কোৰআন সংৰক্ষণ কৰাৰ তাৰিখ


কোৰআন আল্লাহ তালাৰ আশ্বাৰ্য্যজনক কালাম যিটো শেষ নবী, (খাতামুন নবীয়িন) মোহাম্মদ ()ৰ ওপৰত অৱতিৰ্ণ কৰিছে যিটো মুচহাফত লিখা আছে আৰু ক্ৰমে চালিত হৈ আহিছে আমাক আৰু এই কোৰআন পঢ়া বা পাঠ কৰা ইবাদত আৰু তাৰ আৰম্ভনী ছূৰা ফাতেহাৰ পৰা আৰু শেষ ছূৰা নাছ লৈ।

 

সূচীপত্ৰ

 

কোৰআন

“নিসন্দেহে আমি নিজেই স্মৰক-গ্ৰন্থ অৱতাৰণ কৰিছো, আৰু আমিয়েই ইয়াৰ সংৰক্ষণকাৰী”। (আল-হিজৰ-৯)

إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ (9)

 

আৰু কৈছে-“নিসন্দেহে যিবিলাকে স্মৰকগ্ৰন্থক প্ৰত্যাথ্যান কৰে সিহঁতৰ ওচৰলৈ সেয়া অহাৰ পাচত আৰু এয়াতো নিশ্চয়কৈ এখন মহাশক্তিশালী গ্ৰন্থ। ইয়াত মিছা কথা আহিব নোৱাৰে ইয়াৰ সন্মুখৰ পৰা, আৰু ইয়াৰ পাচৰ পৰাও নহয়। এয়া হৈছে এখন অৱতাৰণ মহাজ্ঞানী পৰম প্ৰশংসিতৰ পৰা”।(আল-ফুচ্চিলাত-৪১,৪২)

إِنَّ الَّذِينَ كَفَرُوا بِالذِّكْرِ لَمَّا جَاءَهُمْوَإِنَّهُ لَكِتَابٌ عَزِيزٌ (41) لَا يَأْتِيهِ الْبَاطِلُ مِنْ بَيْنِ يَدَيْهِ وَلَا مِنْ خَلْفِهِ تَنْزِيلٌ مِنْ حَكِيمٍ حَمِيدٍ (42)

 

ইমান ইবনে কাছিৰে কয় যে ইমাম জহাক, ছুদ্দী, আৰু কাতাদাহ (علیھم الرحمۃ)ইয়াত(بِالذِّكْرِ), জিকিৰৰ পৰা কোৰআন মতলব লৈছে।

 

কোৰআন পাক-পবিত্ৰ আৰু তাৰ নিচিনা কোনো গ্ৰন্থ নাই আৰু এই গ্ৰন্থ আল্লাহৰ পৰা অৱতাৰণ হৈছে তাত কোনো সন্দেহ নাই আৰু এই কোৰআনত সকলো আদেশ সত্য আৰু সুন্দৰ।---যেনে আল্লাহ তালাই কৈছে—“আৰু পাঠ কৰা তোমাৰ প্ৰতিপালকৰ কিতাপৰ পৰা যিটো তোমাৰ ওচৰত প্ৰত্যাদিষ্ট হৈছে। এনে কোনো নাই যি তেওঁৰ বাণী পৰিৱৰ্তন কৰিব পাৰে, আৰু তেওঁক বাদ দি তুমি নাপাবা কোনো আশ্ৰয়স্থল”।(আল-কাহাফ-২৭)

وَاتْلُ مَا أُوحِيَ إِلَيْكَ مِنْ كِتَابِ رَبِّكَ لَا مُبَدِّلَ لِكَلِمَاتِهِ وَلَنْ تَجِدَ مِنْ دُونِهِ مُلْتَحَدًا (27)

 

ইবনে কাছীৰ (رحمہ اللہ)কয় যে আল্লাহ তালাই নিজৰ ৰাছূলক পৱিত্ৰ কালামৰ তেলাৱাত পাঠ কৰিবলৈ আৰু প্ৰচাৰ কৰিবলৈ আদেশ দিছে আৰু তাৰ কথা কোনোৱাই পৰিৱৰ্তন কৰিব নোৱাৰে আৰু ওলট-পালটো কৰিব নোৱাৰে। বুজি লোৱা আল্লাহৰ বাহিৰে কোনোৱেকোৰআনক সংৰক্ষণ কৰিব নোৱাৰে। যেনে আল্লাহ তালাই কৈছে—“আৰু তুমিতো ইয়াৰ আগতে কোনো গ্ৰন্থৰ পৰা পাঠ কৰা নাছিলা, আৰু তোমাৰ সোঁহাতেৰে সেয়া লিখাও নাই তেনে কৰা হ’লে মিছা কওঁতাবিলাকে সন্দেহ কৰিব পাৰিলেহেঁতেন। প্ৰকৃততে এয়া হৈছে সুস্পষ্ট নিৰ্দেশাৱালী তেওঁলোকৰ হৃদয়ত যিসকলক জ্ঞান দিয়া হৈছে আৰু অন্যায়কাৰীবিলাকৰ বাহিৰে আন কোনেও আমাৰ নিৰ্দেশাৱলী অস্বীকাৰ নকৰে”।(আল-আনকাবোত-৪৮,৪৯)

وَمَا كُنْتَ تَتْلُو مِنْ قَبْلِهِ مِنْ كِتَابٍ وَلَا تَخُطُّهُ بِيَمِينِكَ إِذًا لَارْتَابَ الْمُبْطِلُونَ (48) بَلْ هُوَ آيَاتٌ بَيِّنَاتٌ فِي صُدُورِ الَّذِينَ أُوتُوا الْعِلْمَ وَمَا يَجْحَدُ بِآيَاتِنَا إِلَّا الظَّالِمُونَ (49)

 

হাদীছ

আয়াজ বিন হিমাৰ নাজাশ্বী (رضی اللہ عنہ)ৰ পৰা বৰ্ণিত আছে যে ৰাছূল () কৈছে—শুনা, মোৰ আল্লাহে মোক হুকুম দিছে যে মই তোমালোকক সেইবিলাক কথা কওঁ যিটো তোমালোকে নাজানা।মোৰ আল্লাহে মোক কৈছে, মই মোহাম্মদ ()ক এখন পুথি (কিতাপ) দিছো যিটো পানী দি ধোব নোৱাৰিবা আৰু তোমোলোকে সজাগ আৰু টুপনিৰ অৱস্থাত পঢ়িবলৈ পাৰিবা।

 

ইমাম আবুল আব্বাছ আলকুৰতুবী (رحمۃ اللہ علیہ)কৈছে যদি মুচহাফ (কোৰআন)ক ধোই দিয়ে তেতিয়াও আল্লাহৰ কথা মানুহৰ অন্তৰৰ পৰা ধোব নোৱাৰিব, আৰু না তাক শেষ কৰিব পাৰিব এই কথাৰ প্ৰমান আল্লাহ তালাই নিজেই লৈছে যেনে আল্লাহ তালাই কৈছে যে- “নিসন্দেহে আমি নিজেই স্মৰক-গ্ৰন্থ অৱতাৰণ কৰিছো, আৰু আমিয়েই ইয়াৰ সংৰক্ষণকাৰী”। (আল-হিজৰ-৯)

إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ (9)

 

আৰু ইমাম নোদী (رحمہ اللہ)য়ে কয় যে এইটোৰ অৰ্থ হ’ল এই কোৰআন মানুহৰ অন্তৰত সংৰক্ষিত আছে আৰু এইটো শেষ নহয় এইটো সদায় থাকিব।

 

আব্দুল্লাহ বিন আব্বাছ (رضی اللہ عنہ)পৰা বৰ্ণিত যে তেওঁ ওচমান (رضی اللہ عنہ)ক কোনোৱাই এই কথাত উপঙাই দিছে যে ছূৰা আনফাল যিটো একশ আয়াতৰ কম আৰু ছূৰা বাৰাআত যিটো একশ আয়াতৰ বেছি একে লগে মিলাই দিছে আৰু দুয়ো ছূৰাৰ মাজত বিছমিল্লাহ হিৰ্ৰাহমানিৰ্ৰাহীম (بسم اللہ الرحمٰن الرحیم)লিখা নাই আৰু তাক সাত দীঘল ছূৰাত ৰাখিছে। সেয়েই ওচমান (رضی اللہ عنہ)ক’লে নবী ()যেতিয়া ছূৰা নাজিল হয় তেতিয়া ৰাছূল ()লিখক মাতি আনি কৈছিল যে এই ছুৰা নাইবা এই আয়াত অমোক ছূৰাৰ লগত মিলাই লিখা আৰু ছূৰা আনফাল মাদীনাত নাজিল হৈছে আৰু ছূৰা বাৰাআতো মাদীনাত নাজিল হৈছে আৰু দুয়ো ছূৰাৰ বিষয় প্ৰায় একেই সেই কাৰণে কলে যে দুয়ো ছূৰা একেই।

 

নবী ()মৃত্যু হ’ল আৰু এই বিষয়ে কোনো বায়ান দিয়া নাই যে এইটো তাৰ এটী অংশ সেয়েই মই এই দুয়ো ছুৰাক মিলাই দিলো আৰু তাৰ মাজত বিছমিল্লাহ হিৰ্ৰাহমানিৰ্ৰাহীম(بسم اللہ الرحمٰن الرحیم)লিখা নাই আৰু তাক সাত ডাঙৰ ছূৰাতমাজত ৰখা হ’ল।

 

ওচমান বিন আবীল আচ বায়ান কৰে যে মই ৰাছূল ()ৰ ওচৰত বহি আছিলো আৰু ৱাহী আহিল,পিছত ৰাছূল ()ক’লে যে জিব্ৰাঈল মোৰ ওচৰত আহি ক’লে এই আয়াত বেলেগ ছূৰাৰ লগত ৰখা

(إِنَّ اللَّهَ يَأْمُرُ بِالْعَدْلِ وَالإِحْسَانِ وَإِيتَاء ذِي الْقُرْبَى وَيَنْهَى عَنِ الْفَحْشَاء وَالْمُنكَرِ وَالْبَغْيِ يَعِظُكُمْ لَعَلَّكُمْ تَذَكَّرُونَ)।

 

কোৰআন মজীদ কি?

কোৰআন আল্লাহ তালাৰ আশ্বাৰ্য্যজনক কালাম যিটো শেষ নবী, (খাতামুন নবীয়িন) মোহাম্মদ ()ৰ ওপৰত অৱতিৰ্ণ কৰিছে যিটো মুচহাফত লিখা আছে আৰু ক্ৰমে চালিত হৈ আহিছে আমাক, আৰু এই কোৰআন পঢ়া বা পাঠ কৰা ইবাদত আৰু তাৰ আৰম্ভনী ছূৰা ফাতেহাৰ পৰা আৰু শেষ ছূৰা নাছ লৈ।

 

কোৰআন সংৰক্ষণৰ দায়িত্ব আল্লাহ তালাই নিজেই লৈছে

আল্লাহ তালাই কৈছে যে—“নিসন্দেহে আমি নিজেই স্মৰক-গ্ৰন্থ অৱতাৰণ কৰিছো, আৰু আমিয়েই ইয়াৰ সংৰক্ষণকাৰী”। (আল-হিজিৰ-৯)

إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ (9)

 

শ্বেখ ছা্-দী (رحمہ اللہ)নিজৰ তফছিৰত কৈছে যে নিশ্চয় আমি জিকিৰ নাজিল কৰিছো মানে কোৰআন নাজিল কৰিছো, য’ত প্ৰত্যেক বস্তুৰ বিৱৰণ আছে। আচলতে নাজিল কৰাৰ সময় নাজিল কৰাৰ পিছত আৰু নাজিল কৰাৰ অৱস্থাত আমি (আল্লাহ) কোৰআনক সংৰক্ষণ কৰিছো আৰু নাজিল কৰাৰ পিছত আল্লাহ তালাই কোৰআনক ৰাছূল () আৰু ওম্মতৰ দ্বাৰা সংৰক্ষণ কৰিছে আৰু আল্লাহ তালাই শব্দ বেছি বা কম আৰু অৰ্থৰ সলনিৰ পৰা সংৰক্ষণ কৰিছে। আল্লাহ তালাই যুগে যুগে এনে ওলামা সকলক সৃষ্টি কৰি দিছে সেই সকলে হক্ব টো প্ৰমান কৰি ৰাখিছে এইটো আল্লাহে ওম্মতৰ ওপৰত ডাঙৰ নিয়ামত দিছে আৰু আল্লাহ তালাই কোৰআনক এই দৰে সংৰক্ষণ কৰিছে যে কোৰআনৰ ওপৰত আমলকাৰী সকলক শুত্ৰুৰ পৰা দূৰত ৰাখিব। (তফছীৰ ছাদীঃ-৬৯৬)

 

ৰাছূল ()ৰ ওপৰত তেইছ বছৰৰ ভিতৰত কোৰআন অলপ অলপ নাজিল হৈছে যেনে আল্লাহ তালাই কৈছে-“আৰু এই কোৰআন—আমি ইয়াক ভাগ ভাগ কৰিছো যাতে তুমি তাক লোকৰ আগত ক্ৰমে পঢ়িব পাৰা, আৰু আমি এইখন অৱতাৰণ কৰিছো অৱতাৰণেৰে”।(আল-ইছৰা-১০৬)

وَقُرْآنًا فَرَقْنَاهُ لِتَقْرَأَهُ عَلَى النَّاسِ عَلَى مُكْثٍ وَنَزَّلْنَاهُ تَنْزِيلًا (106)

 

কোৰাআন সংৰক্ষণৰ প্ৰথম অৱস্থা

ৰাছূল () আৰম্ভনিৰে পৰা কোৰআনৰ বাহিৰে বেলেগ কোনো বস্তু লিখিবলৈ নিষেধ কৰিছে আৰু চাহবা সকলক নিজৰ কালাম লিখিবলৈ কিছু দিনৰ বাবে নিষেধ কৰিছে যাতে কোৰআন ও হাদীছ একে লগে মিলি নাজায়।

 

চাহাবা ৱাহীৰ লিখক

ৰাছূল () আমানতদাৰ আৰু জ্ঞানী চাহাবা সকলক লিখিবলৈ আদেশ দিছিল আৰু সেই চাহাবা সকল হৈছে—খুলাফায়ে ৰাশ্বিদাহ, মুআৱিয়া বিন আবু ছুফিয়ান, জায়েদ বিন ছাবিত, ওবাই বিন কাআব, মুগীৰাহ বিন শ্ববাহ, আব্দুল্লাহ বিন ৰাৱাহাহ, খালিদ বিন ৱাদীদ, আৰু ছাবিত বিন কেছ (رضی اللہ عنہم)

 

কোৰআনসংৰক্ষণৰ দ্বিতীয় অৱস্থা (আবু বকৰ (رضی اللہ عنہ)ৰ যোগ)

খলিফা আওৱাল, আবু বকৰ (رضی اللہ عنہ)ৰ যোগ পৰ্য্যন্ত কোৰআন মানুহৰ অন্তৰত সংৰক্ষিত আৰু ছালত লিখা আছিল আৰু তাৰ পিছত ধৰ্ম ত্যাগ সকলৰ লগত যুদ্ধত বহুত হাফিজ চাহাবাসকলৰ মৃত্যু হ’ল সেয়েই আবু বকৰ (رضی اللہ عنہ)চাহাবা সকলৰ লগত জনা-বুজা কৰিলে যে কোৰআনক এক কিতাপত জমা কৰি লিখিব লাগে, ফলত আবু বকৰ (رضی اللہ عنہ) জায়েদ বিন ছাবিত (رضی اللہ عنہ)ক লিখিবলৈ হুকুম দিলে।

 

 জায়েদ বিন ছাবিত (رضی اللہ عنہ)বয়ান কৰিছে যে যেতিয়া ইয়ামামাহৰ যুদ্ধ হ’ল তাৰ পিছত মই আবু বকৰ (رضی اللہ عنہ)ৰ ওচৰত আহিছো তেতিয়া ওমৰ (رضی اللہ عنہ)আবু বকৰ (رضی اللہ عنہ)ক ক’লে যে,যুদ্ধত বহুত হাফিজ চাহাবাসকল মৃত্যু হৈ আছে আৰু মই ভয়ত আছো, যে মানুহৰ অন্তৰত যি কোৰআন সংৰক্ষিত আছে, এনেদৰে মানুহৰ মৃত্যু হৈ থাকিলে কোৰআন শেষ হৈ যাব।গতিকে আমি আপোনাক পৰামৰ্শ দিওঁ যে আপুনি কোৰআন একেলগে জমা কৰিবলৈ আদেশ দিয়ক। তেতিয়া ওমৰ (رضی اللہ عنہ)ক সুধিলে তুমি সেই কাম কেনেকৈ কৰিবা যিটো ৰাছূল ()কৰা নাই । ওমৰ (رضی اللہ عنہ) উত্তৰ দিলে আল্লাহৰ শপত এইটো এটা ভাল কাম ফলত আল্লাহ তালাই তেওঁৰ অন্তৰটো খুলি দিলে আৰু এই কাম আৰম্ভ কৰিবলৈ জায়েদ বিন ছাবিতক কলে তুমি এজন আমানতকাৰী চাহাবা আৰু জ্ঞানী আৰু তোমাৰ ওপৰত কোনো ধৰণৰ তহমদ নাই তুমি এই কামৰ নিৰ্ভৰযোগ্য।

 

জায়েদ বিন ছাবিত বয়ান কৰে যে আল্লাহৰ শপত, যদি মোক এটা পাহাৰ এঠাইৰ পৰা আন ঠাইত সলনি কৰিবলৈ কোৱাহেঁতেন মই কৰিলোহেঁতেন আৰু কলো যি কাম ৰাছূল ()কৰা নাই সেইটো মই কেনেকৈ কৰিম ফলত আবু বকৰ আৰু ওমৰ (رضی اللہ عنہ) দৰে মোৰ অন্তৰটো খুলি দিলে আৰু মই কোৰাআন জমা কৰা আৰম্ভ কৰিলো।আৰু মই ছূৰা তৌবাৰ শেষ আয়াত আবু খুজাইমা আনছাৰীৰ বাহিৰে কোনো ব্যক্তিৰ ওচৰত পোৱা নাই

(لَقَدْ جَاءكُمْ رَسُولٌ مِّنْ أَنفُسِكُمْ عَزِيزٌ عَلَيْهِ مَا عَنِتُّمْ حَرِيصٌ عَلَيْكُم بِالْمُؤْمِنِينَ رَؤُوفٌ رَّحِيمٌ)

 

এই মুচহাফ (কোৰআন)আবু বকৰ (رضی اللہ عنہ)ৰ মৃত্যুৰ পিছত ওমৰ (رضی اللہ عنہ)ৰ ওচৰত আছিল তাৰ পিছত হাফচা (رضی اللہ عنہا)ৰ ওচৰত আছিল।

 

জায়েদ বিন ছাবিত (رضی اللہ عنہ) নিজেই হাফিজ আছিল কিন্তু তেওঁ নিজে কোৰআন প্ৰমানৰ বাবে এটা খাচ নিয়ম ব্যৱহাৰ কৰিছে যে, যিকোনো আয়াত সেই সময় লৈকে লিখা নাই যেতিয়া লৈকে দুজন চাহাবাই সাক্ষী নিদিয়ে যে, মই ৰাছূল ()ৰ পৰা শুনিছো।

 

এই কোৰআন তৃতীয় খলিফা পৰ্য্যন্ত আছিল আৰু চাহাবাসকল বেলেগ বেলেগ দেশত গৈছিল আৰু তাত কোৰআনৰ সাত লেহজাত পঢ়িছিল যিটো ৰাছূল ()ৰ পৰা শুনিছিল গতিকে এই দৰে ছাত্ৰয়ে শিক্ষকৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল।

 

যেতিয়া ছাত্ৰসকলে বেলেগ কোনো ব্যক্তিক অন্য লেহজাত কোৰআন পঁঢ়া শুনে আৰু এজনে আনজনক ভূল বুলি কয়, তেতিয়া ওচমানে (رضی اللہ عنہ) কল্পনা কৰিলে যে কোৰআনক কোৰাইশ্বৰ লেহজাত জমা কৰা হওঁক কিয়োনো কোৰআন কোৰাইশ্বৰ লেহজাত অৱতাৰণ হৈছে।

 

কোৰআন সংৰক্ষণৰ তৃতীয় অৱস্থাঃ-(ওচমান (رضی اللہ عنہ)ৰ খিলাফত)

(২৪ হিজৰি-২৫ হিজৰি)

আনাছ বিন মালিক (رضی اللہ عنہ)পৰা বৰ্ণিত  যে হুজাইফা বিন য়ামান (رضی اللہ عنہ)তেওঁ ওচমান (رضی اللہ عنہ)ৰ ওচৰত আহিল আৰু তেওঁ আৰমিনিয়া আৰু আজাৰবাইজানত যুদ্ধত জয় লাভ কৰি ইৰাকীসকলক লৈ ছিৰিয়া দেশত যুদ্ধ কৰি আছিল আৰু হুজাইফা বিন য়ামান (رضی اللہ عنہ)ৰ কোৰআন পাঠত তেওঁ ভয়ত পৰিল আৰু খলিফা ওচমান (رضی اللہ عنہ)ক ক’লে যে, এয়া আমীৰুল মুমিনীন এই ওম্মতক আল্লাহৰ কিতাপত ইয়াহুদী আৰু খ্ৰীষ্টানৰ দৰে মতভেদৰ সৃষ্টি হোৱাৰ আগত ৰক্ষা কৰা । ফলত ওচমানে (رضی اللہ عنہ)উম্মুল মুমিনীন হাফচা (رضی اللہ عنہا)ৰ ওচৰত কোৰআন আনিবলৈ ক’ লে যাতে সেই কোৰআনৰ মতে আৰু এটা তৈয়াৰ কৰিব পাৰে, ওচমান (رضی اللہ عنہ)জায়েদ বিন ছাবিত (رضی اللہ عنہ)ক, আব্দুল্লাহ বিন জুবাইৰ (رضی اللہ عنہ)আৰু ছাইদ বিন আচ (رضی اللہ عنہ)ক আৰু আব্দুৰ ৰহমান বিন হাৰিছ বিন হিশ্বাম (رضی اللہ عنہ)ক মুচহাফ (কোৰআন) তৈয়াৰ কৰিবলৈ আদেশ দি ক’লে যদি তোমালোক জায়েদ বিন ছাবিত (رضی اللہ عنہ)কোৰআনৰ কোনো বস্তুত মতভেদ কৰে তেন্তে তোমালোকে কোৰাইশ্বৰ ভাষাত লিখিবা কিয়নো কোৰআন কোৰাইশ্বৰ ভাষাত নাজিল হৈছে। পিছত তেওঁলোকে এনেকোৱাই কৰিলে।

 

যেতিয়া এই মুচহাফ (কোৰআন)তৈয়াৰ হ’ল। ওচমানে(رضی اللہ عنہ)আগৰ কোৰআনটো উম্মুল মুমিনীনৰ ওচৰত ফেৰত দিলে। আৰু বাকী কেইটা প্ৰত্যেক ৰাজ্যপালৰওচৰত পঠিয়াই দিলে আৰু আদেশ জাৰি কৰিলে ইয়াৰ বাহিৰে সকলোবোৰ মুচহাফ জুই লগাই দিয়া যায়।

 

ইবনে শ্বিহাব জুহৰী (رحمہ اللہ)- কয় যে মোক খাৰিজা বিন ছাবিতে (رضی اللہ عنہ)বয়ান কৰিছে—যে, জায়েদ বিন ছাবিতে (رضی اللہ عنہ)মোক কৈছে যে, মই মুছহাফ (কোৰআন) নছক কৰাৰ সময়ত ছূৰা আহঝাবৰ এটী আয়াত পোৱা নাই যিটো মই নবী (ﷺ)পৰা শুনি আছিলো আমি সেইটো বিচাৰিছো কিন্তু সেইটো খুজাইমাহ বিন ছাবিত (رضی اللہ عنہ)পৰা পাইছো (مِنَ الْمُؤْمِنِينَ رِجَالٌ صَدَقُوا مَا عَاهَدُوا اللَّهَ عَلَيْهِ فَمِنْهُم مَّن قَضَى نَحْبَهُ وَمِنْهُم مَّن يَنتَظِرُ وَمَا بَدَّلُوا تَبْدِيلاً) আৰু সেইটো আমি ছূৰা আহঝাবত মিলাই দিছো।

 

এনেকোৱা মতভেদৰ সমস্যা শেষ হ’ল আৰু কোৰআন মানুহৰ অন্তৰত সংৰক্ষিত থাকিল আৰু কিয়ামত পৰ্য্যন্ত থাকিব।আৰু এইটো হ’ল আল্লাহৰ সংৰক্ষণ যেনে আল্লাহ তালাৰ সত্য প্ৰমান হয় যে— “নিসন্দেহে আমি নিজেই স্মৰক-গ্ৰন্থ অৱতাৰণ কৰিছো, আৰু আমিয়েই ইয়াৰ সংৰক্ষণকাৰী”। (আল-হিজিৰ-৯)

إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ (9)

 

ওচমান (رضی اللہ عنہ)ৰ তৈয়াৰ কৰা সাত মোচহাফৰ পৰা আজিও তিনিটা বাকী আছে। সেইবোৰ তলত দিয়া হৈছে-

      ১. লণ্ডনৰ মিউজিয়মত

      ২. বিৰলেন মিউজিয়মত

      ৩. তাশ্বকান মিউজিয়মত

 

কোৰআনত নুকতা (বিন্দু)

ইমাম জাৰকানীয়ে কয় যে মুচহাফে ওচমানী নুকতাৰ বাহিৰে আছিল। আৰু কোৰআনৰ নুকতা (বিন্দু)ৰ আৰম্ভনী আব্দুল মালিক বিন মাৰৱানৰ খিলাফতৰ কালত হৈছিল তাৰ কাৰণ হ’ল যেতিয়া ইছলাম ধৰ্ম অনেক স্থানত প্ৰচাৰ হ’ল আৰু আৰব ও আৰবৰ বাহিৰে বেলেগ জাতিৰ লগত মিলা প্ৰিতি হ’ল তেতিয়া আৰবী ভাষাৰ সংৰক্ষণৰ বাবে আৰু বহুত মানুহে কোৰআন পঢ়িবলৈ আৰম্ভ কৰিলে আৰু নুকতা নোহোৱাৰ কাৰণে মানুহৰ ভিতৰত মতভেদ সৃষ্টি হ’ল।সেই সময়ত আব্দুল মালিক বিন   মাৰৱানে ভৱিষ্যতৰ চিন্তা কৰি এই কঠিন কাম আৰু মতভেদ শেষ কৰিবলৈ হাজ্জাজ বিন য়ুছুফক এই কাম দিলে যে এই সমস্যা সমাধান কৰে। হাজ্জাজ বিন য়ুছুফ এই কঠিন কামটো সমাধান কৰিবলৈ দুজন মানুহ বাচিলে এজন হ’ল নছৰ বিন আচিম আল্লাইছী আনজন হ’ল ইয়াহিয়া বিন ইয়ামৰ আল-আদুৱায়ী । এইদুজন আলিম আৰু আমলকাৰী আৰু আৰবী ব্যাকাৰণ ভাল দৰে জানিছিল। এই সকলে কোৰআনত নুকতা লগালে আৰু তাত নিৰ্দিষ্ট কৰি এটা কথা মনত ৰাখিছে যে, এটা শব্দত তিনিটাতকৈ অধিক নুকতা যাতে নহয়।

 

আল্লাহ তালাই এই দুজনক এই কাম কৰাৰ কাৰণে সাফাল্য কৰে যেন।

 

পিছত মানুহৰ মাজত এই কথা প্ৰচলিত হ’ল যে কোৰআনৰ নুক্তা সৰ্বপ্ৰথম ব্যক্তি আবুল আছৱাদ আদ্দুলী, আৰু ইবনে ছিৰীনৰ ওচৰত সেই কোৰআন আছিল য’ত ইয়াহিয়া বিন য়ামৰ নুক্তা লগাইছিল। হ’ব পাৰে আবুল আছৱাদ আদ্দুলী অকলে নিজেই নুক্তা লগাইছিল আৰু আচলতে আব্দুল মালিক বিন মাৰৱানে নুক্তা লগাইছিল । এনে দৰে মানুহৰ মাজত মানুহৰ মতভেদ শেষ হ’ল।

 

আৰু চোৱা

আৰকানে ইছলাম, আৰকানে ইমান, কোৰআন, হাদীছ, শ্বৰীয়াতৰ মচাদিৰ ইত্যাদী।

295 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page