কোৰআন আৰু হাদীছ কি ?


আল্লাহৰ কালাম (কথা)যিটো আল্লাহ তালাই মোহাম্মদ ()ৰ ওপৰত অৱতাৰণ কৰিছে যাতে মানুহক পথভ্ৰষ্টৰ পৰা হিদায়াতৰ ফালে লৈ যায়।যেনে আল্লহ তালাই কৈছে-“তেৱেই সেইজন যিজনে তেওঁৰ বান্দাৰ ওচৰত সুস্পষ্ট নিৰ্দেশাৱলী অৱতাৰণ কৰিছে যাতে তেওঁ তোমালোকক উলিয়াই আনিব পাৰে আন্ধাৰৰ পৰা পোহৰৰ মাজত”। (আলহাদীদঃ-৯)

هُوَ الَّذِي يُنَزِّلُ عَلَى عَبْدِهِ آيَاتٍ بَيِّنَاتٍ لِيُخْرِجَكُمْ مِنَ الظُّلُمَاتِ إِلَى النُّورِ وَإِنَّ اللَّهَ بِكُمْ لَرَءُوفٌ رَحِيمٌ (9)

 

কোৰআনৰ অৰ্থঃ

(১) এই কালামে ইলাহী এনেকোৱা এটা নাম যেনে তৌৰাত আৰু ইঞ্জীল।এইটো মুস্তাক (مشتق) আৰু মাহমোজ(مہموز) নহয় (২) এই শব্দ قرن الشئ بالشئপৰা ওলাইছে কোৰআনৰ আয়াত আৰু ছূৰা একে লগে মিলি আছে এই কাৰণে কোৰআনক কোৰআন কোৱা হয়। (৩)এইটো মাহমোজ (مہموز)بوزن فعلان (ق رء)  এইটোৰ অৰ্থ হ’ল গোটাই লোৱা কোৰআনক এই নাম এই কাৰণে দিছে যে কোৰআনত আগৰ কিতাপৰ তালিম গোটাই লোৱা হৈছে (৪) কোৰআন بوزن غفران ،مصدر مہموز واصلہ قرءকোৰআনক এই নাম বাৰে বাৰে পঢ়া হয় যে এই কাৰণে কোৱা হয় । শেষৰ কথাটো ৰাজেহ (উত্তম) لوم القرآن ڈاکٹر صبحی صالح)

 

সূচীপত্ৰ

 

কোৰআন কি?

কোৰআন আল্লাহ তালাৰ আশ্বাৰ্য্যজনক কালাম(কথা) যিটো খাতামুল আম্বীয়া মোহাম্মদ ()ৰ ওপৰত জীব্ৰাইলৰ দ্বাৰা অৱতাৰণ হৈছে যিটো মুচহাফত লিখি থোৱা হৈছে আৰু আমাৰ ওচৰত ক্ৰমে চালিত হৈ আহিছে। যিটো তেলাৱাত কৰা ইবাদত।আৰু ছূৰা ফাতেহাৰ পৰা আৰম্ভ হৈ ছূৰা নাছ পৰ্য্যন্ত শেষ হয়।

 

কোৰআনকোন তালিমত সংযুক্ত

আল্লাহ তালাই কোৰআন মাজীদত আৰম্ভনীৰে পৰা শেষ লৈকে মানুহ আৰু পৃথিৱী ও আকাশমণ্ডলৰ সৃষ্টিৰ খবৰ দিছে আৰু তাত হলাল হাৰাম, ব্যৱহাৰ, স্বভাব চৰিত্ৰ আৰু ইবাদতৰ আহকাম, আম্বীয়া ও নেককাৰীসকলৰ জীৱনী, কাফিৰ আৰু মুমিন সকলৰ ফলাফল ও শাস্তি মুমিন সকলৰ ঘৰ, জান্নাতৰ বিৱৰণ আৰু কাফিৰ সকলৰ ঘৰ যাহান্নামৰ পৰিপূৰ্ণ হিচাপ ভালকৈ বয়ান কৰা হৈছে। যেনে আল্লাহ তালাই কৈছেঃ-আৰু তোমাৰ ওচৰত আমি অৱতাৰণ কৰিছো ধৰ্মগ্ৰন্থ সকলো বিষয়ৰ সুস্পষ্ট ব্যাখ্যাস্বৰূপ পথনিৰ্দেশ আৰু কৰুণা আৰু মুছলিমসকলৰ সুসংবাদস্বৰূপ।(আন-নাহল-৮৯)

وَنَزَّلْنَا عَلَيْكَ الْكِتَابَ تِبْيَانًا لِكُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً وَبُشْرَى لِلْمُسْلِمِينَ (89)

 

কোৰআনৰ দাৱাত

কোৰআনত আল্লহ তালাৰ নাম ও গুণ (আছমা ও চিফাত) আৰু তাৰ মখলোকৰ আৰু আল্লাহ তালাৰ ফাৰিস্তা আৰু কিতাপ সমূহ আৰু সিপুৰী (আখেৰাতৰ দিন)ৰ ওপৰত ঈমানৰ দাৱাত, এইবিলাক বয়ান কৰা হৈছে। যেনে আল্লাহ তালাই কৈছে-ৰাছূলজনে ইমান আনিছে যি তেওঁৰ প্ৰতিপালকৰ পৰা তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে, আৰু বিশ্বাসীসকলেও সকলোৱে ইমান আনিছে আল্লাহত, আৰু তেওঁৰ ফাৰিস্তাসকলত, আৰু তেওঁৰ গ্ৰন্থসমূহত, আৰু তেওঁৰ ৰাছূলসকলত আমি তেওঁৰ ৰাছূলসকলৰ কোনো এজনৰ মাজতো কোনো পাৰ্থক্য নকৰো। তেওঁলোকে আৰু কয়—আমি শুনো আৰু পালন কৰো, হে আমাৰ প্ৰতিপালক তোমাৰ পৰিত্ৰাণ আৰু তোমাৰেই প্ৰতি গন্তব্য পথ।(আল-বাকাৰা-২৮৫)

آمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالْمُؤْمِنُونَ كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ وَقَالُوا سَمِعْنَا وَأَطَعْنَا غُفْرَانَكَ رَبَّنَا وَإِلَيْكَ الْمَصِيرُ (285)

 

কোৰআন আৰু মৃত্যুৰ পিছত জীৱন

কোৰআন মজীদত কিয়ামতৰ দিন আৰু মৃত্যুৰ পিছত হাশ্বৰ নশ্বৰ আৰু হিচাপ ও কিতাপ-ৰ অৱস্থা বয়ান কৰা হৈছে আৰু হাওজে কাওছৰ আৰু পুল চিৰাত, মিজান আৰু নিয়ামত আৰু শাস্তি আৰু কিয়ামতৰ দিন মানুহক একে লগে জমা কৰা এই সকলো বস্তুৰ বিৱৰণ আছে। যেনে আল্লাহ তালাই কৈছে-আল্লাহ—তেওঁৰ বিনে কোনো উপাস্য নাই তেওঁ নিশ্চয় তোমালোকক সমবেত কৰিব কিয়ামতৰ দিনত—কোনো সন্দেহ নাই তাত আৰু কথা ৰখাৰ বেলিকা আল্লাহতকৈ কোন বেচি সত্যনিষ্ঠ।(আন-নিছা-৮৭)

اللَّهُ لَا إِلَهَ إِلَّا هُوَ لَيَجْمَعَنَّكُمْ إِلَى يَوْمِ الْقِيَامَةِ لَا رَيْبَ فِيهِ وَمَنْ أَصْدَقُ مِنَ اللَّهِ حَدِيثًا (87)

 

কোৰআন আৰু আয়াতে কৌনিয়া

কোৰআন মাজীদত আল্লাহ তালাৰ আয়াতে কৌনিয়া (দুনীয়াৰ নিশ্বানি) আৰু আয়াতে কোৰআনীয়াত গভীৰ চিন্তা আৰু বুজাবুজীৰ দাৱাত দিয়া হৈছে যেনে আল্লাহ তালাই কৈছে-কি সিহঁতে তেন্তে কোৰআন সম্বন্ধে নাভাবিবনে, নেকি হৃদয়ৰ ওপৰত সেইবিলাকৰ তলা দিয়া আছে (মোহাম্মদ-২৪)

أَفَلَا يَتَدَبَّرُونَ الْقُرْآنَ أَمْ عَلَى قُلُوبٍ أَقْفَالُهَا (24)

    

কোৰআন মাজীদ সকলো মানুহৰ বাবে, যেনে আল্লাহ তালাই কৈছে-নিসন্দেহে আমি তোমাৰ ওচৰত গ্ৰন্থখন অৱতাৰণ কৰিছো মানৱজাতিৰ বাবে সত্যৰ সৈতে, এতেকে যিজনে সতপথ অৱলম্বন কৰে তেওঁতো তেন্তে তাৰ নিজৰ বাবে আৰু যিজনে ভুল পথেৰে চলে, সিতো তেন্তে বিভ্ৰান্ত হয় তাৰ নিজৰেই বিৰুদ্ধে। আৰু তুমিতো সেইবিলাকৰ ওপৰত ৰখিয়া নোহোৱা।(আয-যুমৰ-৪১)

إِنَّا أَنْزَلْنَا عَلَيْكَ الْكِتَابَ لِلنَّاسِ بِالْحَقِّ فَمَنِ اهْتَدَى فَلِنَفْسِهِ وَمَنْ ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا وَمَا أَنْتَ عَلَيْهِمْ بِوَكِيلٍ (41)

 

কোৰআনআৰু বাকী আচমানী গ্ৰন্থ

কোৰআন কৰীম নিজৰ আগৰ গ্ৰন্থ, যেনে- তৌৰাত, ইঞ্জীল সত্য বুলি প্ৰমান কৰে, আৰু প্ৰহৰীৰূপ যেনে আল্লাহ তালাই কয় যে-আৰু তোমাৰ ওচৰত আমি অৱতাৰণ কৰিছো এই ধৰ্মগ্ৰন্থ সত্যৰ সৈতে আৰু পূৰ্বৱতী ধৰ্মগ্ৰন্থৰ যি আছে তাৰ সত্য সমৰ্থনৰূপে, আৰু তাৰ ওপৰত প্ৰহৰীৰূপে। (আল-মায়দাহ-৪৮)

وَأَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ مِنَ الْكِتَابِ وَمُهَيْمِنًا عَلَيْهِ

 

কোৰআন অৱতাৰণ হোৱাৰ পিছত মানুহৰ বাবে কিয়ামত পৰ্য্যন্ত এই গ্ৰন্থই থাকিব, এতিয়া যি সকলে ঈমান নানিব তেওঁ কাফিৰ হ’ব আৰু কিয়ামতৰ দিনা তেওঁ শাস্তি পাব যেনে আল্লাহ তালাই কৈছে যে-“আৰু যিবিলাকে আমাৰ নিৰ্দেশাৱালীত মিথ্যাৰোপ কৰিছে, শাস্তিয়ে সিহঁতৰ স্পৰ্শ কৰিব, কিয়নো সিহঁতে দুষ্কৃতি কৰি গৈছিল”।(আন-আম-৪৯)

وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا يَمَسُّهُمُ الْعَذَابُ بِمَا كَانُوا يَفْسُقُونَ (49)

 

কোৰআনৰ আজমত

কোৰআনৰ আজমত আৰু যিটো তাত আছে ফাচাহাত ও বালাগত আৰু মুজেজাহ ও নিশ্বানিয়া আৰু ইব্ৰাতসমূহ। যেনে আল্লাহ তালাই কৈছে যে-“আমি যদি এই কোৰআনক কোনোবা পাহাৰৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে তুমি দেখা পালাহেঁতেন আল্লাহৰ ভয়ত সেয়া নত হৈ পৰিছে, ভাঙি চুৰমাৰ হৈ গৈছে আৰু এই উপমা—আমি এইটো জনগণৰ বাবে বিবৃত কৰিছো যাতে সেইসকলে চিন্তা কৰে”।(আল-হাশ্বৰ-২১)

لَوْ أَنْزَلْنَا هَذَا الْقُرْآنَ عَلَى جَبَلٍ لَرَأَيْتَهُ خَاشِعًا مُتَصَدِّعًا مِنْ خَشْيَةِ اللَّهِ وَتِلْكَ الْأَمْثَالُ نَضْرِبُهَا لِلنَّاسِ لَعَلَّهُمْ يَتَفَكَّرُونَ (21)

 

কোৰআনৰ এজাজ

আল্লাহ তালাই জীন আৰু মানুহক এইটো প্ৰত্যাহ্বান কৰিছে যে কোৰআনৰ নিচিনা এটী কিতাপ লৈ আহে নাইবা এটা ছূৰা নাইবা এটা আয়াত সেয়েই মানুহে অক্ষম হৈ পৰিল। যেনে আল্লাহ তালাই কৈছে যে-তুমি কোৱাঁ—যদি মানুহ আৰু জিন সন্মিলিত হৈয়ো এই কোৰআনৰ সমতুল্য কিবা লৈ আহিব বিচাৰে, সিহঁতে ইয়াৰ নিচিনা একোৱে আনিব নোৱাৰে, যদিওবা সিহঁতৰ কোনোবা আন কোনোবাৰ পৃষ্ঠপোষক হয়।(আল-ইছৰা-৮৮)

قُلْ لَئِنِ اجْتَمَعَتِ الْإِنْسُ وَالْجِنُّ عَلَى أَنْ يَأْتُوا بِمِثْلِ هَذَا الْقُرْآنِ لَا يَأْتُونَ بِمِثْلِهِ وَلَوْ كَانَ بَعْضُهُمْ لِبَعْضٍ ظَهِيرًا (88)

 

কোৰআনৰ তবলিগ (প্ৰচাৰ)

কোৰআন কৰীম আচমানী গ্ৰন্থৰ পৰা সবাতোকৈ ডাঙৰ আৰু পৰিপূৰ্ণ গ্ৰন্থ। এই কাৰণেই আল্লাহ তালাই মোহাম্মদ ()ক এই গ্ৰন্থ মানুহৰ ওচৰত প্ৰচাৰ কৰিবলৈ হুকুম দিছে যেনে আল্লাহ তালাই কৈছে-“হে প্ৰিয় ৰাছূল, তোমাৰ প্ৰতিপালকৰ পৰা যি তোমাৰ ওচৰত অৱতীৰ্ণ হৈছে সেইটো প্ৰচাৰ কৰা। আৰু যদি তুমি সেইটো নকৰা তেন্তে তেওঁৰ বাণী তুমি প্ৰচাৰ নকৰিলা। আৰু আল্লহে লোকবিলাকৰ পৰা তোমাক ৰক্ষা কৰিব নিসন্দেহে আল্লাহে অবিশ্বাসী লোকবিলাকক পথ প্ৰদৰ্শন নকৰে”।(আল-মাইদাহ-৬৭)

يَا أَيُّهَا الرَّسُولُ بَلِّغْ مَا أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ وَإِنْ لَمْ تَفْعَلْ فَمَا بَلَّغْتَ رِسَالَتَهُ وَاللَّهُ يَعْصِمُكَ مِنَ النَّاسِ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الْكَافِرِينَ (67)

 

কোৰআন মজীদৰ সংৰক্ষণ

আল্লাহ তালাই কোৰআনৰ সংৰক্ষণ মানুহৰ পথ প্ৰদৰ্শনৰ বাবে নিজৰ দায়িত্বত লৈছে যেনে আল্লাহ তালাই কৈছে-“নিসন্দেহে আমি নিজেই স্মৰক-গ্ৰন্থ অৱতাৰণ কৰিছো, আৰু আমিয়েই ইয়াৰ সংৰক্ষণকাৰী”।(আল-হিজিৰ-৯)

إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ (9)

 

হাদীছৰ অভিধানিক অৰ্থ

হাদীছৰ অভিধানিক অৰ্থ হল নতুন নাইবা নতুন বস্তু

 

হাদীছৰ প্ৰচলিত অৰ্থ

প্ৰত্যেক সেই খবৰ যিটো ৰাছূল()ৰ ফালে কোৱা হয় আৰু যিটো ৰাছূল()ৰ কথা, কাম, তাকৰীৰ, স্বাভাব-চৰিত্ৰ আৰু নিজৰ গুণৰ মাজত অংশীদাৰ।

 

ছূন্নতৰ অভিধানিক অৰ্থ

ৰাস্তা, তৰিকা নাইবা ব্যাকৰণ।

 

ছুন্নতৰ প্ৰচলিত অৰ্থ

(১) محدثین(মহাদ্দিছীন) সকলৰ মাজত ছূন্নত শব্দ,হাদীছৰ একেই অৰ্থ অথচ ৰাছূল ()ৰজীৱনি বুজি পোৱা যায় (২) فقہاء  (ফুকাহা) সকলৰ ওচৰত ছূন্নত শব্দ মানে ফৰজৰ বাহিৰে, ছুন্নত আমলৰ বাবে ব্যৱহাৰ হয়। (৩) اصولیین  (ওচোলিয়িন) সকলৰ ওচৰত ছূন্নত মানে ৰাছূল()ৰ কথা, কাম, তাকৰীৰৰ বাবে খাচ(মখচোচ)

 

হাদীছৰ স্থান ও মৰ্তাবাহ

হাদীছ কোৰআনৰ কোনো হুকুমৰ দৃঢ় কৰে। যেনে নামায, ৰোজা কিম্বা কোৰআনৰ সংক্ষিপ্ত বিষয় পৰিপূৰ্ণ হিচাপে বয়ান কৰে, যেনে নামাযত কিমান ৰাকাত, আৰু জাকাতৰ কিমান পৰিমাণ, আৰু হজৰ নিয়ম ইত্যাদী। কিম্বা এনে হুকুম বয়ান কৰে যিটো কোৰআনে চুপ হৈ আছে যেনে স্ত্ৰী তাইৰ পেহীক আৰু তাইৰ মাহীক একে লগে বিবহা কৰা হাৰাম এইটো হাদীছত উল্লেখ আছে।

 

আল্লাহ তালাই কোৰআনক নিজৰ নবীৰ ওপৰত অৱতিৰ্ণ কৰিছে আৰু মানুহক বয়ান কৰিবলৈ হুকুম দিছে যেনে আল্লাহ তালাই কৈছে-“স্পষ্ট প্ৰমাণাৱলী আৰু যবুৰ লৈ আৰু তোমাৰ ওচৰত আমি অৱতাৰণ কৰিছো স্মাৰক-গ্ৰন্থ, যাতে তুমি মানৱজাতিৰ ওচৰত সুস্পষ্ট কৰি দিব পাৰা যায় সিহঁতৰ ওচৰত অৱতীৰ্ণ হৈছিল, আৰু যাতে সেইসকলে চিন্তা কৰিব পাৰে।(আন-নাহালঃ-৪৪)

بِالْبَيِّنَاتِ وَالزُّبُرِ وَأَنْزَلْنَا إِلَيْكَ الذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ وَلَعَلَّهُمْ يَتَفَكَّرُونَ (44)

 

হাদীছ কোৰআনৰ নিচিনা ৱাহী

ৰাছূল()ৰ হাদীছ আল্লাহ তালাৰ পৰা ৱাহী যেনে আল্লাহ তালাই কৈছে-“তোমালোকৰ সঙ্গীয়ে দোষ-ক্ৰটি নকৰে, আৰু তেওঁ বিপথেও নাযায়,। আৰু তেওঁ ইচ্ছা মতে কোনো কথা নকয়। এইখন প্ৰত্যাদিষ্ট হোৱা প্ৰত্যাদেশবাণী বিনে আন একো নহয়”।(আন-নজমঃ-২,৩,৪)

مَا ضَلَّ صَاحِبُكُمْ وَمَا غَوَى (2) وَمَا يَنْطِقُ عَنِ الْهَوَى (3) إِنْ هُوَ إِلَّا وَحْيٌ يُوحَى (4)

 

আৰু আল্লাহ তালাই মোহাম্মদ()ক দুনীয়াত প্ৰেৰণ কৰাৰ এক মাত্ৰ উদ্দেশ্য হ’ল যে মোহাম্মদ() মানুহক এক আল্লাহৰ উপাসনা কৰিবলৈ দাৱাত দিয়ে আৰু মানুহক জান্নাতৰ সুসংবাদ আৰু জাহান্নামৰ ভয় দেখুৱাই যেনে আল্লাহ তালাই এই বিষয়ে কৈছে যে-“হে প্ৰিয় নৱী আমি নিশ্চয়কৈ তোমাক পঠিয়াইছো এজন সাক্ষীৰূপে, আৰু এজন সুসংবাদদাতাৰূপে, আৰু এজন সতৰ্ককাৰীৰূপে,। আৰু আল্লাহৰ প্ৰতি তেওঁৰ অনুমতক্ৰমে এজন আহ্বায়কৰূপে, আৰু এটি উজ্জ্বল প্ৰদীপৰূপে”। (আল-আহজাবঃ-৪৫-৪৬)

يَا أَيُّهَا النَّبِيُّ إِنَّا أَرْسَلْنَاكَ شَاهِدًا وَمُبَشِّرًا وَنَذِيرًا (45) وَدَاعِيًا إِلَى اللَّهِ بِإِذْنِهِ وَسِرَاجًا مُنِيرًا (46)

 

নবী কৰিম()এই ওম্মতৰ ভাল কামৰ বাবে কল্যাণকামী আছিল যিটো ভাল খবৰ সেইটো ওম্মতক দিবলৈ চেষ্টা কৰিছে আৰু যিটো বেয়া তাৰ পৰা দূৰত থাকিবলৈ অনুৰোধ কৰিছে যেনে আল্লাহ তালাই কৈছে-“এতিয়াতো তোমালোকৰ ওচৰলৈ এজন ৰাছূল আহিছে তোমালোকৰেই মাজৰ পৰা তেওঁৰ পক্ষে ই দঃসহ যিটোৱে তোমালোকক কষ্ট দিয়ে, তোমালোকৰ কাৰণে তেওঁ পৰম কল্যাণকামী, বিশ্বাসীসকলৰ প্ৰতি তেওঁ অতি দয়ালু, বিশেষ কৃপাময়”।(আত-তৌবাহ-১২৮)

لَقَدْ جَاءَكُمْ رَسُولٌ مِنْ أَنْفُسِكُمْ عَزِيزٌ عَلَيْهِ مَا عَنِتُّمْ حَرِيصٌ عَلَيْكُمْ بِالْمُؤْمِنِينَ رَءُوفٌ رَحِيمٌ (128)

 

সকলো আম্বীয়া একমাত্ৰ নিজৰ জাতিৰ ফালে পেৰণ হৈছিল। আৰু আল্লাহ তালাই নিজৰ শেষ নবী মোহাম্মদ()ক সকলো মানুহৰ বাবে ৰাছূল বনাই প্ৰেৰণ কৰিছে। য়েনে আল্লাহ তালাই কৈছে-“আৰু আমি তোমাক পঠোৱা নাই বিশ্বজগতৰ নিমিত্তে এটি কৰুণাস্বৰূপ বিনে”।(আল-আম্বীয়া-১০৭)

وَمَا أَرْسَلْنَاكَ إِلَّا رَحْمَةً لِلْعَالَمِينَ (107)

 

ৰাছূল () ৰঅনুহৰণৱাজীব।

যেতিয়া ৰাছূল() আল্লহৰ প্ৰেৰণ কৰা ৰাছূল আৰু তাক ৱাহী কৰিছে সেয়েই তাৰ আজ্ঞা কৰা ৱাজিব, অথচ ৰাছূল()ৰ আজ্ঞা আল্লাহৰ আজ্ঞা কৰা হ’ব।যেনে আল্লাহ তালাই কৈছে-“যি ৰাছূলৰ আজ্ঞা পালন কৰে তেওঁ অৱশ্যেই আল্লাহৰ আজ্ঞা পালন কৰে। আৰু যি উভতি যায়—আমি তেন্তে তোমাক সিহঁতৰ ওপৰত ৰক্ষাকৰ্তাৰূপে পঠোৱা নাই”।(আন-নিছা-৮০)

مَنْ يُطِعِ الرَّسُولَ فَقَدْ أَطَاعَ اللَّهَ وَمَنْ تَوَلَّى فَمَا أَرْسَلْنَاكَ عَلَيْهِمْ حَفِيظًا (80)

 

আৰু আল্লাহ তালাই ৰাছূল()ৰ উপাসনাই মানুহৰ বাবে সাফল্য ও কৃতকাৰ্য্য আৰু দুনীয়া ও আখেৰাতত লাভমান হ’ব যেনে আল্লাহ তালাই কৈছে-“আৰু যিজনে আল্লাহক আৰু তেওঁৰ ৰাছূলক মানি চলে তেওঁ তেন্তে নিশ্চয় অৰ্জন কৰিছে বিৰাট মুনাফা।(আল-আহজাব-৭১)

يُصْلِحْ لَكُمْ أَعْمَالَكُمْ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ وَمَنْ يُطِعِ اللَّهَ وَرَسُولَهُ فَقَدْ فَازَ فَوْزًا عَظِيمًا (71)

 

আৰু কৈছে-“আৰু আল্লাহ আৰু ৰাছূলৰ প্ৰতি অনুগত হোৱা, যাতে তোমালোকক কৰুণা দেখুৱা হয়”।(আল-ইমৰান-১৩২)

وَأَطِيعُوا اللَّهَ وَالرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ (132)

 

যি ব্যক্তিয়ে আল্লাহ আৰু ৰাছূলক অমান্য কৰে তাৰ লোকচান তাৰ ওপৰতেই যেনে আল্লাহ তালাই কৈছে-“আৰু যি কোনোবাই আল্লাহ আৰু তেওঁৰ ৰাছূলৰ অবাধ্যতা কৰে আৰু তেওঁৰ সীমা লঙঘন কৰে, তাক তেওঁ প্ৰবেশ কৰাব জুইত, তাতে দীৰ্ঘকাল থকাৰ কাৰণে, আৰু তাৰ নিমিত্তে ৰৈছে লাঞ্ছনাদায়ক শাস্তি।(আন-নিছা-১৪)

وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ وَيَتَعَدَّ حُدُودَهُ يُدْخِلْهُ نَارًا خَالِدًا فِيهَا وَلَهُ عَذَابٌ مُهِينٌ (14)

 

আৰু আল্লাহ ও ৰাছূল() যি কোনো বিষয়ে বিচাৰ কৰি দিয়ে পিছত কোনো ব্যক্তিৰ বাবে উচিত নহয় যে কম কৰে,নাইবা এৰি দিয়ে অথচ তাত ঈমান আৰু মানি লোৱা বাধ্যতামূলক,যেনে আল্লাহ তালাই কৈছে –“আৰু এজন মুমিনৰ পক্ষে উচিত নহয় নাইবা এজন মুমিন নাৰীৰো উচিত নহয় যে যেতিয়া আল্লাহ আৰু তেওঁৰ ৰাছূলে কোনো বিষয়ত তেওঁলোকৰ মতামত থাকে আৰু যিয়ে আল্লাহক আৰু তেওঁৰ ৰাছূলক অমান্য কৰে তেন্তে নিশ্চয় বিপথে গৈছে সুস্পষ্ট বিপথ গমনেৰে।(আল-আহজাব-৩৬)

وَمَا كَانَ لِمُؤْمِنٍ وَلَا مُؤْمِنَةٍ إِذَا قَضَى اللَّهُ وَرَسُولُهُ أَمْرًا أَنْ يَكُونَ لَهُمُ الْخِيَرَةُ مِنْ أَمْرِهِمْ وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ فَقَدْ ضَلَّ ضَلَالًا مُبِينًا (36)

 

মোহাব্বতে ৰাছূল ()

বান্দাৰ ঈমান পৰিপূৰ্ণ নহ’ব যেতিয়ালৈকে বান্দা আৰু ৰাছূল()ৰ লগত সত্য মোহাব্বাত(স্নেহ) নহয় আৰু ৰাছূল()ৰ লগত মোহাব্বতৰ বাবে আজ্ঞা দৰকাৰ। যি ব্যক্তিয়ে বিচাৰে যে আল্লাহ তালাই তাৰ পাপ ক্ষমা কৰে সেয়েই ৰাছূল()ৰ আজ্ঞা কৰিবলৈ প্ৰয়োজন। যেনে আল্লাহ তালাই কৈছে-“তুমি কোৱা—তোমালোকে যদি আল্লাহকে ভাল পোৱা তেন্তে তোমালোকে মোক আজ্ঞা কৰা, আল্লাহে তোমালোকক ভাল পাব, আৰু তোমালোকক পৰিত্ৰাণ কৰিব তোমালোকৰ অপৰাধৰ পৰা। কিয়নো আল্লাহ পৰিত্ৰাণকাৰী, অফুৰন্ত ফলদাতা”।(আল-ইমৰান-৩১)

قُلْ إِنْ كُنْتُمْ تُحِبُّونَ اللَّهَ فَاتَّبِعُونِي يُحْبِبْكُمُ اللَّهُ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ وَاللَّهُ غَفُورٌ رَحِيمٌ (31)

 

ৰাছূল()ৰ লগত মোহাব্বাত মাত্ৰ কথাত নহয় তদুপৰিও এইটা এটা আকীদাহ আৰু ৰীতি-নীতি। যাৰ অৰ্থ হ’ল নবী()ৰ হুকুমৰ আজ্ঞা আৰু যিটো আদেশ দিছে তাক প্ৰমান কৰা আৰু যাৰ পৰা বিৰত ৰাখিছে তাৰ পৰা দূৰত থকা এইটো হ’ব সত্য আৰু প্ৰকৃত মোহাব্বাত।

 

যেতিয়া আল্লাহ তালাই নিজৰ দ্বীন সম্পুৰ্ণ কৰি দিলে আৰু ৰাছূল() নিজৰ কৰ্তব্য পালন কৰিলে যে ইছলাম ধৰ্ম মানুহৰ ওচৰত সম্পুৰ্ণ কৰিলে সেয়েই আল্লাহ তালাই সেই সময়ত দুনীয়াৰ পৰা উঠাই লৈছে আৰু ৰাছূল() নিজৰ জাতিৰ বাবে পাক-পবিত্ৰ ধৰ্ম দি থৈ গৈছে যেনে আল্লাহ তালাই কৈছে-“আজিৰ দিনা মই তোমালোকৰ নিমিত্তে তোমালোকৰ ধৰ্মব্যৱস্থা পূৰ্ণাঙ্গ কৰিলো, আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো, আৰু তোমালোকৰ কাৰণে ইছলামকেই ধৰ্মৰূপে মনোনীত কৰিলো”।(আল-মাইদাহ-৩)

الْيَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الْإِسْلَامَ دِينًا

 

ইনকাৰে হাদীছ কাফিৰ আৰু (মৰ্তদ ) ধৰ্মত্যগী

ইমান ছুয়ুতী (رحمہ اللہ) কয় যে আল্লাহ তালাই সেই সকলৰ ওপৰত ৰহম কৰে যে, যি ব্যক্তি ৰাছূল()ৰ হাদীছ যিটো হাদীছৰ ৰীতি-নীতি মতে প্ৰমান হৈছে সেই হাদীছটো অমান্য (ইনকাৰ) কৰিলে তেওঁ কাফিৰ হব আৰু ইছলামৰ পৰা ওলাই যাব।(مفتاح الجنۃ فی الاحتجاج بالسنۃ۔۵)

 

শ্বেইখুল ইছলাম ইবনে তাইমিয়া কয় (ইতাআত আৰু ইত্তেবাহ ৱালে আয়াত পাঠ কৰাৰ পিছত) এই আয়াত ৰাছূল()ৰ আজ্ঞা কৰাৰ ৱাজিব কৰে যিহেতু নবী()কৈছে আৰু সেই বিলাক আল্লাহৰ গ্ৰন্থত নাই।

 

আমাৰ ওপৰত ৱাজীব যে আমি আল্লাহৰ কিতাপৰ আজ্ঞা কৰো আৰু ৰাছূল()ৰ আজ্ঞা কৰো। আৰু এই দুইৰ পৰা একৰ উপাসনা দুইৰ উপাসনা হয় কিয়নো ৰাছূল()আল্লাহৰ কিাতাপৰ আজ্ঞা আৰু প্ৰচাৰ কৰিছে আৰু আল্লাহ কিতাপে ৰাছূল()ৰ আজ্ঞা কৰিবলৈ কৈছে। আল্লাহৰ কিতাপ আৰু ৰাছূল() কোনো সময়ত বেলেগ হ’ব নোৱাৰে,যেনে আল্লাহৰ কিতাপত কোনো ধৰণৰ মতভেদ নাই যেনে আল্লাহ তালাই কৈছে-“যদি এই গ্ৰন্থ আল্লহৰ বাহিৰে বেলেগ কোনোবাৰ পৰা হলেহেতেন তেন্তে তোমালোকে নানা ধৰণৰ মতভেদ পালাহেতেন”।(আন-নিছা-৮২)

أَفَلَا يَتَدَبَّرُونَ الْقُرْآنَ وَلَوْ كَانَ مِنْ عِنْدِ غَيْرِ اللَّهِ لَوَجَدُوا فِيهِ اخْتِلَافًا كَثِيرًا (82)

 

আৰু অনেক আহাদীছ আছে যিবিলাক আল্লাহৰ কিতাপ আৰু ৰাছূল()ৰ আজ্ঞা কৰিবলৈ আদেশ দিছে যেনে ৰাছূল() কৈছে- তোমালোকৰ ওচৰত যদি কোনো জামেলা আহে যাৰ বিষয়ে মই হুকুম দিছো নাইবা বাধা দিছো আৰু তোমালোকে কোৱা যে আমাক আল্লাহৰ কিতাপ যথেষ্ট, যে তাত যিটো হালাল আছে সেইটো হালাল আৰু যিটো হাৰাম আছে সেইটো হাৰাম । (শুনা)সাবধান মোক আল্লাহৰ গ্ৰন্থৰ লগত আৰু এটা বস্তু দিয়া হৈছে । সাবধান সেইটো কোৰআনৰ নিচিনা নাইবা তাত কৈ বেছি।

 

জাবিৰ বিন আব্দুল্লাহৰ পৰা বৰ্ণিত আছে যে ৰাছূল() হজ্জাতুল ৱাদা্ৰ সময়ত কৈছিল আমি তোমাক এক এনেকোৱা বস্তু এৰি থৈ আছো যাক যদি তোমালোকে দৃঢ়কৈ সামুৰি ৰখা তেন্তে তোমালোক পথভ্ৰষ্ট নহবা। সেইটো হ’ল আল্লাহৰ কিতাপ। আৰু এটা বৰ্ণিত আছে যে সেইটো হ’ল মোৰ ছু্ন্নত(হাদীছ)

 

আৰু ৰাছূল()ৰ ছূন্নত কোৰআনৰ তফছীৰ হয় যেনে যাকাতৰ পৰিমান, আৰু মানাছিকে হজ আৰু বাইতুল্লাহৰ তৱাফৰ গণনা ইত্যাদি হাদিছত বয়ান আছে।

 

সকলোমুছলমান এই কথাত একমত যে ৰাছূল()ৰ হাদীছৰ আজ্ঞা কৰা ৱাজীব। কিন্তু কিছুমান হাদীছৰ বিষয়ে কল্পনা হয় যে কোৰআনৰ বাহিৰে নাইবা কোৰআনৰ পৰা অধিক হৈ আছে যেনে চুৰি কৰিলে হাত কটা, বিয়া পতা মানুহে জিনা কৰিলে হত্যা কৰা কিন্তু এই সকলোবোৰ বস্তু হাদীছত আছে আৰু চাহাবা ও তাবীয়িন সকলে এই বিষয় ৱাজিব কৰিছে।

 

হাদীছৰ সংৰক্ষণ

আল্লাহ তালাৰ কৰুণাৰ কাৰণে চাহাবাসকলে ৰাছূল()ৰ হাদীছ মূখস্ত ৰাখিছে আৰু তাৰ পাচত নেককাৰী লোকসকলে আহি হাদীছ লিখি কিতাপ বনাইছে যি ছিহাহ, ছূনান, আৰু মাছানীদৰ নামত জনা যায়। তাৰ ভিতৰত সভাতোকৈ উত্তম বুখাৰী, মুছলিম আৰু বাকীবোৰও কিতাপ শুদ্ধ আছে।

 

আল্লাহ তালাই নিজৰ দ্বীন পৰিপূৰ্ণ কৰি দিলে, আৰু ৰাছূল()যি ভাল কথা উম্মতক (জাতিক) কৈছে আৰু তাত যিটো বেয়া বস্তু তাৰ পৰা দূৰত থাকিবলৈ কৈছে আৰু যিটো ভাল বস্তু সেইটো কৰিবলৈ আদেশ দিছে। কিন্তু আল্লাহ তালাহৰ দ্বীনত কোনো বিদ-আত (নতুন বস্তু) দুষ্টামি আৱিষ্কাৰ কৰিলে এই সকলোবোৰ বস্তু পাপ হ’ব। আৰু বহুত উদাহৰণ আছে যে মৃত্যু মানুহৰ পৰা কোনো বস্তু খোজা, কবৰ তৱাফ কৰা, জিন সকলৰ পৰা সহায় খোজা, আৰু আওলিয়া সকলৰ পৰা সহায় খোজা এই সকলোবোৰ কাম ইছলামৰ বাহিৰে হয়, আৰু এই বিষয়ে ৰাছূল()কৈছে যিয়ে আমাৰ দ্বীনত কোনো নতুন বস্তু আবিষ্কাৰ কৰিলে যিটো মোৰ দ্বীনত নাই সেইটো বাতিল (মৰদোদ) হ’ব। (মুছলিমঃ-১৭১৮)

 

লিখিত হাদীছ

ৰাছূল()সৰ্বপ্ৰথমে হদীছ মুখস্ত কৰিবলৈ কৈছিল আৰু লিখাৰ পৰা বিৰত ৰাখিছিল। আবু ছাইদ খুদৰী (رضی اللہ عنہ)ৰ পৰা বৰ্ণিত আছে যে ৰাছূল () কৈছে মোৰ পৰা একো বস্তু নিলিখিবা যদি কোনোৱে কোৰআনৰ বাহিৰে কোনো বস্তু লিখে তেন্তে সেইটো মুচি দিয়া যেন। মোৰ পৰা হাদীছ বয়ান কৰিবা কোনো কথা নহয় কিন্তু যদি কোনোৱাই মোৰ ওপৰত জানি-বুজি মিছা (জোট) কয় তেওঁ যেন নিজৰ স্থান জাহান্নামত বনায় লয়।

 

ৰাছূল()ৰ শেষ হুকুম

ৰাছূল()পিছত হুকুম দিলে লিখিবলৈ যেনে আব্দুল্লাহ বিন মাছউদ (رضی اللہ عنہ) পৰা বৰ্ণিত আছে যে ৰাছূল () কৈছে—আল্লাহ তালাই সেইসকলক ফুৰ্তিত ৰাখে, যি সকলে মোৰ কথা শুনে আৰু মুখস্ত কৰে আৰু সংৰক্ষণকৰে আৰু বেলেগক প্ৰাচাৰ কৰে। (তিৰমিজী)আকৌ ৰাছূল() কৈছে—মোৰ ওচৰত লিখিবলৈ বস্তু লৈ আহা যে মই তোমালোকক এনেকোৱা কথা কম যাৰ পিছত তোমালোক পথভ্ৰষ্ট নহ’বা।(বুখাৰী)

 

লিখিত হাদীছৰ বিষয়ে আয়ইম্মা সকলৰ কথা

হাফিজ ইবনে হাজৰ (رحمۃ اللہ علیہ) কয় যে নিষেধ, ইছলাম আৰম্ভনীৰ কালত আছিল আৰু আদেশ হৈছে তাৰ অনুমতি।

 

ইমাম ইবনে জওজি (رحمۃ اللہ علیہ) কয় যে ৰাছূল()প্ৰথমে প্ৰথমে অৱস্থাত লিখিবলৈ অনুমতি নিদিলে পিছত অনুমতি দিলে।

 

ইমাম ইবনে কুতাইবাহ (رحمۃ اللہ علیہ) কয় যে ৰাছূল()প্ৰথমে প্ৰথমে লিখিবলৈ নিষেধ কৰিছিল আকৌ পাচত লিখিবলৈ অনুমতি দিলে। (তাৱীলু মখতালিফুল হাদীছ)

 

আৰু চোৱা

ইছলাম, ঈমান, কোৰআন, ৱাহী, হাদীছ ইত্যাদি।

 

হাৱালা সমূহ

কিতাপ ওচোলুদ্দিন আল ইছলামী—শ্বেখ মোহাম্মদ বিন ইব্ৰাহীম আত্তও জিৰী.

354 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page