আল্লাহৰ গ্ৰন্থৰ ওপৰত ঈমান


নামায ইছলাম ধৰ্মৰ দিত্বীয় গুৰত্ব পূৰ্ণ ভেটী যিটো দিন ৰাতি পাচঁ বাৰ পাচঁ ওৱাক্ত ফৰজ । নামায আল্লাহু তালাহ আৰু বান্ধাৰ মাজত এটা দোৱাৰ  জৰিয়া, ইছলাম ধৰ্মত নামায বহুত দৰকাৰী বেটী । এই  আমল সমূহ সকলো ইবাদতৰ একমাত্ৰ উ কৃষ্ট ইবাদত। যিটো আৰবী ভাষাত আদায় হয়। 

 

সূচীপত্ৰ

 

কোৰান

আল্লাহু তালাহ কৈছে যে, “আমিতো আমাৰ ৰছূলসকলক পঠিয়াই দিছিলো সুস্পষ্ট প্ৰমাণাদিৰে, আৰু তেওঁলোকৰ লগত আমি অৱদাৰণ কৰিছিলো ধৰ্মগ্ৰন্থ আৰু মানদণ্ড, যাতে মানুহবিলাকে ন্যায়বিচাৰ প্ৰতিষ্ঠা কৰিব পাৰে, আৰু আমি লোহা পঠাইছো য’ত আছে বিৰাট শক্তি আৰু মানুহৰ বাবে উপকাৰিতা, আৰু যেন আল্লাহে জানিব পাৰে কোনে তেওঁক আৰু তেওঁৰ ৰছূলসকলক অগোচৰতো সাহায্য কৰে। নিশ্চয় আল্লাহ মহবলীয়ান, মহাশক্তশালী”।(ছূৰা-হাদীদ-২৫)

 

আুৰ কৈছে যে, “সেই মুছলিমসকল তোমালোকে কোৱা আমি আল্লাহত ঈমান আনিছো, আৰু তাত যি আমাৰ প্ৰতি নাযিল হৈছে, আৰু যি নাযিল হৈছে ইব্ৰাহীম (আঃ)ক আৰু যি দিয়া হৈছিল সকলো নবীক তেওঁলোকৰ প্ৰভুৰ পৰা। আমি তেওঁলোকৰ কোনো এজনৰ মাজতো পাৰ্থক্য নকৰো যে আৰু আমি তেওঁৰেই ওচৰত মুছলিম হৈছো”। (ছূৰা-বাক্বাৰাহ-১৩৬)

 

আৰু কৈছে যে, “মই বিশ্বাস কৰো তাত যি আল্লাহে অৱতাৰণ কৰিছে”(ছূৰা-শ্বুৰা-১৫)

 

অৱতাৰণ কৰা কতিপ সমূহ

যিটো কোৰানত উল্ল্যখ আছে যে, ছুহুফে ইব্ৰাহীম, তওৰাত, ঝাবোৰ, ইণ্ঞ্জীল, কোৰান

 

ছুহুফে ইব্ৰাহীম

এই কিতাপ ইব্ৰাহীম (আঃ)ৰ ওপৰ নাযিল হৈছিল যেনে আল্লাহ তালাহ কয় যে, “নিশ্চয় (দুনিয়া আৰু আখেৰাত সম্পৰ্কে এইবোৰ আছে পূৰ্বৱৰ্তী ঊলা গ্ৰন্থতো । ইব্ৰাহীমৰ আৰু মূছা (আঃ)-ৰ ধৰ্মগ্ৰন্থত”।(ছূৰা-আলা-১৯)

 

তওৰাত

এই গ্ৰন্থ মূছা (আঃ)-ৰ ওপৰ নাযিল হৈছিল। যেনে আল্লাহু তালাহ কৈছে যে, “নিসন্দেহে আমি অৱদাৰণ কৰিছো তওৰাত, য’ত ৰৈছে পথপ্ৰদৰ্শন আৰু দীপ্তি। ইয়াৰ দ্ধাৰা নবীসকলে, যিসকলে ইছলাম অনুসৰণ কৰিছিলে, বিধান দিছিলে সিহঁতক যিবিলাকে ইহুদীয় মত পোষণ কৰে, আৰু ৰব্বিসকলেও, আৰু পুৰোহিতবিলাকেও আল্লাহৰ কিতাপৰ যি সিহঁতে সংৰক্ষণ কৰিছে তাৰ দ্ধাৰা, আৰু সিহঁত সেইবিলাকৰ সাক্ষী আছিল। সেইকাৰণে তোমালোকে লোকজনক ভয় নকৰিবা, বৰং ভয় কৰা আমাক, আৰু আমাৰ বাণীসমূহৰ কাৰণে অল্প মূল্য কামাৱলৈ নযাবা। আৰু যিবিলাকে বিচাৰ নকৰে আল্লাহে যি অৱতাৰণ কৰিছে তাৰ দ্ধাৰা, শিহঁত তেন্তে নিজেই অবিশ্বাসী”।(ছূৰা-আল মাইদাহ-৪৪)

 

ঝাবোৰ

ই গ্ৰন্থ দাউদ (আঃ)-ৰ ওপৰ নাযিল হৈছিল। যেনে আল্লাহু তালাহ কৈছে যে, “আৰু আমি দাউদ (আঃ)ক দিছিলো ঝাবোৰ”।(ছূৰা-আন নিছা-১৬৩)

 

ইণ্ঞ্জীল

এই গ্ৰন্থ ঈছা বিন মাৰয়ম (আঃ)ৰ ওপৰ নাযিল হৈছিল। যেনে আল্লাহু তালাহ কৈছে যে, “আৰু আমি সিহঁতৰ পিচে পিচে আমি পঠিয়াইছিলো মাৰয়মৰ-পুত্ৰ ঈছা (আঃ)ক তেওঁৰ আগতে তওৰাতত যি আছিল তাৰ সত্যসমৰ্থনকাৰীৰূপে, আৰু তেওঁক আমি দিছিলো ইণ্ঞ্জীল য’ত ৰৈছে, পথপ্ৰদৰ্শন আৰু দীপ্তি ইয়াৰ আগতে তওৰাতত যি আছিল তাৰ সত্যসমৰ্থনৰূপে, আৰু পথপ্ৰদৰ্শন আৰু উপদেশ ধৰ্মপৰায়ণসকলৰ কাৰণে”।(ছূৰা-আল মাইদাহ-৪৬)

 

কোৰান

কোৰানৰ বিষয়ে তলত দিয়া আদেশ বিলাকত ঈমান ৰাখিব লাগিব।

 

১.  ঈমান(বিশ্বাস)ৰখা যে কোৰান মাজীত আল্লাহৰ বানী, যিটো আল্লাহু তালাহ জিব্ৰীলৰ দ্ধাৰা মুহাম্মদ (ছাঃ)ৰ ওপৰ আৰবী ভাষাত নাযিল কৰিছে। যেনে আল্লাহু তালাহ কৈছে যে, “ৰুহুল আমীনে (জিব্ৰীলে) ইয়াক লৈ অৱতৰণ কৰিছে-­। তোমাৰ অন্তৰত, যাতে তুমি সতৰ্ককাৰীসকলৰ অন্যতম হব পাৰা-।সুস্পষ্ট আৰবী ভাষাত”।(ছূৰা-শ্বুআৰা-১৯৩-১৯৫)

 

২. আল্লাহু তালাৰ শেষ গ্ৰান্থ কোৰান মাজীদ যিটো মানুহৰ কাৰণে নাযিল কৰা হৈছে আৰু আল্লাহৰ আগৰ  গ্ৰান্থক সত্যসমৰ্থনৰূপ কৰে যে আল্লাহ এক, আৰু উপাহনাৰ যোগ্য একমাত্ৰ আল্লাহু তালায়েই আৰু কোৰান মাজীদ সকোলো গ্ৰান্থক মনছোখ(ব্যৰ্থ,নিষ্ফল)কৰে । যেনে আল্লাহু তালাহ কৈছে যে, “তেওঁ তোমাৰ ওচৰত এই কিতাপ অৱতাৰণ কৰিছে সত্যৰ সৈতে, ইয়াৰ আগেয়ে যি আহিছিল তাৰ সত্য অৱতাৰণ কৰিছিলে-। ইয়াৰ আগতে মানুহৰ নিমিত্তে পথনিৰ্দেশৰূপে, আৰু তেওঁ অৱতাৰণ কৰিছে এই ফুৰকান, বস্তুতঃ যিসকলে অবিশ্বাস কৰে আল্লাহৰ বাণীসমূহত, সিহঁতৰ কাৰণে ৰৈছে ভয়ঙ্কৰ শাস্তি আৰু আল্লাহ মহাশক্তিশালী, প্ৰতিফল দানত সুসমৰ্থ”।(ছূৰা-আল ইমৰান-৩-৪)

 

৩. কোৰান মাজীদত আল্লাহৰ সকোলো কানোন(নিয়ম নীতি)ৰ বিৱাৰণ আছে । যেনে আল্লাহ তালাহ কয় যে, “আজিৰ দিনা মই তোমালোকৰ নিমিত্তে তোমালোকৰ ধৰ্মব্যৱস্থা পূৰণাঙ্গ কৰিলো আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো, আৰু তোমালোকৰ কাৰণে ইছলামকেই ধৰ্মৰূপে মনোনীত কৰিলো । এতেকে যি কোনোবাই ক্ষুধাৰ তাড়ানাত বাধ্য হয় পাপৰ ফালে আকৃষ্ট নহৈ- তেন্তে প্ৰকৃততে আল্লাহ হৈছে পৰিত্ৰাণকাৰী, অফুৰন্ত ফলদাতা”।(ছূৰা-আল মাইদাহ-৩)

 

৪. আল্লাহৰ বাণী কোৰান মাজীদ সকোলো মানুহৰ জন্য নাযিল কৰিছে, কোনো নিৰ্দ্দিষ্ট জাতিৰ জন্য নহয়। যেনে আল্লাহ তালাহ কয় যে, “ৰমযান মাহ এইটো য’ত কোৰান নাযিল হৈছিল, মানৱজাতিৰ কাৰণে পথপ্ৰদৰ্শকস্বৰূপে আৰু পথনিৰ্দেশৰ স্পষ্ট প্ৰমাণৰূপে, আৰু ফুৰকান”(ছূৰা-বাক্বাৰাহ-১৮৫)

 

৫. আল্লাহু তালাহ কোৰান মাজীদক নিজেয় সংৰক্ষণ কৰাৰ দ্ধায়িত্ব লৈছে যেনে আল্লাহ তালাহ কয় যে, “নিসন্দেহে আমি নিজেই স্মাৰক-গ্ৰন্থ অৱতাৰণ কৰিছো, আৰু আমিয়েই ইয়াৰ সংৰক্ষণকাৰী”।(ছূৰা-হিজৰ-৯)

 

আল্লাহৰ কিতাপসমূহৰ ওপৰ ঈমান ৰখাৰ লাভ

১. আমাৰ জানিব লাগে যে, আল্লাহু তালাহ নিজৰ বান্ধাৰ ওপৰত কিমান যে দয়ালো হেদায়তৰ সকোলো বস্তু কোৰানত ৰাখি নাযিল কৰিছে আৰু শ্বয়তানৰ পৰা দূৰত ৰাখিছে ।

 

২. এই কোৰানত সকোলো নিয়ম নীতি প্ৰত্যক যোগৰ বাবে ৰাখি থৈছে।

 

৩. আৰু এটা লাভ, ঈমান আৰু কাফিৰৰ মাজত পাৰ্থক্য পোৱা যায় যে, কোনে আল্লাহৰ গ্ৰন্থত ঈমান আনে আৰু কোনে অমান্য কৰে ।

 

৪. যদি কোৰানত ঈমান আনে তেনেহ’লে আল্লাহু তালাহ ঈমান আৰু নেকী বেছি কৰি দিয়ে, যেনে আল্লাহু তালাহ কয় যে, “যিসকলৰ ওচৰত আমি ইয়াৰ আগতে ধৰ্মগ্ৰন্থ দিছিলো সেইসকলে স্বয়ং ইয়াত বিশ্বাস কৰে”। (ছূৰা-ক্বাস্বাস্ব-৫২)

 

আৰু চোৱা

আল্লাহৰ ওপৰ ঈমান, কোৰান, ঈমান, তওৰাত, ৱাহী ইত্যাদি

 

হৱালা সমূহ

শ্বৰহু ওচোলুল ঈমান (মোহাম্মদ চালেহ আল উছাইমিন)

324 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page