৈছে মহাসাফল্য।(আন-নিছাঃ-১৩)

تِلْكَ حُدُودُ اللَّهِ وَمَنْ يُطِعِ اللَّهَ وَرَسُولَهُ يُدْخِلْهُ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا وَذَلِكَ الْفَوْزُ الْعَظِيمُ (13)

 

আহলে কিতাপ সকলৰ বাবে দুইগুন নেকী

আহলে কিতাপ সকলৰ পৰা যি কোনো ব্যক্তি নবী ()ৰ ওপৰত যদি ঈমান আনে তেনেহলে তাক দুই গুণ নেকী দিয়া হ’ব যেনে আল্লাহ তালাই কৈছে-যিসকলৰ ওচৰত আমি ইয়াৰ আগতে ধৰ্মগ্ৰন্থ দিছিলো সেইসকলে স্বয়ং ইয়াত বিশ্বাস কৰে। আৰু যেতিয়া এয়া সিহঁতৰ আগত পাঠ কৰা হয় তেওঁলোকে কয় আমি ইয়াতে ঈমান আনিলো নিশ্চয় ই আমাৰ প্ৰতিপালকৰ পৰা সত্য, প্ৰকৃততে আমি ইয়াৰ আগতেও মুছলিম আছিলো। এইসকলক দুবাৰ এওঁলোকৰ প্ৰতিদান দিয়া হ’ব যিহেতু এওঁলোকে অধ্যৱসায় কৰিছিল, আৰু তেওঁলোকে ভালটো দি বেয়াক প্ৰতিৰোধ কৰে, আৰু আমি এওঁলোকক যি ৰিযেক দিছো তাৰ পৰা সিহঁতে খৰচ কৰি থাকে।(আল-কাচাচঃ-৫২,৫৩,৫৪)

الَّذِينَ آتَيْنَاهُمُ الْكِتَابَ مِنْ قَبْلِهِ هُمْ بِهِ يُؤْمِنُونَ (52) وَإِذَا يُتْلَى عَلَيْهِمْ قَالُوا آمَنَّا بِهِ إِنَّهُ الْحَقُّ مِنْ رَبِّنَا إِنَّا كُنَّا مِنْ قَبْلِهِ مُسْلِمِينَ (53) أُولَئِكَ يُؤْتَوْنَ أَجْرَهُمْ مَرَّتَيْنِ بِمَا صَبَرُوا وَيَدْرَءُونَ بِالْحَسَنَةِ السَّيِّئَةَ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ (54)

 

আৰু নবী ()কৈছে যে তিনিজন ব্যক্তি যাৰ বাবে আল্লাহ তালাই দুই গুণ নেকী দিছে ১. আহলে কিতাপ যিয়ে নিজৰ নবীৰ ওপৰত ঈমান আনিছে আৰু ৰাছূল ()ৰ ওপৰতো ঈমান আনিছে। দ্বিতীয় ব্যক্তি হ’ল গোলাম যিয়ে নিজৰ মালিকৰ আৰু আল্লাহ তালাৰ হক্ আদায় কৰে। তৃতীয় ব্যক্তি হ’ল যাৰ বান্দি আছে তাইৰ লগত স্ত্ৰী মিলন কৰে আৰু তাক ভাল দৰে আদব শিক্ষা দিয়ে আৰু তাক আজাদ কৰি বিয়া কৰি লয় তাক আল্লাহ তালাই দুই গুণ নেকী দিব।(বুখাৰীঃ-৯৭,মুছলিমঃ-১৫৪)

 

মোহাম্মদ ()-ক অমান্য কৰাৰ ফল

যি কোনো ব্যক্তি মহাম্মদ ()ৰ ওপৰত যদি ঈমান নানে তেনেহ’লে তেওঁ কাফিৰ হ’ব আৰু কাফিৰৰ পৰিনিতি জাহান্নাম হ’ব যেনে আল্লাহ তালাই কৈছে-আৰু যিজনে আল্লাহক আৰু তেওঁৰ ৰাছূলৰ প্ৰতি বিশ্বাস নকৰে আমিতো অৱশ্যে অবিশ্বাসীবিলাকৰ বাবে তৈয়াৰ কৰিছো জ্বলন্ত জুই। (ফাতাহঃ-১৩)

وَمَنْ لَمْ يُؤْمِنْ بِاللَّهِ وَرَسُولِهِ فَإِنَّا أَعْتَدْنَا لِلْكَافِرِينَ سَعِيرًا (13)

 

 আৰু নবী ()কৈছে যে আল্লাহৰ শপত কোনো খ্ৰীষ্টান আৰু ইয়াহুদী পৰ্য্যন্ত মোৰ কথা পাইছে আৰু তেওঁলোকে ঈমান নানে আৰু তেওঁ মৰি যাই তেন্তে তেওঁলোক জাহান্নামত যাব।

 

আৰু চোৱা

আল্লাহ , আম্বীয়া ও ৰাছূল, মহাম্মদ (), ইছলাম ইত্যাদী,

 

হাৱালা সমূহ

আৰ-ৰাহীকুল মাখতোমঃ-চফিউৰ ৰহমান মুবাৰক পুৰী

1688 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page